বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, ৰাজ্যত অব্যাহত থাকিব উচ্ছেদ অভিযান

dainik janambhumi December 23, 2025

ডিজিটেল ডেস্ক: ৰাজ্যত অব্যাহত থাকিব উচ্ছেদ অভিযান। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আশেপাশে অবৈধভাৱে বসবাস কৰা লোকক শীঘ্ৰেই কৰা হ'ব উচ্ছেদ। বটদ্ৰৱাৰ লগতে দাঁতি-কাষৰীয়া সত্ৰসমূহ অবৈধ বাংলাদেশীৰ কবলৰ পৰা সংৰক্ষিত কৰাৰ বাবে আমাৰ চৰকাৰ সংকল্পবদ্ধ। এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

অহা ২৯ ডিচেম্বৰত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শুভাৰম্ভ কৰিবলগীয়া বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কালি মুখ্যমন্ত্রী ড° শর্মাই সাংবাদিকৰ আগত পুনৰায় কয়, 'অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ।' চৰ অঞ্চলতো উচ্ছেদ অভিযান চলিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰি বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনা উদ্বেগজনক বুলি মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, উত্তৰ-পূবক বাংলাদেশৰ অধীনস্থ কৰিবলৈ একাংশই বাৰে বাৰে চেষ্টা চলাই আছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে চোকা দৃষ্টি ৰাখিছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। গুৰুজনাৰ অৱদানৰ কথা স্মৰণ কৰি তেওঁ কয়, '@গুৰুজনা সূৰ্যৰ দৰে জ্যোতিষ্মান। সেই জ্যোতিৰে অসমীয়া জাতি জগতসভাত যুগে যুগে জিলিকি থাকিব। অসমীয়া মহাজাতিক বিশ্বৰ বৰসভালৈ আগুৱাই নিছিল মহাপুৰুষ গুৰুজনে। গুৰুজনা আছিল আধুনিক সভ্যতাৰ বার্তাবাহক। অসমবাসীক বিজ্ঞান সম্মত সাংস্কৃতিক মাৰ্গদর্শনৰ পথ প্রদর্শক আছিল তেওঁ। গুৰু শংকৰৰ অৱদানৰ বাবে অসমীয়া জাতি যুগে যুগে সমৃদ্ধিশালী হৈ থাকিব অসমভূমিত। গুৰুজনাক বাদ দি আমাৰ জাতি সত্তাৰ অস্তিত্ব নাই। শংকৰ আমাৰ গুৰুৰো গুৰু জগতৰ গুৰু। বিশ্বৰ প্ৰথম নাট্যকাৰ আছিল আমাৰ গুৰুজনা। গুৰু শংকৰৰ অৱদান চিহ্নযাত্রা বিশ্বৰ নাট্য সাহিত্যত এক মাইলৰ খুঁটি। গুৰু শংকৰে সেই খুঁটিটো নিকপকপীয়াকৈ পুতিছিল। গতিকে আজিৰ বিশ্ব সভ্যতাত আমি সাংস্কৃতিকভাৱে চহকী জাতিসত্তা। সাহিত্য, কলা আৰু ধর্মীয় দর্শন কিম্বা অর্থনৈতিক চিন্তাৰ মাৰ্গদর্শক আছিল জগতগুৰু শংকৰদেৱ। গুৰু শংকৰ আছিল একাত্ম মানৱতাবাদী দৰ্শনৰ ৰূপকাৰ। গুৰু শংকৰৰ শ্ৰীচৰণত সেৱা জনালেই দিনটোৰ বাবে মংগল হয় বুলি মই বিশ্বাস কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মই কেইবাবাৰো গুৰুজনাৰ শ্ৰীচৰণত প্রণিপাত জনাই মই ব্যক্তিগতভাৱে মহাশান্তি লাভ কৰিবলৈ সক্ষম হৈছোঁ। গুৰুজনাৰ জীৱন দৰ্শনৰ আদৰ্শৰে অনুপ্রাণিত হৈ ব্যক্তিগতভাবে মই ধন্য।'

উল্লেখযোগ্য যে ২৯ ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ মাংগলিক অনুষ্ঠানৰ মাজেৰে নাম-কীর্তন, গায়ন-বায়নৰ অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে বটদ্ৰৱা 'প্রকল্প' মুকলি কৰিব গৃহ মন্ত্রী অমিত শ্বাহে। দুহেজাৰ গায়ন-বায়ন আৰু আয়তীৰ নাম-কীৰ্তনেৰে অমিত শ্বাহক আদৰণি জনোৱা হ'ব। ৬০ হাজাৰ ভক্ত-বৈষ্ণৱ, আই-মাতৃৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া এই বিশেষ অনুষ্ঠানৰ পূৰ্বে আজি পুৱাৰ ভাগত হেলিকপ্টাৰে জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকাক লগত লৈ বটদ্ৰৱাত উপস্থিত হয় মুখ্যমন্ত্রী ড' হিমন্ত বিশ্ব শর্মাই। হেলিকপ্টাৰেৰে অৱতৰণ কৰি পোনে পোনে বটদ্ৰৱা প্ৰকল্পৰ সকলো নির্মাণ কাৰ্যৰ বুজ লয় আৰু গৃহ মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া সভাৰ স্থান পৰিদৰ্শন কৰে। 

উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° শৰ্মাৰ উদ্যোগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ১৬৫ বিঘা ভূমি ২০১৬ চনৰ ২৩ ছেপ্টেম্বৰত বেদখলমুক্ত কৰা হৈছিল আৰু উক্ত ভূমিতে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহ মন্ত্রী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছিল। মুখ্যমন্ত্রী ড° শৰ্মাৰ উদ্যোগ আৰু তৎপৰতাত বটদ্ৰৱাৰ ঐতিহাসিক সম্পদ স্বৰূপ নাটঘৰটোৰ আন্তঃগাঁথনি নির্মাণ মজবুত আৰু নিকপকপীয়া কৰাৰ প্ৰয়াস হিচাপে কেইবাবছৰ পূৰ্বে মজিয়াত মাৰ্বল লগোৱাৰ লগতে আধুনিক প্রযুক্তিগত চিলিং নির্মাণ, নতুনকৈ হেঙুল হাইতালৰ ব্যৱহাৰেবে ন ৰূপত সজোৱা হ'ল বটদ্ৰৱা থানৰ নাটঘৰ। তদুপৰি ২০২৩ চনত বটদ্ৰৱা থানৰ কাৰ্যালয় নির্মাণ, সত্ৰাধিকাৰসকলৰ বহা, দামোদৰ আতা ভৱনৰ নিৰ্মাণ, সভাগৃহ, আকাশীগংগাৰ উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ কাৰ্যক্ৰমণিকা সমাপ্ত কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। সত্ৰাধিকাৰসকল, ভকত- বৈষ্ণৱসকলৰ উপস্থিতিত মাংগলিক সত্ৰীয়া পৰম্পৰাৰ কাৰ্যক্ৰমণিকাত কেইবাবাৰো অংশ লৈছিল মুখ্যমন্ত্রী ড° শর্মাই। বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীৰ আগমনক লৈ আজি এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে। আইসকলৰ নামেৰে মুখ্যমন্ত্ৰীক আদৰি অনা হয় বটদ্ৰৱা প্রকল্পলৈ। 

ঐতিহাসিক আকাশীগংগাৰ তীৰত নির্মিত প্রকল্পস্থলীত কেইবাখনো সত্ৰৰ অধিকাৰ ভকত-বৈষ্ণৱ প্ৰমুখ্যে শ্রীশ্রী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতো বাৰ্তালাপত মিলিত হয়। মুখ্যমন্ত্রী ড° শৰ্মাই বটদ্ৰৱা থানৰ সৌন্দর্যবর্ধন নতুনকৈ কৰা আৰু কেইবা কোটি টকাৰ আঁচনিৰে নিৰ্মাণৰ আন্তঃগাঁথনিৰ প্ৰাককলন প্ৰস্তুত কৰি তোলা হৈছে বুলিও উপস্থিত ৰাইজক উদ্দেশ্য কৰি কয়। ১৬৫৬ খ্রীষ্টাব্দত বটদ্ৰৱা থানৰ পুনৰ উদ্ধাৰত গুৰুজনাৰ নাতিবোৱাৰী আইকনকলতা আৰু পো নাতি দামোদৰ ঈশ্বৰ পুৰুষৰ অৱদানক স্মৰণ কৰে। বটদ্ৰৱা প্ৰকল্প আৱিৰ্ভাৱ ক্ষেত্র নামেৰে জনাজাত হ'ব। প্রকল্পটো অঞ্চলটোৰ ভৱিষ্যদৰ্শনৰ ৰূপৰেখা-সদৃশ হ'ব বুলিও তেওঁ কয়। 

কালি বটদ্রৱা থানত সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱসকলে মুখ্যমন্ত্রী ড° শর্মা দীর্ঘজীবী হ'বলৈ, নিষ্ঠাৰে জাতিৰ সেৱা আগবঢ়ায় যাবলৈ ওৱা হৰি ওৱা ৰাম বুলি ভকতৰ মুখৰ ব্ৰজবাক্যৰে হিয়া উজাৰি আশীৰ্বাদ দিয়ে মুখ্যমন্ত্রী শর্মাক। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে আঁত ধৰা আদৰণী অনুষ্ঠানত অংশ লয় সভাপতি তথা নৰোৱা সত্ৰৰ অধিকাৰ অম্লানজ্যোতি দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি গোবিন দাস, বিধায়ক ৰূপক শৰ্মা, বিধায়ক ৰমাকান্ত দেউৰী, বিধায়ক জিতু গোস্বামী, ৰহাৰ বিধায়ক শশীকান্ত দাস, থানৰ প্ৰাক্তন সম্পাদক ব্রজেন কাকতী, ৰাজ্যিক বিজেপিৰ সম্পাদক অভিজিৎ নাথ, সমাজকর্মী ৰোহিণী বৰা, যুৱ-নেত্রী দেৱশ্ৰী বৰা আদিকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা ধৰ্মবস্তু, কুঁহিলাৰ কঠ, শৰাই, চেলেং চাদৰ, সম্বৰ্ধনা-পত্ৰৰে সম্বর্ধনা জনোৱা হয় মুখ্যমন্ত্রী ড° শৰ্মাক। বটদ্ৰৱা থানৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এখন স্মাৰক-পত্ৰও আজিৰ অনুষ্ঠানতে প্রদান কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। অনুষ্ঠানত গুৰুজনাৰ জন্মস্থান হিচাপে বটদ্ৰৱাৰ সাংস্কৃতিক, শৈক্ষিক আৰু বৌদ্ধিক উত্তৰণৰ বিদ্যায়তনিক চিন্তা-চৰ্চাৰ পৰিকল্পনাও অচিৰেই আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্রী শর্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাক বটদ্রৱা প্রকল্পত জলপানেৰে আপ্যায়িত কৰা হয়। ইয়াৰ পাছতে মুখ্যমন্ত্রী ড° শৰ্মাই বটদ্ৰৱা প্ৰকল্পস্থলীত নির্মীয়মাণ প্ৰকল্পৰ সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰি পুনৰ গুৱাহাটী অভিমুখে ৰাওনা হয়।

Share This