এন ডি আৰ এফ শিতানত ধন প্রদানত বছৰে বছৰে বঞ্চনা, ৫ বছৰত কেন্দ্ৰই অসমক দিলে মাত্র ৩২৯.৩৯ কোটি টকাৰ বান সাহায্য

dainik janambhumi July 01, 2026

ডিজিটেল ডেস্ক : প্ৰতি বছৰে বানে অসমক ধুই নিয়ে। উজনিৰ পৰা নামনিলৈকে বানত হাজাৰ হাজাৰ কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতি হয়। এইবাৰো বাৰিষাৰ প্রথমটো বানতেই জোনাইত বলিয়া বানে তাণ্ডৱৰ সৃষ্টি কৰিছে। 

অৰুণাচলৰ পৰা নামি অহা পানীয়ে সহস্রাধিক লোকৰ খেতি পথাৰকে ধৰি ঘৰ-দুৱাৰ ধ্বংস কৰিছে। এনে পৰিস্থিতিত ক্ষতিগ্রস্ত সকলোৱে সহায়ৰ বাবে ৰাজ্য চৰকাৰৰ মুখলৈ চাই আছে। কিন্তু প্রতি বছৰে ৰাজ্য চৰকাৰে বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যি সাহায্য বিচাৰে সেই সাহায্য এবাৰো কেন্দ্ৰই প্ৰদান নকৰে। যাৰ বাবে ক্ষতিগ্রস্ত লোকসকলেও লাভ‌ কৰে নামমাত্র সাহায্যহে। খোদ কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই যোৱা পাঁচ বছৰত অসমত হোৱা বানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসমে এন ডি আৰ এফ শিতানত মুখ ৫৭২৬.২৭ কোটি টকা বিচাৰিছিল যদিও এই ধনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ কমিটীয়ে ১৩৯৬.৮২ কোটি টকা প্রদান কৰিবলৈ অনুমোদন দিয়ে। 

কিন্তু আশ্চর্যজনক কথা যে উচ্চ পৰ্যায়ৰ কমিটীয়ে অনুমোদন দিয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰদান কৰিলে মাত্র ৩২৩.৩৯ কোটি টকাহে। এয়াই হৈছে কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি থকা প্রেম। মুখেৰে অষ্টলক্ষ্মীৰ কথা ক'লেও ধন দিয়াৰ সময়ত যে কেন্দ্রীয় চৰকাৰে সদায়ে কৃপণালি কৰে, সেই কথা প্ৰতি বছৰে বান সাহায্য প্রদান কৰাৰ সময়তে ওলাই পৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰা তথ্য মতে বানৰ কেন্দ্ৰীয় চৰকাৰৰ দলে অসম ভ্রমণ কৰি যোৱাৰ পাছত কেন্দ্ৰৰ ওচৰত অসম চৰকাৰে এন ডি আৰ এফ শিতানত ২০২০-২১ বর্ষত ২৬৪০.৮৭কোটি টকা বিচাৰিছিল। কিন্তু উচ্চ পৰ্যায়ৰ কমিটীয়ে এই ধনৰ ভিতৰত ৪৩৭.১৫ কোটি টকা অনুমোদন দিয়ে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই ধনৰ ভিতৰত মুকলি কৰি দিয়ে মাত্র ৪৪.৩৭ কোটি টকাহে। একেদৰে ২০২১-২২ বর্ষত বিচৰা ১০৮৮.১৮ কোটি টকাৰ ভিতৰত উচ্চ পৰ্যায়ৰ কমিটীয়ে ৫১.৫৩ কোটি টকা অনুমোদন দিয়ে যদিও আশ্চর্যজনকভাৱে এই ধনৰ এটকাও কেন্দ্রই মুকলি কৰি নিদিলে। ইয়াৰ পাছত ২০২২-২৩ বৰ্ষত হোৱা বানৰ ক্ষতি হিচাপে অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৩০৯.৫০ কোটি টকা বিচাৰে। সেই অনুসৰি উচ্চ পৰ্যায়ৰ কমিটীয়ে ৫২০.৪৭ কোটি টকাৰ অনুমোদন দিয়ে যদিও কেন্দ্রীয় চৰকাৰে এই ধনৰ ভিতৰত মোকলাই দিয়ে ২৫০ কোটি টকা। 

২০২৩-২৪ বর্ষত আকৌ অসমে বিচাৰিছিল মাত্র ১১৭.৬৭ কোটি টকাহে। এই ধনৰ ভিতৰত উচ্চ পৰ্যায়ৰ কমিটীয়ে ৭৩.৯৮ কোটি টকা প্ৰদান কৰাৰ বাবে অনুমোদন দিয়ে যদিও কেন্দ্ৰীয় চৰকাৰে ফুটাকড়ি এটাও মোকলাই নিদিলে। ইফালে ২০২৪-২৫ বর্ষত অসম চৰকাৰে বানৰ পাছত কেন্দ্ৰৰ পৰা ৫৭০.৯২ কোটি টকা বিচাৰিছিল। সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ কমিটীয়ে অনুমোদন দিছিল ৩১৩.৬৯ কোটি টকা। কিন্তু এই ধনৰ ভিতৰত মোকলাই দিয়ে মাত্র ২৯.০২ কোটি টকাহে। মন কৰিব লগীয়া কথা যে কেন্দ্ৰীয় চৰকাৰে এন ডি আৰ এফ শিতানত অসমক ধন প্রদানত কার্পণ্য কৰাৰ দৰে এছ ডি আৰ এফ শিতানতো প্ৰদান কৰা ধন বৃদ্ধি কৰা নাই। 

২০২০-২১ বর্ষত এই শিতানত কেন্দ্ৰীয় চৰকাৰে অসমক প্ৰদান কৰিছিল ৬১৭.৬০ কোটি টকা। ইয়াৰ বিপৰীতে ২০২৪-২৫ বর্ষত এছ ডি আৰ এফ শিতানত কেন্দ্রই প্রদান কৰা ধনৰ পৰিমাণ হৈছে ৭১৬ কোটি টকা। অর্থাৎ নামমাত্র ধনহে বৃদ্ধি কৰা হৈছে। সাধাৰণতে ৰাজ্যসমূহে বান সাহায্য বা আন কোনো প্রাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এন ডি আৰ এফ শিতানত ধন বিচাৰে। কিয়নো এই শিতানত কেন্দ্ৰীয় চৰকাৰে এশ শতাংশ ধন প্রদান কৰে। কিন্তু এই ধনকে প্রদান কৰিব নিবিচাৰে কেন্দ্ৰই। লক্ষণীয় বিষয় যে অসমৰ বিপৰীতে দেশৰ আন ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে এই শিতানত পর্যাপ্ত ধন প্রদান কৰি আহিছে। আশ্চর্যজনকভাৱে অসমহে এই ক্ষেত্রত বঞ্চিত হৈ আহিছে।

Share This