দেশৰ বাণিজ্য ঘাটি ৩৯.৮৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি

Dainik Janambhumi November 14, 2026

ডিজিটেল ডেস্ক : যোৱা অক্টোবৰ মাহত হোৱা বছৰৰ সর্বাধিক আমদানিৰ বাবে ভাৰতৰ বাবে ভাৰতৰ বাণিজ্য ঘাটি এবছৰৰ ভিতৰত সর্বোচ্চ ৩৯.৮৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি, যোৱা ছেপ্টেম্বৰ মাহত এই বাণিজ্য ঘাটি আছিল ৩০.২১ বিলিয়ন ডলাৰ। উল্লেখযোগ্য যে যোৱা অক্টোবৰ মাহত ভাৰতৰ সামগ্ৰীৰ আমদানি পূৰ্বৰ বৰ্ষৰ তুলনাত ১৬.৫ শতাংশ বৃদ্ধি পাই সর্বকালৰ সৰ্বাধিক অভিলেখ সৃষ্টি কৰি ৮৯.৩৫ বিলিয়ন ডলাৰত উপনীত হৈছে। ছেপ্টেম্বৰ মাহত ভাৰতৰ সামগ্ৰীৰ আমদানিৰ পৰিমাণ আছিল ৭৪.৬১ বিলিয়ন ডলাবৰ। আনহাতে, দেশৰ বাণিজ্য সচিব ৰাজেশ আগৰৱালে কয় যে যোৱা অক্টোবৰত ভাৰতে সর্বকালৰ সৰ্বাধিক সামগ্ৰী ৰপ্তানিৰ অভিলেখ গঢ়িছে। ৰপ্তানি পূৰ্বৰ বছৰৰ তুলনাত ৪৫ শতাংশ বৃদ্ধি পাই ৪৯,৪৭ বিলিয়ন হৈছে।

কিন্তু ৰপ্তানিৰ তুলনাত আমদানিৰ পৰিমাণ বহু বেছি হোৱাৰ বাবে ভাৰতৰ বাণিজ্য ঘাটি বৃদ্ধি পাইছে। দেশৰ অর্থনীতিবিদসকলে যোৱা অক্টোবৰ মাহত বাণিজ্য ঘাটি প্রায় ৩২.২৫ৰ পৰা ৩৩.৩০ বিলিয়ন ডলাৰৰ ভিতৰত থাকিব। বুলি অনুমান কৰিছিল যদিও প্রকৃত বাণিজ্য ঘাটি ইয়াতকৈ যথেষ্ট বেছি হৈছে। 

উল্লেখযোগ্য যে মধ্য প্রাচ্যত সংঘাতৰ বাবে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি, জাহাজ পৰিবহণৰ বায় বৃদ্ধি আৰু উৎসৱৰ বতৰত সামগ্ৰীৰ অধিক চাহিদাৰ বাবেই আমদানি ব্যয় বৃদ্ধি হৈছে। আনহাতে, ভাৰতে ইয়াৰ প্রয়োজনীয় ৮৫ শতাংশ খাৰুৱা তেল বিদেশৰ পৰা আমদানি কৰে। প্রণিধানযোগ্য যে দীপাৱলী উৎসৱৰ পূর্বে গহনা ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত সোণৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সোণৰ আমদানি প্রায় ১গুণ বৃদ্ধি পাইছিল। অক্টোবৰ মাহত ভাৰতৰ সোণৰ আমদানি ৫.৫১ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। যিটো ছেপ্টেম্বৰ মাহত মাত্র ১.৮ বিলিয়ন ডলাৰ আছিল। উৎসৱৰ বতৰত সোণৰ চাহিদা বৃদ্ধি আৰু বিশ্বব্যাপী খাৰুৱা তেলৰ উচ্চ দামে দেশৰ আমদানিৰ পৰিমাণ অভিলেখ স্তৰলৈ লৈ যোৱাত এই বাণিজ্য ঘাটি বৃদ্ধি পাইছে।

Share This