'স্লাইচ স্মল ফাইনেন্স বেংক'ৰ 'ডিজিটেল' সংস্কৰণ, গুৱাহাটীত দেশৰ প্ৰথমটো এ আই চালিত বেংকৰ শাখা মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

dainik janambhumi May 17, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা খণ্ডত এক নতুন মাত্রা সংযোজন হ'ল। কালি গুৱাহাটীৰ জি এছ ৰোডত 'স্লাইচ স্মল ফাইনেন্স বেংক'ৰ দেশৰ প্ৰথমটো এ আই চালিত 'ফিজিটেল' (শাৰীৰিক আৰু ডিজিটেলৰ সংমিশ্রণ) বেংকিং শাখা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। 

নতুন প্ৰজন্মৰ এই বেংকিং শাখাটোত এ আই-সক্ষম স্ব-চালিত কিঅ'স্ক (Self-service kiosks), কাগজবিহীন ধন জমা আৰু উলিওৱা ব্যৱস্থাৰ লগতে সম্পূর্ণ ডিজিটেল উপায়েৰে গ্ৰাহক ভর্তি (Onboarding) কৰাৰ সুব্যৱস্থা কৰা হৈছে। গ্ৰাহকৰ আস্থা আৰু ডিজিটেল সুবর্ণ সুযোগৰ এক অনন্য সংমিশ্রণেৰে নিৰ্মাণ কৰা এই আধুনিক শাখাটোৱে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বাবে বেংকিং সেৱাক অধিক সৰল কৰি তোলা আৰু গ্ৰাহকৰ কাষ চপাই নিয়াত সহায়ক হ'ব। বিশেষকৈ যিসকল লোক বা ক্ষুদ্র ব্যৱসায়ী এতিয়ালৈকে আধুনিক বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ আছিল, তেওঁলোকক বর্ধিত শাৰীৰিক উপস্থিতি আৰু শক্তিশালী ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে সুলভ ঋণ, সঞ্চয় আৰু ধন পৰিশোধৰ সুৰক্ষিত সুবিধা প্ৰদান কৰাটোৱেই এই বেংকৰ মূল লক্ষ্য। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই নতুন ডিজিটেল আৰু এ আই চালিত শাখাটো হৈছে চহৰীয়া অঞ্চলৰ লগতে চৰকাৰী সা-সুবিধা কমকৈ পোৱা পিছপৰা শ্ৰেণীৰ মাজতো এক সামগ্রিক বিত্তীয় পৰিৱেশ গঢ়ি তোলাৰ দিশত এক ডাঙৰ পদক্ষেপ। এনে অনন্য সেৱাৰে সমৃদ্ধ বেংকৰ আগমনে ৰাজ্যখনত প্রকৃত বিনিয়োগৰ পৰিৱেশ সৃষ্টি কৰিছে, যাৰ বাবে ৰাজ্য চৰকাৰে দীর্ঘদিনৰে পৰা প্ৰচেষ্টা চলাই আহিছিল। 

স্লাইচ স্মল ফাইনেন্স বেংকৰ সৈতে চৰকাৰৰ এই অংশীদাৰিত্ব অসমৰ বৰ্তমানৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা এক উপযুক্ত সহযোগিতা বুলিও তেওঁ অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে যে গুৱাহাটীত দেশৰ প্ৰথমটো ডিজিটেল আৰু এ আই চালিত বেংক শাখা মুকলি হোৱাটোৱে ভাৰতীয় বেংকিং খণ্ডৰ ভৱিষ্যতক সমর্থন আৰু উৎসাহিত কৰাৰ ক্ষেত্ৰত অসমৰ পূৰ্ণ প্রস্তুতিকে সূচাইছে। এই শাখাৰ এক বিশেষ সুবিধাৰ কথা উল্লেখ কৰি ড° শৰ্মাই কয় যে গ্রাহকসকলে কোনো সুকীয়া ম'বাইল এপ্লিকেশ্যন নোহোৱাকৈয়ে পোনপটীয়াকৈ ইউ পি আই আই ডিৰ জৰিয়তে ঋণ ল'ব পাৰিব। ইয়াৰ ফলত আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰুক্ষমহিলা উদ্যোগীসকলে ব্যৱসায় বৃদ্ধিৰ বাবে প্রয়োজনীয় মূলধন মাত্র কেইমিনিটমানৰ ভিতৰতে নিজৰ ম'বাইলতে লাভ কৰিবলৈ সক্ষম হ'ব। এই ব্যৱস্থাই বিত্তীয় অন্তর্ভুক্তিকৰণক (Financial Inclusion) আটাইতকৈ ব্যাৱহাৰিক আৰু অৰ্থপূর্ণ ৰূপ দিছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে ৰাজ্য চৰকাৰে অসমক এক দায়িত্বশীল আৰু প্ৰযুক্তি-চালিত বিনিয়োগৰ মুখ্য স্থান হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। চৰকাৰে এনে এক পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ কাম কৰি আছে য'ত ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ ঘটে, যুৱ প্ৰজন্মই কর্মসংস্থাপনৰ নতুন সুযোগ লাভ কৰে আৰু ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকে এক উন্নত জীৱন গঢ়িবলৈ প্রয়োজনীয় বিত্তীয় সঁজুলিসমূহ সহজে লাভ কৰিব পাৰে। 

গুৱাহাটীত এই নতুন যুগৰ বেংকিং শাখা স্থাপন কৰাৰ বাবে মুখ্যমন্ত্রীয়ে বেংক কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। কালিৰ এই উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সদ্য-প্রাক্তন মন্ত্রী অশোক সিংহল, স্লাইচ স্মল ফাইনেন্স বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰাজন বাজাজ, এন পি চি আইৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া দিলীপ আবেৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share This