জলাশয়ত ব্ৰহ্মপুত্ৰ-উপনৈৰ পানী আবদ্ধ কৰি সমাধান কৰা হ’ব অসমৰ বান সমস্যা

Dainik Janambhumi August 01, 2024

দৈনিক জনমভূমিঃ বাৰিষা কালত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ২৭১টা জলাশয়ত আবদ্ধ কৰি ৰাখি অসমৰ বান সমস্যা সমাধান কৰিব কেন্দ্ৰীয় চৰকাৰে৷ শুনিবলৈ আচৰিত যেন লাগিলেও এই পৰিকল্পনাৰ কথা আজি সংসদৰ মজিয়াত ৰাজহুৱা কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে৷

আজি ৰাজ্য সভাত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে কেন্দ্ৰীয় মহাকাশ বিভাগৰ অধীনস্থ নৰ্থ-ইষ্টাৰ্ন স্পেচ এপ্লিকেশ্যন চেণ্টাৰে [এন ই এছ এ চি] শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বিভিন্ন তথ্যপাতিক লৈ এখন বিশেষ নদী মানচিত্ৰ প্ৰস্তুত কৰিছে৷ আনহাতে, অসমৰ বান ব্যৱস্থাপনাত নেশ্যনেল ৰিমোট ছেন্সিং চেণ্টাৰ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰকো সামৰি লোৱা হৈছে বুলি জনাই তেওঁ কয়– ১৯৯৮ চনৰ পৰা ২০২৩ চনলৈকে ছেটেলাইটৰ পৰা লব্ধ তথ্যৰ আধাৰত এই দুই সংস্থাই অলপতে অসমৰ বাবে এখন বিশেষ আঁচনি যুগুতাই উলিয়াইছে৷

 ইফালে যোৱা পাঁচ বছৰত কেন্দ্ৰই বান সাহায্যৰ নামত প্ৰদান কৰা পুঁজিৰ লগতে বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা প্ৰকাশ কৰি কয় যে  ২০১৯ চনৰ পৰা এতিয়ালৈকে অসমৰ বানপানীত মুঠ ৮৮০ লোকৰ প্ৰাণহানি ঘটিছে৷ বিস্তৃত তথ্য মতে ২০১৯ চনত ১৫৭জন, ২০২০ চনত ১৯০জন, ২০২১ চনত ৭৩জন, ২০২২ চনত সৰ্বাধিক ২৭৮জন, ২০২৩ চনত ৬৫জন আৰু চলিত বছৰৰ বানপানীত এতিয়ালৈকে ১১৭জন লোকে প্ৰাণ হেৰুৱাইছে৷ আনহাতে, বিগত পাঁচ বিত্তীয় বৰ্ষত [২০১৯-২০১ পৰা ২০২৩-২৪ লৈকে] ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি [এছ ডি আৰ এফ], ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি [এন ডি আৰ এফ] আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি [এছ ডি এম এফ]– এই তিনিটা শিতানত কেন্দ্ৰীয় চৰকাৰে অসমলৈ মুঠ ৩,৮৩২.৪৭ কোটি টকা মোকলাই দিছে৷ লক্ষণীয়ভাৱে ইয়াৰ ভিতৰত এন ডি আৰ এফ শিতানত কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ২৯৪.৩৭ কোটি টকাহে অসমক প্ৰদান কৰিছে৷

Share This