কিতাপ পঢ়াৰ আনন্দ
Dainik Janambhumi
August 10, 2024
ডিজিটেল ডেস্কঃ কিতাপ পঢ়াৰ আনন্দই সুকীয়া৷ এনে বহুসংখ্যক কিতাপ আছে, যিবোৰ পঢ়ি গৈ থাকিলে কেতিয়াবা ভোক-পিয়াহ নাইকিয়া হৈ যায় আৰু একেবাৰতে পঢ়ি শেষ কৰিব মন যায়৷ তেনে এখন আত্মজীৱনীমূলক উপন্যাস হ’ল ‘দৈফাং’ ৷ ‘দৈফাং’ উপন্যাসখন লিখিছে ধ্ৰুৱজিৎ শইকীয়াই৷ ‘দৈফাং’ এনে এখন উপন্যাস য’ত অসম আন্দোলন, অসমৰ সশস্ত্ৰ সংগ্ৰামৰ কাহিনীৰ লগতে নিজৰ পঢ়া বিদ্যালয়-মহাবিদ্যালয়ৰ , প্ৰেমিকা পঢ়া বিদ্যালয়-মহাবিদ্যালয়ৰ কথাও ঠাই পাইছে উপন্যাসখনত ৷
দৈফাং উপন্যাসখনৰ মূল চৰিত্ৰটি হৈছে ৰূপম৷ৰূপম মাজুলীৰ দৰে বান প্ৰভাৱিত গাঁৱত জন্মলাভ কৰা ৰূপমৰ পৰিয়ালটোৰ মাক-দেউতাক, ভায়েক-ভনীয়েকৰ চৰিত্ৰবোৰৰ জৰিয়তে মাজুলীৰ জনসাধাৰণৰ জীৱনৰ সংগ্ৰামখন, বানৰ সৈতে কৰা সহাৱস্থানৰ কথা অতি সুন্দৰকৈ দাঙি ধৰিছে ৷
ঐতিহাসিক অসম আন্দোলনৰ উকমুকনি আৰম্ভ হয় দৰং জিলাত য’ত ৰূপমৰ কৰ্মস্থলী৷ বড়োসকলৰ ডিভাইড আছাম ৫০/৫০ ৰ লগতে সশস্ত্ৰ সংগ্ৰামৰ আৰম্ভণিৰে ৰূপমক বেঢ়ি ধৰে নিজৰ কৰ্তব্যস্থলীতে৷ ৰূপমে প্ৰত্যক্ষ কৰে অসম আন্দোলনত মুছলমান অঞ্চলৰ পৰিৱেশ, পৰিস্থিতিত বাহিৰৰ পৰা যোৱা চাকৰিয়াল অসহায়বোধ৷ সশস্ত্ৰ বিপ্লৱৰ সময়ত আলফাৰ চাল-চলন, মেল মিটিঙৰ মাজতে আত্মপ্ৰকাশ ঘটা বড়ো সশস্ত্ৰ সংগ্ৰামীৰ টকা দাবী, অপহৰণ বা মুকলিতে কৰা হত্যাৰ দৰে ঘটনা প্ৰত্যক্ষ কৰে ৰূপমে৷ এইখিনি সময়তে ৰূপমে প্ৰেমত পৰে প্ৰীতিৰ সৈতে৷
উচ্ছ শিক্ষাৰে শিক্ষিত হ’বলৈ গৈ থকা প্ৰীতি নামৰ ছোৱালীজনীৰ সৈতে হোৱা প্ৰেমে শেহলৈ ৰূপমৰ পত্নী হৈ পৰিছিল৷ ভালপোৱাৰ কাহিনীয়ে উপন্যাসখনত অতি কৌশলপূৰ্ণভাৱে লেখকে আগবঢ়াই নিছিল পঢ়ুৱৈৰ সন্মুখলৈ৷ শিক্ষকসকলৰ কথা, বিভিন্ন প্ৰেক্টিকেল শ্ৰেণীৰ কাহিনীৰে এখন আংশিক কেম্পাছ উপন্যাসৰ চৰিত্ৰও দাঙি ধৰিছে৷
Share This