ডিজিটেল ডেস্ক: পশ্চিম এছিয়াৰ যুদ্ধই ভাৰতীয় অর্থনীতিত প্রভাৱ পেলোৱাটো স্পষ্ট হৈ পৰিছে। বিত্ত মন্ত্ৰ্যালয়ে প্রকাশ কৰা অৰ্থনীতিৰ মাহেকীয়া পর্যালোচনাৰ প্ৰতিবেদনত উল্লেখ কৰা মতে ভাৰতীয় অৰ্থনীতিৰ বিকাশ মন্থৰ হ'ব। ইয়াৰ প্ৰধান কাৰণ হ'ল পশ্চিম এছিয়াত চলি থকা যুদ্ধ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি।
মন্ত্র্যালয়ে প্রতিবেদনখনত স্বীকাৰ কৰে যে বাহিৰৰ পৰিস্থিতিৰ ফলত দেশত 'ইনপুট কষ্ট' অর্থাৎ উৎপাদন ব্যয় বৃদ্ধি পাইছে আৰু ই দেশৰ অৰ্থনীতিত চাপৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। বিত্ত মন্ত্ৰ্যালয়ে প্রকাশ কৰে যে ফেব্ৰুৱাৰী মাহত ভাৰতীয় অর্থনীতি যথেষ্ট শক্তিশালী আছিল। ঘৰুৱা চাহিদা, আন্তঃগাঁথনিৰ বিস্তাৰ আৰু চৰকাৰী নীতিৰ সহায়ত যোগান আৰু চাহিদা উভয় দিশতে প্রদর্শন ভাল আছিল। প্রতিবেদনখনত উল্লেখ কৰা মতে, উৎপাদন আৰু সেৱা খণ্ডৰ অগ্রগতি অব্যাহত আছে আৰু গাড়ীৰ বিক্ৰী তথা ডিজিটেল পেমেন্ট অহৰহ বৃদ্ধি পাইছে।
প্রতিবেদনখনত কোৱা হৈছে যে মার্চ মাহৰ পৰা বিশ্বৰ পৰিস্থিতি সলনি হ'বলৈ ধৰে। পশ্চিম এছিয়াৰ উত্তেজনাই শক্তিৰ বজাৰ আৰু সামগ্ৰীৰ পৰিবহণ বেয়াকৈ প্ৰভাৱিত কৰে। ইয়াৰ পোনপটীয়া প্ৰভাৱ ভাৰতৰ উৎপাদন খণ্ডত পৰিছে। প্রতিবেদনখনত 'ই-বে জেনেৰেশ্যন' হ্রাস পোৱা আৰু 'ফ্লেশ্ব পি এম আই (পাৰচেজ মেনেজমেন্ট ইণ্ডেক্স)' দুর্বল হোৱাৰ কথা উল্লেখ কৰি কোৱা হয় যে মাহৰ হিচাপত অৰ্থনীতিৰ গতি সামান্য মন্থৰ হৈছে। ইফালে হৰমুজ প্রণালীয়ে সৃষ্টি কৰা সংকটৰ ফলত সামুদ্রিক পথেৰে সামগ্ৰীৰ পৰিবহণ ব্যয় আৰু বীমাৰ প্রিমিয়াম বৃদ্ধি পাইছে আৰু তৃতীয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান শৃংখলাত পৰা প্ৰভাৱ দেশৰ উৎপাদন খণ্ডত পৰিছে। চৰকাৰৰ বাবে সকাহৰ বিষয়টো হ'ল দেশত চাহিদা এতিয়াও অব্যাহত আছে। গাড়ীৰ বিক্ৰী আৰু ডিজিটেল ট্রেনজেকশ্যনৰ তথ্যৰ আধাৰত প্ৰতিবেদনখনত কোৱা হৈছে যে জনসাধাৰণে সামগ্ৰীৰ ক্ৰয় অব্যাহত ৰাখিছে। কিন্তু প্রতিবেদনখনত এটা বেয়া দিশৰ কথাও উল্লেখ কৰা হৈছে। গ্রামীণ এলেকাত যোগান আৰু চাহিদাৰ মাজৰ ব্যৱধান বৃদ্ধি পাইছে আৰু ইয়াৰ কাৰণ হ'ল উৎপাদন ব্যয় বৃদ্ধি আৰু যোগানত সৃষ্টি হোৱা বাধা। আনহাতে, মার্চত খাদ্য মুদ্রাস্ফীতিৰ হাৰো বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। ইয়াৰ প্ৰধান কাৰণ হ'ল খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি। কিন্তু মন্ত্র্যালয়ে এই বুলি সতৰ্ক কৰি দিয়ে যে খাৰুৱা তেলৰ দাম বৃদ্ধিৰ সম্পূৰ্ণ প্ৰভাৱ ঘৰুৱা বজাৰত পৰা দেখা পোৱা নাই। যদিহে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পাই গৈ থাকে তেতিয়া মুদ্রাস্ফীতিৰ হাৰ অধিক বৃদ্ধি পাব। ফেব্ৰুৱাৰীত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ৩.২১%লৈ বৃদ্ধি পায়।
চৰকাৰে এতিয়াও আন্তঃগাঁথনি আৰু মূলধনী ব্যয়ে উন্নয়নৰ হাৰ উচ্চ কৰি ৰখাত সহায় কৰিব বুলি আশা কৰিছে। ষ্টীল আৰু চিমেণ্টৰ বিক্ৰী বৃদ্ধি পোৱাটোৱে প্ৰমাণ কৰে যে নিৰ্মাণ আৰু চৰকাৰী প্ৰকল্পসমূহৰ কাম দ্রুতগতিত চলি আছে। প্রতিবেদনখনত লগতে উল্লেখ কৰ হয় যে ভাৰতীয় অর্থনীতিৰ ভেটি যথেষ্ট শক্তিশালী, কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শংকা বৃদ্ধি পাইছে আৰু সেয়েহে ঘৰুৱা আৰু বিশ্বৰ পৰিস্থিতিৰ ওপৰত চকু ৰখাৰ প্ৰয়োজন।