ছ’চিয়েল মিডিয়াত হালধি আৰু পানীৰ যাদু! এই ট্ৰেণ্ডৰ আঁৰৰ কাৰণ জানো আহক

Kakali Deka June 22, 2025

ডিজিটেল ডেস্কঃ যদি আপুনি ছ’চিয়েল মিডিয়াৰ প্ৰতি আকৰ্ষিত, তেন্তে প্ৰতিদিনে কি নতুন ট্ৰেণ্ড ঘটিছে তাৰ ওপৰত নিশ্চয় চকু ৰাখিছে। প্ৰায়ে কিবা এটা অনন্য কথা ভাইৰেল হৈ পৰে, আৰু বৰ্তমান "পানী আৰু হালধি"ৰ ট্ৰেণ্ডটো বহুত চৰ্চিত। ইয়াত মানুহে ফ’নটোৰ টৰ্চত গিলাচ এটা দি তাত পানী আৰু হালধিৰ গুৰি ঢালি দিয়ে, যাৰ ফলত এক বিশেষ দৃশ্যৰ সৃষ্টি হয়। মানুহে দ্ৰুতগতিত হালধিৰ ট্ৰেণ্ডটো গ্ৰহণ কৰিছে, আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছ।

বৈজ্ঞানিক কাৰণ

হালধি আমাৰ দৈনন্দিন জীৱনত খাদ্যৰ বাবে ব্যৱহাৰ কৰা এবিধ মচলা। যেতিয়া ই পানীত মিহলি কৰা হয়, তেতিয়া মিশ্ৰণটো অধিক উজ্জ্বল হৈ জ্বলি থকা যেন লাগে। ইয়াৰ মূল কাৰক হৈছে হালধিত থকা Curcumin নামৰ প্ৰাকৃতিক ৰঞ্জক। ই চেনি বা নিমখৰ দৰে সম্পূৰ্ণ মিহলি হৈ নাযায়। হালধিত থকা সৰু সৰু কণিকাবোৰ পানীত ওপঙি থাকে। সেয়ে ই উজ্জ্বল হৈ পৰে। Curcuminৰ যথেষ্ট এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে, যি ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

যদি আমি হালধিৰ গুড়ি বা এটা ভিটামিন B2-ৰ কেপচুল কথা ক’বলৈ যাওঁ, তেন্তে Ultraviolet ৰশ্মিৰ পোহৰত পানীক উজ্জ্বল কৰি তোলে। যেতিয়া ইয়াৰ ওপৰত সূৰ্যৰ পোহৰ বা ফ্লাছৰ পোহৰ পৰে, তেতিয়া এই কণিকাবোৰে সেই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটায়। সেই বাবে ম’বাইল ফ্লাছৰ ওপৰত থোৱা কাঁচৰ পানীৰ গিলাচত হালধি গুড়ি বা ভিটামিন B2 মিহলালে উজ্জ্বলতা দেখা যায়। সেয়ে সকলোৱে পোহৰৰ এই যাদু চাই আনন্দ পাইছে।


এই ভিডিঅ'টো প্ৰথমে ১৫ জুন তাৰিখে ইনষ্টাগ্ৰাম হেণ্ডেল @prince_poovathingal ৰ পৰা প’ষ্ট কৰা হৈছিল, যিটোৱে বাতৰি লিখাৰ সময়লৈকে ৭৭ লাখ ভিউজ আৰু ৫ লাখ ৫৭ হাজাৰ লাইক লাভ কৰিছে। আনহাতে ১ হাজাৰতকৈ অধিক ব্যৱহাৰকাৰীয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহু ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টোক হৃদয়স্পৰ্শী বুলি ক’লেও কিছুমানে কৌতুহল প্ৰকাশ কৰি সুধিলে যে পানীত সেই গুড়িটো কি যোগ কৰা হৈছে? যাৰ উত্তৰত কোৱা হৈছিল যে ই হালধি।

Share This