অৰণ্যৰোদন

Dainik Janambhumi August 19, 2024

ডিজিটেল ডেস্কঃ ১৯৭৯ চনৰ পৰা অসমবাসীয়ে অবৈধ বিদেশী বহিষ্কাৰৰ দাবী জনাই কেতিয়াবা অতি ব্যাপক পৰিসৰত আৰু কেতিয়াবা সীমিত পৰিসৰত যি আন্দোলন কৰি আহিছে সেয়া আচলতে অৰণ্যৰোদনৰ বাদে একো নহয়৷ এই কথাৰ সত্যতা ইতিমধ্যে ৰাজ্যখনৰ পৰিৱেশ-পৰিস্থিতি আৰু ঘটনাপ্ৰৱাহে প্ৰমাণ কৰি আহিছেই; শেহতীয়াকৈ শিলচৰৰ দুলন দাসৰ অধ্যায়টোৱে পুনৰবাৰ স্পষ্ট কৰি দিলে ইয়াৰ খিলঞ্জীয়া মানুহৰ মূল্য কিমান !

যোৱা ১৬ আগষ্টৰ দিনা দুলন দাসে কামৰূপ জিলাৰ আমিনগাঁৱত থকা লোকপিয়ল সঞ্চালকৰ কাৰ্যালয়ৰ পৰা সগৰ্বে আৰু স-সন্মানে লৈ গ’ল ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ-পত্ৰখন৷ গণ প্ৰতিবাদক আওকাণ কৰি সংসদত বিজেপি-নেতৃত্বাধীন চৰকাৰে গৃহীত কৰা নাগৰিকত্ব (সংশোধনী) আইনৰ সুবাদত অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰা দুলন দাস হৈছে প্ৰথমগৰাকী বাংলাদেশী ব্যক্তি৷

উল্লেখ কৰা উচিত যে গুজৰাটৰ আহমেদাবাদ জিলাত ১,১৮৭গৰাকী পাকিস্তানৰ পৰা অহা ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰা হৈছে৷ চাবলৈ গ’লে বিজেপি চৰকাৰৰ বাবে এইটো এটা বৃহৎ সাফল্য৷ কিয়নো ভাৰতীয় সংবিধানৰ গাঁথনিৰ পৰিৱৰ্তন ঘটাই হ’লেও প্ৰতিবেশী ৰাষ্ট্ৰত ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ তেওঁলোক সক্ষম হ’ল৷ গতিকে চৰকাৰে ইয়াক সাফল্যক এক দিৱস হিচাপে উদ্যাপন কৰিব পাৰে৷ ১৯৭৯ চনৰ পৰা হোৱা ছবছৰীয়া বিশ্ববিশ্ৰুত গণ আন্দোলনৰ পৰিপ্ৰেক্ষিতত ১৯৮৫ চনত নতুন দিল্লীত হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা অবৈধ বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ সেই চুক্তি ৩৯ বছৰে কেন্দ্ৰত থকা, অসমত থকা কোনো চৰকাৰে ৰূপায়ণ কৰিব নোৱাৰিলে, কিন্তু বিজেপি-নেতৃত্বাধীন চৰকাৰে প্ৰতিবেশী ৰাষ্ট্ৰৰ নিৰ্যাতিত নাগৰিকক নাগৰিকত্ব দিম বুলি গ্ৰহণ কৰা আইনখন নিমিষতে ৰূপায়ণ কৰি দেখুৱালে৷ ‘কা’ত ২০১৪ চনৰ ৩১ ডিচেম্বৰ ভিত্তিবৰ্ষ নিৰ্ণয় কৰা হৈছে, কিন্তু ধৰ্মীয় নিৰ্যাতনৰতো কোনো ভিত্তিবৰ্ষ নাথাকে৷

গতিকে আমাৰ দেশত যেতিয়া প্ৰতিবেশী ৰাষ্ট্ৰৰ নিৰ্যাতিত নাগৰিকসকলক নাগৰিকত্ব দিয়াৰ ধাৰাটো আৰম্ভ হ’ল, গতিকে সেই দেশবোৰৰ বাকী সংখ্যালঘুসকলৰ ক্ষেত্ৰতো ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰৰ দায়িত্ব থাকিব৷ তেওঁলোকক নিৰ্যাতনৰ বলি হ’বলৈতো আমাৰ দেশে এৰি দিব নোৱাৰেক্ক বাংলাদেশত মৌলবাদী শক্তিবোৰৰ পুনৰুত্থান ঘটিছে৷ তেওঁলোকে হিন্দুক আক্ৰমণ কৰিছে৷ কাইলৈ সেই দেশৰ ৰ কোটি ৪০ লাখ হিন্দুৱে নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ আহিব খুজিলে তেওঁলোকক আশ্ৰয় দিবলৈও আমি সাজু হৈ থাকিব লাগিব৷ কাৰণ আমাৰ দেশত ‘কা’ আছে৷ অসমো সেই উদাৰতা প্ৰদৰ্শনৰ বাবে সদায় উন্মুক্ত ক্ষেত্ৰ হৈ থাকিব৷ দুলন দাসক স-সন্মানে নাগৰিকত্ব দি চৰকাৰে সেই নৈতিক দায়বদ্ধতা আৰু উদাৰতাৰ পৰিচয় দি থৈছে৷ অসম আন্দোলন, অসম চুক্তি অৰণ্যৰোদন, প্ৰহসনৰ বাদে আন একো নহয়৷ কেৱল বিজেপিয়ে নহয়, কংগ্ৰেছ-অগপ কাৰো এই ক্ষেত্ৰত দায়বদ্ধতা নাই৷ দুলন দাস তাৰ জ্বলন্ত উদাহৰণ৷ ৫০ বছৰীয়া দুলন দাসৰ ঘৰ আছিল বাংলাদেশৰ ছিলেট জিলাত৷

সেই সম্পৰ্কীয় নথি তেওঁ ভাৰতৰ নাগৰিকত্ব বিচৰা আৱেদনত উল্লেখ কৰিছে৷ সেই দুলন দাস অসমত প্ৰৱেশ কৰিছিল ১৯৮৮ চনত, অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছত৷ তেতিয়া ৰাজ্যত প্ৰবল প্ৰতাপী অসম আন্দোলনৰ নেতাসকলৰ শাসন চলি আছিল৷ সেই দুলন দাসে নাগৰিকত্ব নাপালেও অসমত বসবাস কৰি থকাত অসুবিধা নহ’লহেঁতেন, কাৰণ জনা মতে তেওঁ ভোটাৰ কাৰ্ড, গাড়ী চালনাৰ অনুজ্ঞা-পত্ৰ, পান, আধাৰ কাৰ্ডকে ধৰি প্ৰয়োজনীয় সকলো নথি-পত্ৰ উলিয়াই লৈছে কংগ্ৰেছ ৰাজ্যৰ শাসনত থকাৰ সময়তে৷ এতিয়া বিজেপিয়ে যেনিবা আনুষ্ঠানিকভাৱে নাগৰিকত্ব দি তেওঁক গজগজীয়া কৰি পেলালে৷ অসম চুক্তিত বিদেশীৰ ধৰ্মৰ বিভাজন নাছিল, আমাৰ দেশৰ সংবিধানতো নাই, কিন্তু অসমত এতিয়া ধৰ্মৰ নামত অনুপ্ৰৱেশকাৰীৰ বিভাজন কৰা হ’ল– হিন্দুসকল বৈধ, মুছলমান অবৈধ৷ ‘কা’ও এনেকুৱা এখন আইন, যিখন আকৌ উত্তৰ পূবৰ কেৱল অসম আৰু ত্ৰিপুৰাতহে প্ৰযোজ্য৷ গতিকে বিজেপি চৰকাৰে বৈধ কৰা বা বৈধ কৰিব লগা হিন্দু-বাংলাদেশীসকলৰ বাবে এই দুখন ৰাজ্যই অন্যতম প্ৰধান বিকল্প৷

অসম চুক্তি অপ্ৰাসংগিক হ’ল, নাগৰিকপঞ্জী ধোঁৱাচাঙত উঠিল, অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদনখন জাৰজ সন্তানৰ নিচিনা হ’ল৷ গতিকে কংগ্ৰেছৰ আমোলত অহা, বিজেপিৰ আমোলত একাংশই বৈধতা পোৱা হিন্দু-মুছলমান সকলো অনুপ্ৰৱেশকাৰীৰ বাবে সুচল আশ্ৰয়স্থল আমাৰ অসমখন৷ খিলঞ্জীয়া মানুহৰ দাবী-প্ৰতিবাদৰ ইয়াত কোনো মূল্য নাই৷ দুলন দাসৰ অধ্যায়টোৱে ইয়াৰ খিলঞ্জীয়া মানুহখিনিক পুনৰ এবাৰ সেই কথাই সকীয়াই দিলে৷

Share This