দেৱব্ৰত দাস, সহাইসুলি ব্রহ্মলৈ সাহিত্য অকাদেমি বঁটা

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ সাহিত্য ক্ষেত্ৰলৈ পুনৰ সু-খবৰ। অসমৰ দুই সাহিত্যিকলৈ আগবঢ়োৱা হৈছে সন্মানীয় সাহিত্য অকাদেমি বঁটা। অসমীয়া ভাষাৰ বাবে গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক দেৱব্ৰত দাস আৰু বড়ো ভাষাৰ বাবে সহাইসুলি ব্ৰহ্মই লাভ কৰে দেশৰ সাহিত্য ক্ষেত্ৰৰ অন্যতম সন্মানীয় বঁটা। 

উল্লেখযোগ্য যে কালি সাহিত্য অকাদেমিয়ে ২০২৫ বৰ্ষৰ মূল বঁটা ঘোষণা কৰে। দেশৰ বিভিন্ন ভাষাৰ মুঠ ২৪ গৰাকী সাহিত্যিকলৈ সাহিত্যিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মানীয় সাহিত্য অকাদেমি বঁটা আগবঢ়ায়। এই বৰেণ্য সাহিত্যিকসকলৰ ভিতৰত অসমৰ দুই সাহিত্যিক দেৱব্ৰত দাস আৰু সহাইসুলি ব্রহ্মকো নির্বাচিত কৰা হয়। 

অসমীয়া ভাষাত এইবাৰ সাহিত্য অকাদেমি বঁটা লাভ কৰিছে 'কড়ি খেলাৰ সাধু' নামৰ উপন্যাসখনৰ বাবে দেবব্রত দাসে। উপন্যাসখন ২০২১ চনত প্রথম প্রকাশ পাইছিল। আনহাতে, বড়ো ভাষাত সাহিত্য অকাদেমি বঁটা লাভ কৰিছে সহাইসুলি ব্ৰহ্মই। তেওঁ 'দৌংনৈ লামাঃ মৌনসে গাথৌন' নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে। উপন্যাসখন ২০২০ চনত প্রথম প্রকাশ পাইছিল। 

উল্লেখযোগ্য যে এইবাৰ সাহিত্য অকাদেমিৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত ২৪টা ভাৰতীয় ভাষাৰ ভিতৰত ৮খন কাব্যগ্রন্থ, ৪খন উপন্যাস, ৬ খন চুটিগল্প সংকলন, ২ খন প্রবন্ধ সংকলন, ১খন সাহিত্য সমালোচনা, ১খন আত্মজীৱনী আৰু ২খন স্মৃতি লেখা আছে। অহা ৩১ মার্চত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত সকলোকে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাৰ সৈতে নগদ ১ লাখ টকাৰ লগতে তাম্ৰপত্ৰ আৰু অংগবস্ত্র প্রদান কৰা হয়। 

উল্লেখযোগ্য যে অসমীয়া ভাষাৰ বাবে জুৰী মণ্ডলীত আছিল অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি বৰা, অধ্যাপক দীনেশ বৈশ্য আৰু ড° ৰঞ্জনা ভট্টাচার্য। আনহাতে, বড়ো ভাষাৰ জুৰী মণ্ডলীত আছিল ড° দেৱকান্ত ৰামচিয়াৰী, ৰাখাও বসুমতাৰী আৰু ড° সীমাশ্রী বসুমতাৰী। ১৯৫০ চনৰ ৩ জানুৱাৰীত গুৱাহাটীত জন্মগ্রহণ কৰা দেৱব্ৰত দাস পেছাত ভাৰতীয় ৰিজার্ভ বেংকৰ বিষয়া আছিল। 'হিয়াৰ পখিলাবোৰ' শীর্ষক লেখাৰে জনপ্রিয়তা অর্জন কৰা দেৱব্ৰত দাস এগৰাকী - গল্পকাৰ, ঔপন্যাসিক আৰু স্তম্ভলেখক। 

১৯৮১ চনত দাসৰ প্ৰথমখন গল্প-সংকলন 'অর্পিতাৰ এৰাতি' প্রকাশ পায়। দেৱব্ৰত দাসৰ সৃষ্টিৰাজিৰ মাজৰ - গল্প-সংকলনসমূহ হ'ল অর্পিতাৰ এৰাতি (১৯৮১), হয়তোবা ভেশছন আৰু অন্যান্য গল্প (১৯৮৭), বিষয় মূলতঃ প্রেম (১৯৯৫), নিৰ্মালীৰ প্ৰেম (২০০২), - দেৱব্ৰত দাসৰ নিৰ্বাচিত গল্প (২০০৭), ৰাতিপুৱালৈ (২০১১), ৰাজহাঁহৰ - গান (২০২২)। আনহাতে তেওঁৰ উপন্যাসসমূহ হ'ল গধূলিৰ পৰা গধূলিলৈ (১৯৮৩), মধ্যান্তৰ (১৯৯৩), পুতলা নাচৰ সাধু (১৯৯৫), ধূসৰতাৰ কাব্য (২০০৫), কড়ি খেলাৰ সাধু (২০২২)। উপন্যাসিকাসমূহ হ'ল মৃগয়া, নিঠুৰ মৃগয়া (১৯৯৩), গান, গোলাপ আৰু কাঁইটৰ কথা (১৯৯৩), দূৰলৈ নেযাবা কাবেৰী (১৯৯৩), দুৱাৰদলিৰ সময় (১৯৯৩), সপোনৰ দৰে দিঠকৰ দৰে (১৯৯৫), বৰষাৰ প্ৰথম সুবাস (১৯৯৬), পূজাৰ অসুখ (২০০৯)। বঁটা লাভৰ পাছত প্রতিক্রিয়া প্রকাশ কৰি বিশিষ্ট সাহিত্যিক দেৱব্ৰত দাসে কয় যে এই বঁটা পূর্বেই লাভ কৰিব লাগিছিল। শেহতীয়াকৈ তেওঁ লিখা-মেলা বন্ধ কৰি দিয়াৰ কথা সদৰী কৰি পলমকৈ হ'লেও এই বঁটা লাভ কৰি সুখী হোৱা বুলি কয়। তেওঁ পুৰস্কাৰৰ বাবে লিখা নাই বুলি উল্লেখ কৰি মানুহে ভাল পায় বাবেহে লিখি থাকে বুলি কয়। তেওঁ অন্য লেখাতকৈ হিয়াৰ পখিলাবোৰ লিখি অধিক ভাল পায় বুলিও কয়। তেওঁৰ গল্পতকৈ হিয়াৰ পখিলাবোৰে মানুহক অধিক আকৰ্ষিত কৰিব পৰিছিল বুলিও কয়। ইফালে বড়ো ভাষাৰ বিশিষ্ট লেখিকা সহাইসুলি ব্রহ্মই বঁটা লাভ কৰাৰ খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰা বুলি প্রকাশ কৰে। এই বঁটাই তেওঁক বড়ো সাহিত্য ক্ষেত্রখনক অধিক আগবঢ়াই লৈ যোৱাত উৎসাহ যোগোৱা বুলিও কয়। 

নৱম শ্ৰেণীৰপৰাই সৃষ্টিশীল ৰচনা আৰম্ভ কৰাৰ কথা সদৰী কৰি তেওঁ ২০০৩ চনত প্রথমখন কিতাপ প্রকাশ পোৱা বুলি কয়। মাজতে ব্যক্তিগত সমস্যাৰ বাবে দীর্ঘদিনধৰি সাহিত্য চৰ্চাৰপৰা আঁতৰি থাকিবলগীয়া হৈছিল যদিও ২০১৮ চনৰপৰা একেৰাহে সাহিত্য চর্চা অব্যাহত ৰখা বুলিও তেওঁ কয়।

Share This