দুহাততে জেতুকাৰ বোল, পদূলিলৈ বাট চাই ৰ’ল কইনা; বিয়াৰ দিনাই ঘৰত তলা লগাই পলাল দৰাঘৰীয়া

Nikimoni Kachari April 03, 2026

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মিৰাট জিলাত এক মৰ্মান্তিক আৰু আচৰিত কৰা ঘটনা পোহৰলৈ আহিছে। বিয়াৰ সাজ পিন্ধি হাতত জেতুকা লৈ এগৰাকী কইনাই দৰা আৰু বৰযাত্ৰীৰ বাবে অপেক্ষা কৰি ৰ’ল, কিন্তু নাহিল দৰা। পৰৱৰ্তী সময়ত জানিব পৰা গৈছে যে দৰা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ঘৰত তলা লগাই উধাও হৈছে।

জানিব পৰা মতে, মিৰাটৰ শ্যাম নগৰৰ বাসিন্দা এগৰাকী যুৱতীৰ সৈতে আৰিফ নামৰ এজন যুৱকৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। দুই পৰিয়ালৰ মাজত হোৱা আলোচনাৰ অন্তত ২ এপ্ৰিলত তেওঁলোকৰ নিকাহ (বিবাহ) সম্পন্ন হোৱাৰ দিন স্থিৰ কৰা হৈছিল।

বিয়া উপলক্ষে কইনাৰ ঘৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছিল। প্ৰায় ৩০০ গৰাকী আলহীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে ঘৰখন পোহৰেৰে সজাই তোলা হৈছিল। কইনাই বিয়াৰ সাজ পিন্ধি দৰা অহাৰ মুহূৰ্ত গণি আছিল। কিন্তু নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পিছতো যেতিয়া বৰযাত্ৰী আহি নাপালে, তেতিয়া কইনা পক্ষৰ লোক চিন্তিত হৈ পৰে।

দৰা আৰিফৰ ম'বাইল ফোন চুইচ অফ পোৱাত কইনা পক্ষৰ কেইজনমান লোক তেওঁৰ ঘৰলৈ ৰাওনা হয়। কিন্তু তাত গৈ যি দৃশ্য দেখিলে সেয়া আছিল কল্পনাৰো অগোচৰ। দৰাৰ ঘৰৰ মূল দুৱাৰত তলা ওলমি আছিল আৰু গোটেই পৰিয়ালটো ঘৰ এৰি পলায়ন কৰিছিল।

এই ঘটনাই কইনাৰ পৰিয়ালটোক মানসিকভাৱে ভাঙি পেলাইছে। নিজ কন্যাক এনেদৰে প্ৰতাৰণা কৰা দেখি কইনাৰ পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। মুহূৰ্তৰ ভিতৰতে বিয়াৰ আনন্দৰ পৰিৱেশ কান্দোনৰ ৰোলত পৰিণত হয়।

এই ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে স্থানীয় থানাত দৰা আৰিফ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সামাজিক আৰু মানসিক মৰ্যাদা হানি কৰাৰ অভিযোগত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ মতে, দৰাৰ পৰিয়ালৰ একাংশই এই বিবাহৰ বিৰোধিতা কৰি আহিছিল, যিয়ে এই পলায়নৰ আঁৰত এক ডাঙৰ কাৰণ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে।

বৰ্তমান আৰক্ষীয়ে পলাতক দৰা আৰু তেওঁৰ পৰিয়ালৰ সন্ধান চলাই আছে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This