ডিজিটেল ডেস্ক: ইৰানৰ সৈতে ভয়ংকৰ যুদ্ধ চলি থকাৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীলৈ (আই ডি এফ) অহা গুৰুতৰ সংকটৰ বিষয়ত মন্তব্য প্রকাশ কৰিছে খোদ দেশখনৰে সেনাৰ মুৰব্বীজনে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ চীফ অব দ্য ষ্টাফ লেফটেনেন্ট জেনেৰেল ইয়াল জামিৰে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহু নেতৃত্বাধীন চৰকাৰখনক সতর্ক কৰি দিয়ে যে ইজৰাইলী সামৰিক বাহিনী বিধবস্ত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। একে সময়ত বহুতো সামৰিক অভিযান চলোৱাটো এতিয়া ইজৰাইলী সেনাৰ বাবে অসম্ভৱ হৈ পৰিছে বুলি সেনাৰ মুৰব্বীজনে স্বীকাৰ কৰে। তদুপৰি, পূর্বে হামাছৰ বিৰুদ্ধে যুঁজ, এতিয়া মধ্য এছিয়াৰ
যুদ্ধত নিয়োজিত হোৱাৰ বাবে ইজৰালী প্ৰতিৰক্ষা বাহিনীত সৈন্যৰ প্ৰবল নাটনি হৈছে। আই ডি এফৰ মুৰব্বীজনৰ উদ্ধৃতি দি টাইমছ অব্ ইজৰাইলে প্রকাশ কৰা বাতৰিত এই তথ্য প্রকাশ পাইছে। বাতৰি অনুসৰি, জামিৰে এখন নিৰাপত্তা কেবিনেট বৈঠকত দেশখনৰ নেতৃত্বক সকীয়াই দিয়ে যে ইজৰাইলী সামৰিক বাহিনী এদিন নিজে নিজেই নিঃচিহ্ন হৈ যাব। যুদ্ধত অবিৰাম নিয়োজনৰ বাবে ইতিমধ্যে বহু ইজৰাইলী সেনা নিহত হৈছে। তদুপৰি, বাৰে বাৰে যুদ্ধৰ সন্মুখীন হোৱাৰ বাবে বহুতো সৈন্যই বাহিনীত থকাৰ ক্ষেত্ৰত অনীহা প্রকাশ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীত সৈন্যৰ নাটনি হৈছে বুলি আই ডি এফৰ মুৰব্বীজনে উদ্বেগ প্রকাশ কৰে। এই ক্ষেত্ৰত কেবিনেট বৈঠকখনত আই ডি এফৰ মুৰব্বীজনে দেশখনৰ চৰকাৰক ১০ দফীয়া ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিয়ে। দেশখনৰ সামৰিক সামৰিক আইনত সৈন্যৰ কতৰ্য্যৰ বিষয়ত জৰুৰী সংশোধন নানিলে, ইজৰাইলী সামৰিক বাহিনী শীঘ্রেই বিধ্বস্ত হ'ব বুলি জামিবে আশংকা প্রকাশ কৰে।
সামৰিক অভিযান চলোৱাৰ বাবে ইজৰাইলী সেনাত সৈন্যৰ প্ৰবল নাটনি হৈছে বুলি প্রধানমন্ত্রী নেটান্যাহুক সকীয়াই দিয়ে লেঃ জেনেৰেল জামিৰে। তেওঁ কয় যে ২০২৩ চনৰ পৰাই গাজাত যুদ্ধৰ সূচনা হোৱাৰ পাছত কেৱল ১২০০০ সৈন্যৰ সৈতেহে ইজৰাইলে সামৰিক অভিযান চলাই আছে। তদুপৰি, বৰ্তমান মধ্যপ্ৰাচাৰ যুদ্ধত একেখিনি সৈন্যকে নিয়োজিত কৰিবলগীয়া হোৱাত দেশখনত সৈন্যৰ প্রবল নাটনি হৈছে। আনহাতে, এই খবৰৰ পাছতেই দেশখনৰ বিৰোধী নেতা য়াৱিৰ লাপিডে অভিযোগ কৰে যে কোনো যুদ্ধ-কৌশল নোহোৱাকৈ চৰকাৰে দেশখনৰ সেনাক কেইবাখনো যুদ্ধক্ষেত্রত নিয়োজিত কৰাৰ বাবেই সামৰিক বাহিনীত এই অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে।