আজিৰ পৰা অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠান

dainik janambhumi January 04, 2026

ডিজিটেল ডেস্ক: ৰাজ্যখনৰ অন্যতম সাংবাদিক সংগঠন অসম বার্তাজীৱী সংঘৰ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানটি আজিৰ পৰা দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ প্রশিক্ষণ-সন্মিলন কেন্দ্রত অনুষ্ঠিত হ'ব। পুৱা প্ৰতিনিধিৰ নাম পঞ্জীয়নৰ পাছতে পতাকা উত্তোলন কৰে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধিয়ে। স্মৃতি তর্পণ কৰে সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই। 

'সংবাদ মাধ্যমৰ প্ৰত্যাহ্বান আৰু ইয়াৰ সমাধান' শীর্ষক আলোচনা-চক্র উদ্বোধন কৰিব অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষীকেশ গোস্বামীয়ে। মধুসুধন মেধিৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া আলোচনা চক্রত দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড° অভিজিৎ বৰা, 'আমাৰ অসম' কাকতৰ কার্যবাহী সম্পাদক গৌতম শর্মা, বিশিষ্ট লেখক-সাংবাদিক পৰেশ বৈশ্য আৰু দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে আলোচক হিচাপে অংশগ্ৰহণ কৰিব। বিয়লি ন-পুৰণি সতীর্থ সন্মিলন উদ্বোধন কৰিব প্রাক্তন সাংবাদিক তথা অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই। গুৱাহাটীৰ জ্যেষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া মঞ্জুৰাণী ডেকা, অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি ক্রমে গৰ্গৰাম বৰ্মন, ফণীধৰ দাস, কেশৱ কলিতাৰ লগতে সংঘৰ প্ৰাক্তন সম্পাদক ক্রমে ভক্তি ৰয়, পুলিন কলিতা আৰু প্ৰাক্তন উপ-সভাপতি মণি মহন্তই অনুষ্ঠানত অংশগ্রহণ কৰিব। অসম বাৰ্তাজীৱী সংঘৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উপলক্ষে সন্ধিয়া পঞ্চাশগছি বন্তি প্রজ্বলন কৰা হ'ব। ৫ জানুৱাৰীৰ পুৱা মুকলি সভা উদ্বোধন কৰিব অসমীয়া প্রতিদিনৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীয়ে। মধুসুধন মেধিৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া সভাত ভাৰতীয় বাৰ্তাজীবী মহাসংঘৰ প্ৰধান সচিব পৰামানন্দ পাণ্ডেই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। 

সোণালী জয়ন্তীৰ স্মৃতিগ্রন্থ উন্মোচন কৰিব নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে। তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়, 'নিয়মীয়া বাৰ্তা'ৰ সম্পাদক নৰেশ কলিতা, ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূব মণ্ডলৰ সহকাৰী মহাপ্রবন্ধক সুজিত দে' আৰু অসমীয়া খবৰৰ মুখ্য সম্পাদক বিশ্বজিৎ দাসে অনুষ্ঠানত অংশগ্রহণ কৰিব। অনুষ্ঠানত অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি আৰু সম্পাদকসকলৰ লগতে ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট সাংবাদিকক সম্বর্ধনা জনোৱা হ'ব। সন্ধিয়া সমূহীয়া বন্ধি প্রজ্বলন কৰা হ'ব।

Share This