আজিৰ সম্পাদকীয়, টাটাৰ সাম্ৰাজ্য

Dainik Janambhumi August 05, 2024

ডিজিটেল ডেস্কঃ দেশৰ সর্বশ্রেষ্ঠ কোম্পানীবোৰৰ অন্যতম টাটা গ্রুপৰ শতাধিক কোম্পানী দেশ- বিদেশত বিস্তাৰিত হৈ আছে। অংশীদাৰী বজাৰত ইয়াৰ বজাৰ মূল্য ১৬ লাখ কোটি টকাৰ, য'ত টাটা মটছ, টাটা স্টিলৰ পৰা 'ই-কমার্চ লৈকে ব্যবসায়ন অন্তর্ভুক্ত হৈ আছে।

সেই 'টাটা জন্‌ছ'-এ তেওঁলোকৰ ব্যাবসায়িক সাহাজ্যখনৰ সর্বশেষ সম্প্রসাৰণ ঘটাইছে আমাৰ ৰাজ্যৰ জাগাৰোডলৈ। জাগীৰোডত টাটা ছনহ'-এ স্থাপন কৰিবলগীয়া জেনি কণ্ডাক্টৰ নির্মাণৰ উদ্যোগটোৰে অসমক এটা নতুন পৰিচয় দিবই, লগতে ই দেশৰ তথ্য প্রযুক্তিৰ ব্যবসায়ৰ ক্ষেত্রখনলৈও বৈপ্লবিক ব্যাপান্তৰ অনাৰ সম্ভাবনা আছে। এই ছেমি কণ্ডাক্টৰ নির্মাণৰ উদ্দ্যোগটোন শনিবাবে ভূমি পূজন হৈ যোৱাৰ দিনটোতে টাটাৰ সাম্রাজ্যত অন্য এক ক্ষেত্রৰ সংযোজন ঘটাই কাজিৰঙাত এখন পঞ্চতাৰকা হোটেল নির্মাণৰ বুজাবুজিৰ চুক্তি মুখ্যমন্ত্রীও হিমন্ত বিশ্ব শর্মা আৰু টাটা জন্‌ছব অধ্যক্ষ নটবাজন চন্দ্রশেখণণব উপস্থিতিত স্বাক্ষৰ হয়।

টাটা গ্রুপবে অন্তর্গত হাতীখুলি চাহ বাগিচাৰ এক অংশব বৃহৎ এলেকাত চাহ গছ উদ্ভালি পঞ্চতাৰকা হোটেল নির্মাণৰ বাবে লোৱা সিদ্ধান্তৰ চাহ শ্রমিকে মুকলি প্রতিবাদ কৰিছে। হোটেলখনে কাজিৰঙাৰ প্রাণীকুলৰ বিচৰণত পেলাব পৰা প্রভাবক লৈও প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কিন্তু এই প্রতিবাদ যে শক্তিশালী উদ্যোগিক ব্যাবসায়িক গোষ্ঠীটোরে মানি নলয় সেয়া শনিবাৰৰ চুক্তিখনেই প্রতিপন্ন কৰিছে। টালিব অন্যতম বৃহৎ সেবাখণ্ড তাজ গ্রুপৰ অধীনত স্থাপন হ'বলগীয়া এই পক্ষতাককা হোটেল তথা 'স্পা'খনে কাজিৰঙাৰ দৃশ্যপটক এটা নতুন ৰুপ দিব যে সেইটো খাটাং। আমাৰ হালোৱা-হজুৰা, শ্রমজীবী মানুহৰ এই পঞ্চতাৰকা হোটেলৰ পৰা পাব লগা একো নাই, তলব শ্রেণীৰ দুই-এটা চাকনিৰ বাদে স্থানীয়া লোকৰ পঞ্চতাৰকা হোটেলত সংস্থাপনৰ বিশেষ সুযোগো নাথাকিব, কিন্তু কাজিৰঙা দর্শন কৰিবলৈ অহা দেশ-বিদেশৰ ধনাঢ্য পর্যটকসকলৰ বাবে নিশ্চিতভাবে এই পঞ্চতাবকা হোটেলখন আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিব। সামগ্রিকভাবে বাজাৰ অর্থনীতিত এই ডেনি কণ্ডাক্টৰ উদ্যোগ আৰু পঞ্চতাৰকা হোটেলে যে যথেষ্ট বৰঙনি আগবঢ়াব সেইটো নিশ্চিত। ছেমি কন্ডাক্টৰ নির্মাণৰ মূল উদ্যোগটোত প্রত্যক্ষ আৰু পৰোক্ষ সংস্থাপনৰ এখন বিশাল ক্ষেত্র মুকলি হোবান সমান্তবালকৈ আনুসংগিক বহু উদ্যোগ ব্যবসায় গঢ় লৈ উঠাৰ সম্ভাবনা আছে।

এনেদৰে কাগজ কল বন্ধ হৈ পৰাৰ পাছত মৃতপ্রায় হৈ পৰা জাগীৰোডৰ সেই উদ্যোগিক এলেকাত নতুন প্রাণৰ সঞ্চাৰ ঘটিব। টাটা গ্রুপৰ এই দুটা নতুন উদ্যোগৰ প্রতিষ্ঠা লগ্নত মুখ্যমন্ত্রী ও' হিমন্ত বিশ্ব শর্মাই এটা কথা কৃতজ্ঞতাৰে উল্লেখ কৰিছে যে টাটা গ্রুপৰ লগত অসমৰ সম্পর্ক দুশ বছৰীয়া। অসমত টাটা গ্রুপৰ ২১খন চাহ বাগিচা আছে, ৪খন আছে পশ্চিম বংগত। এই কোম্পানীয়ে বছৰি প্রায় ৪০ লাখ নিযুত চাহ উৎপাদন কৰে। উৎপাদন আৰু বিক্রীৰ নতুন সংমিশ্রণ ঘটাই টাটা গ্রুপণ চাহ বাগিচাসমূহে শেহতীয়াকৈ যথেষ্ট লাভৰ মুখ দেখিবলৈ সক্ষম হোৱা বুলি 'টাটা গ্রুপ এন্টাৰপ্লাই এমালগেমেটেড প্লেনটেশ্যনছ' (এ পি.পি এল) এম ভি তথা চি ই অ'বিক্রম সিং গুলীয়াই দেশব এখন আগশাৰীৰ সংবাদপত্রত প্রকাশ কৰিছিল। উল্লিখিত ব্যাবসায়িক দিশবিলাকৰ অগ্রগতিৰ মাজতে টাটা গ্রুপ অন্য এক বিশেষ ক্ষেত্রতো অসমৰ বাবে অতি গুরুত্বপূর্ণ হৈ পৰিছে। সেয়া হৈছে কর্কট ৰোগৰ চিকিৎসা সেৱা। ৰাজ্যৰ পূর্ববর্তী স্বাস্থ্য মন্ত্রী কেশব মহন্তই অসম বিধানসভাৰ মজিয়াত দিয়া তথ্য মতে, প্রতি বছৰে অসমত ৫০ হাজাৰ লোক কর্কট ৰোগত আক্রান্ত হয়। গড় হিচাপে এই সংখ্যা এক লাখত ১১৪গবাকী।

ৰাষ্ট্রীয় হাৰতকৈ (১৭ প্রতি ১ লাগত) এই পৰিমাণ বহুত বেছি। এনেকুৱা এখন ৰাজ্যত টাটা গ্রুপে অসম চৰকাৰৰ সৈতে লগ হৈ কর্কট ৰোগৰ চিকিৎসাৰ বাবে যি ব্যৱস্থা গ্রহণ কৰিছে সেয়া দৰিদ্র পবিয়ালৰ বাবে এক ডাঙৰ সকাহ। টাটা ট্রাস্টে অসম চৰকাৰৰ সহযোগত ৰাজ্যত মুঠ ১৭খন কর্কট চিকিৎসালয় স্থাপনৰ দায়িত্ব গ্রহণ কৰিছে আৰু ইয়াৰে ৭খন যোৱা ২০২২ বর্ষত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুকলি কৰিছিল। যিবিলাক পৰিয়ালৰ লোক এইবিধ ৰোগত আক্রান্ত হৈছে তেওঁলোকে জানে ৰাজ্যৰ বাহিৰত ৰোগবিষৰ দীঘলীয়া চিকিৎসা কৰাবলৈ গৈ পৰিয়ালবিলাক কেনেদৰে আর্থিক, মানসিক, শাবীবিকভাবে জজৰিত হ'ব লগা হয়। তেনে অৱস্থাত ৰাজ্যত ব্যয়সাধ্য বিশ্বাসযোগ্যভাবে এই চিকিৎসা কাৰোবাৰ বাবে টাটা গ্রুপে লোৱা ব্যবস্থা নিশ্চিতভাবে প্রশংসনীয়। এনেকৈ ব্যৱসায় আৰু সেৱা দুয়োটা দিশতে টাটা গ্রুপৰ সাম্রাজ্যগন অসমত সম্প্রসাৰিত হৈ গৈ আছে।

অনুকূল পৰিৱেশ পালে টাটা গ্রুপৰ অন্য কিছুমান ব্যাবসায়িক শাখাৰো সম্প্রসাৰণ অসমত নিশ্চয় হ'ব। যোৱা ১০/১২ বছৰৰ ভিতৰত টাটা গ্রুপৰ অসমত সক্রিয়তা লক্ষণীয়ভাবে বৃদ্ধি পাবলৈ ধৰিছে। এনে এটা দেশাত্মবোধসম্পন্ন, অভিজাত প্রতিষ্ঠানে অসমক দিয়া গুৰুত্ব কম কথা নহয়। অন্য কিছুমান পুঁজিপতিৰ তুলনাত টাটা গ্রুপৰ সাম্রাজ্যৰ অসমলৈ সম্প্রসাৰণ ঘটাটো বেয়া বুলিব নোৱাৰি। টাটা গ্রুপৰ উদ্যোগক ৰাজ্যবাসীয়ে আদৰণিও জনাইছে। ৰাজ্যবাসীৰ মাথোঁ এটাই আশা- ইয়াৰ খিলঞ্জীয়াৰ স্বার্থক যাতে প্রতিষ্ঠানটোবে সদায় অগ্রাধিকাৰ দিয়ে।

Share This