ডিজিটেল ডেস্ক: একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্রী হিচাপে আজি ড° হিমন্ত বিশ্ব শর্মাই শপত ল'ব। কিন্তু শপত লোৱাৰ পূৰ্বেই কালি ড° শর্মাই অনাগত পাঁচ বছৰত কৰিব লগীয়া কামৰ এক ৰূপৰেখা ৰাজহুৱা কৰে। শিক্ষা, সংস্থাপন, আন্তঃগাঁথনি, স্বাস্থ্য আদি কেইবাটাও বিষয় সামৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, 'প্রতিশ্রুতিৰ পূৰ্ণতা আমাৰ লক্ষ্য।'
বিগত কার্যকালত স্বচ্ছ-নিকা প্ৰক্ৰিয়াৰ মাজেৰে অসমৰ ১.৬৫ লাখ যুৱক-যুৱতীক চৰকাৰীভাৱে সংস্থাপিত কৰা হৈছিল বুলি জনাই তেওঁ কয় যে এইবাৰ দুই লক্ষাধিক চাকৰি প্ৰদানৰ লগতে দহ লক্ষাধিক যুৱক-যুৱতীক স্বাৱলম্বিতাৰ নতুন বাট দেখুওৱাৰ স্বাৰ্থত উদ্যমিতাৰ সুযোগ প্রদানৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।
আগন্তুক পাঁচ বছৰে নিৰ্ণয় কৰিব অগ্রগামী নতুন অসমৰ ভৱিষ্যতৰ গতি। আনহাতে অসমৰ চৰকাৰী তথা বনভূমিত অবৈধভাৱে দখল কৰি থকা অচিনাকি লোকসকলক সেই ভূমিৰ পৰা উচ্ছেদ কৰি ১ লাখ ৫০ হাজাৰ বিঘাতকৈ অধিক ভূমি যোৱা ৫ বছৰত বেদখলমুক্ত কৰিবলৈ সক্ষম হোৱাৰ কথা জনাই ড° শৰ্মাই কয়, 'আমাৰ পৰৱৰ্তী লক্ষ্য হিচাপে অহা পাঁচ বছৰত ৫ লাখ বিঘা ভূমি অবৈধ দখলকাৰীৰ পৰা উদ্ধাৰ কৰিম। এয়া আমাৰ প্ৰতিশ্রুতি নহয়, অসমৰ সুৰক্ষাৰ স্বাৰ্থত এয়া আমাৰ দৃঢ় সংকল্প। শীঘ্ৰে সেই 'মহাযজ্ঞ' আৰম্ভ হ'ব। ইফালে চাহ শ্রমিকসকল আমাৰ ২০০ বছৰীয়া সোণসেৰীয়া পৰিচয় আৰু ঐতিহ্যৰ মূল ভেটি বুলি অভিহিত কৰি ড° শৰ্মাই কয়- 'যোৱা ১০ বছৰত এন ডি এ চৰকাৰে অসমৰ চাহ শ্ৰমিকসকলৰ সামগ্রিক উন্নয়নৰ বাবে কাম কৰি আহিছে।
এন ডি এ চৰকাৰৰ তৃতীয় সংস্কৰণত প্ৰতিজন চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাক অধিক শক্তিশালী কৰি তুলিবলৈ পর্যায়ক্রমে ৫০০ টকালৈ মজুৰি বৃদ্ধি কৰা হ'ব। একেদৰে অহা ৫ বছৰত চাহ বাগিচাত পর্যায়ক্রমে ১০০খন নতুন চাহ বাগিচা আদর্শ বিদ্যালয় স্থাপনৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।' আনহাতে অসমত এন ডি এৰ তৃতীয় সংস্কৰণে আত্মনিৰ্ভৰ অসমৰ ভেটি আৰু অধিক শক্তিশালী কৰিবলৈ ১০ লাখ যুৱক-যুৱতীক ৫ লাখকৈ উদগনি সহায় আগবঢ়াব বুলিও জনায় ড° শর্মাই। তেওঁৰ মতে, 'এই পদক্ষেপে নতুন কর্মসংস্থাপন সৃষ্টিৰ লগতে শক্তিশালী কৰিব স্থানীয় অর্থনীতি আৰু সপোন দেখা প্রতিজন উদ্যোগীক যোগাব আগবাঢ়ি যোৱাৰ সাহস। যুৱশক্তিৰ হাতত গঢ় লৈ উঠিব নতুন অসম।'
মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে বাবে মর্যাদাসম্পন্ন জীৱনৰ কথাও ব্যক্ত কৰে। তেওঁ কয়, 'সকলোৰে বাবে মর্যাদাসম্পন্ন জীৱন প্রদান কৰাটো অসম চৰকাৰৰ এক প্রাথমিক অগ্রাধিকাৰ। প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ আৰু নগৰীয়া)ৰ জৰিয়তে এতিয়ালৈকে ২২ লাখৰো অধিক গৃহ নিৰ্মাণ কৰা হৈছে। অনাগত পাঁচ বছৰত নতুনকৈ ১৫ লাখ পকী গৃহ নিৰ্মাণ কৰা হ'ব।
উল্লেখযোগ্য যে বিজেপি চৰকাৰে অসমৰ ঐতিহ্য আৰু সভ্যতাৰ শিপাক অধিক শক্তিশালী কৰাৰ দিশত পদক্ষেপ গ্রহণ কৰাৰ কথা ব্যক্ত কৰে ড° শৰ্মাই। তেওঁ জনায় যে যোৱা পাঁচ বছৰত বটদ্ৰৱা সাংস্কৃতিক প্রকল্প নিৰ্মাণ কৰা হ'ল। এতিয়া অহা পাঁচ বছৰত কামাখ্যা কৰিডৰ প্রকল্পকে ধৰি অসমৰ বিকাশ, ঐতিহ্যৰ এক নতুন পৰিচয় গঢ়ি তোলাৰ চেষ্টা চলোৱা হ'ব। কাৰণ ইতিহাস আৰু ঐতিহ্যৰ সংৰক্ষণেই অসমৰ সংস্কৃতিৰ মূল শক্তি। ইফালে বিগত সময়ছোৱাত চিকিৎসা খণ্ডত বিভিন্ন পদক্ষেপৰ জৰিয়তে অসমৰ উন্নয়নৰ যাত্ৰা আৰম্ভ হৈছিল বুলি জনাই তেওঁ লগতে কয় যে অহা ৫ বছৰত চিকিৎসা খণ্ড আৰু অধিক শক্তিশালী কৰিবৰ বাবে অসম চৰকাৰে আৰু কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ লগতে নতুন পাঠ্যক্রম ( বি ফাৰ্মা) প্ৰৱৰ্তন কৰা হ'ব। আন্তঃগাঁথনিৰ ক্ষেত্ৰত ড° শৰ্মাই জনায় যে যোৱা পাঁচ বছৰত অসমৰ বিভিন্ন প্ৰান্তত পথ, দলং আৰু বিমান বন্দৰ নিৰ্মাণ হোৱাৰ লগতে অধিক উন্নীত কৰাৰ পদক্ষেপ হাতত লোৱা হৈছিল।
অহা ৫ বছৰতো ভবিষ্যৎ প্রজন্মৰ বাবে আৰু অধিক শক্তিশালী আন্তঃগাঁথনি তথা বৃহৎ বিনিয়োগৰ পদক্ষেপ হাতত লোৱা হ'ব। পাঁচ লাখ কোটি টকা বিনিয়োগ কৰাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। আনহাতে কৃষকৰ উন্নয়নৰ বাবে চৰকাৰে কৰি অহা কামৰ কথা উল্লেখ কৰি তেওঁ কয়, 'কৃষকৰ ঘামৰ অধিক মর্যাদা দিবলৈ এন ডি এ চৰকাৰে সদায় প্রয়াস কৰি আহিছে আৰু ইয়াৰ প্ৰমাণ বিগত কার্যকালৰ খতিয়ান। খেতিপথাৰত উন্নয়নৰ নতুন দিশৰ সূচনা কৰি এইবেলিও এন ডি এ ৩.০-ত কৃষক বন্ধুসকলৰ বাবে আমি কেইবাটাও সংকল্প গ্রহণ কৰিছোঁ। ক্ষুদ্ৰ কৃষকৰ সহায়, ট্ৰেক্টৰত ৰাজসাহায্য আৰু ধান ক্ৰয়ত অতিৰিক্ত ৰাজসাহায্যৰে কৃষি অর্থনীতিত নতুন দিগন্তৰ দিশে আগুৱাইছে অসম।' তেওঁৰ মতে এন ডি এৰ দ্বিতীয়টো কার্যকালত ১৮.৮৭লাখ কৃষকে প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ ধন লাভ কৰিছিল।
একেদৰে পাঁচ বছৰত প্ৰায় ৬০ হাজাৰ কৃষকৰ পৰা ২৬.১৯ লাখ মেট্রিক টন ধান ক্রয় কৰিছিল। কিন্তু অনাগত পাঁচ বছৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ এঘাৰ হাজাৰ টকা, দহ হাজাৰ কৃষকলৈ ট্রেক্টৰ ক্ৰয়ত তিনি লাখ টকালৈকে ৰাজ সাহায্য আৰু ধান ক্ৰয়ত অতিৰিক্ত ৰাজ সাহায্য প্রদান কৰা হ'ব।