ভাৰতীয় শ্বেয়াৰ বজাৰত বি এছ ইৰ ছেনছেক্স, এন এছ ইৰ নিফটিৰ উত্থান

dainik janambhumi November 06, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰে বৃহস্পতিবাৰে বি এছ ইৰ ছেনছেক্সৰ প্ৰায় ২,০০৯ পইণ্ট (২.৬ শতাংশ) উত্থান আৰু এন এছ ইৰ নিফটিৰ ৫৭৬ (২.৪০ শতাংশ) পইণ্ট উত্থানেৰে বিনিয়োগকাৰীৰ বাবে আগতীয়া দেৱালীৰ উপহাৰ লৈ আহে। এই উত্থানৰ ফলত ব'ম্বে ষ্টক এক্সচেঞ্জ (বি এছ ই) আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এন এছ ই) বিনিয়োগকাৰীৰ প্ৰায় ৮.২০ লাখ কোটিৰ লাভ হয় আৰু ই আছিল যোৱা ৭ মাহত এদিনতে হোৱা বৃহত্তম লাভ।

বৃহস্পতিবাৰে ছেনছেক্স ২,০০৮.৬১ পইণ্টৰ উত্থান ঘটি ৭৬,৩১০.০১ত বন্ধ হয়। দিনটোৰ ব্যৱসায়ৰ সময়ত ছেনছেক্সৰ ২,১৬৮.৬৩ পইণ্ট উত্থান ঘটি ৭৯,৪৭০.০৩ হৈছিলগৈ। তেনেদৰে নিফটিৰ ৫৭৬ পইণ্ট উত্থান ঘটি ২৪,৫৩৬.৬০ত বন্ধ হয়। ইফালে ৩০ শ্বেয়াৰৰ বি এছ ইত লাভৱান হোৱাবোৰৰ ভিতৰত আছে বাজাজ ফাইনেন্স (৭.৭৭ শতাংশ), ইণ্টাৰগ্ল'ব এভিয়েশ্যন (৫.৮০ শতাংশ), আই চি আই চি আই বেংক (৫.২৯ শতাংশ), মাৰুতি (৫.২৮ শতাংশ), মহিন্দ্রা এণ্ড মহিন্দ্রা (৫.১৫ শতাংশ) আৰু বাজাজ ফিনছার্ভ (৪.৬৬ শতাংশ)। 

আনহাতে পিছপৰা কোম্পানীবোৰৰ ভিতৰত আছে এন টি পি চি, ভাৰত ইলেক্ট্রনিক্‌ছ, আদানি প'ৰ্টছ আৰু আই টি চি। বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰৰ উত্থানৰ কাৰণবোৰ হৈছে, খাৰুৱা তেলৰ দাম হ্রাস পোৱা, বিদেশী বিনিয়োগকাৰীয়ে শ্বেয়াৰ ক্ৰয় বৃদ্ধি কৰা, আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ সংসদৰ দুয়োখন সদনতে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে বিশ্বজুৰি আশাৰ পৰিৱেশ অহা, টকাৰ মূল্য দুসপ্তাহৰ ভিতৰত আটাইতকৈ বেছি বৃদ্ধি পোৱা আদি। 

বৃহস্পতিবাৰে ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য কালিতকৈ ০.৩ শতাংশ উত্থান ঘটি প্রতি ডলাৰত ৯৪.৩৫ হয়। কালি বুধবাৰে ডলাৰৰ তুলনাত টকাৰ মূল্য আছিল ৯৫.৬৪। ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্রতি বেৰেলত ৯৫ ডলাৰতকৈ কম হয়। আনহাতে ইউ এছ ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ দাম প্রতি বেৰেলত ৯০ ডলাৰতকৈ কম হয়।

Share This