ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনিৰ অভূতপূর্ব সম্প্ৰসাৰণ, দেশত ইণ্টাৰনেট সংযোগ ১০৭ কোটি অতিক্রম

dainik janambhumi July 01, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ ৰাজহুৱা ডিজিটেল আন্তঃগাঁথনি যোৱা দশকত অভূত পূর্বভাবে বৃদ্ধি পাইছে। দেশত ইণ্টাৰনেট সংযোগৰ ১০৭ কোটিৰ সংখ্যা অতিক্ৰম কৰিছে। আনহাতে, ভাৰতত বৰ্তমান প্রতিদিনে ইউনিফাইড পেমেন্টছ ইণ্টাৰফেচত (ইউ পি আই) ৭৫ কোটিটা লেনদেন হয়। দেশৰ ইলেক্ট্রনিক্‌ আৰু তথ্য মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণণে মঙলবাৰে এই কথা প্রকাশ কৰে। 

ভাৰতৰ ডিজিটেল পৰিৱেশতন্ত্ৰৰ দ্রুত বিকাশৰ বিষয়ত আলোকপাত কৰি কৃষ্ণণে কয় যে দেশত ব্ৰডবেণ্ডৰ উপভোক্তা প্রায় ১০০ কোটি হৈছে আৰু চৰকাৰ সমর্থিত ডিজিটেল প্লেটফৰ্ম ভাৰতীয় উপভোক্তাই অৱলম্বন কৰিছে। তদুপৰি, চৰকাৰৰ নথি সংৰক্ষণৰ ডিজিটেল প্লেটফর্ম, ব্যৱহাৰকাৰী হৈছে। ইফালে, ইউ ডিজিলকাৰৰ এতিয়া ৭০ কোটি পি আয়ে ডিজিটেল পেমেন্ট পদ্ধতিৰ ৰূপান্তৰ আনিছে আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও লাভকৰিছে। 

আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে ইউ পি আইক বিশ্বৰ বৃহত্তম ধন লেনদেনৰ ডিজিটেল পদ্ধতি হিচাপে আখ্যা দিছে। কেন্দ্রীয় চৰকাৰৰ মতে, ইতিমধ্যে ৯খন বিদেশী ৰাষ্ট্ৰই ইউ পি আই ডিজিটেল পেমেণ্টৰ পদ্ধতি অৱলম্বন কৰিছে আৰু আহি থকা সময়ত আৰু অধিক দেশে ইউ পি আই ক অৱলম্বন কৰাৰ সম্ভাৱনা আছে।

Share This