চন্দ্ৰ পৃথিৱীৰ পৰা আঁতৰি গৈ আছে,দীঘল হৈছে পৃথিৱীৰ দিন !

Jyoti Borah September 12, 2023

ডিজিটেল ডেস্কঃ পৃথিৱীত দিন আৰু ৰাতি হোৱাৰ কাৰণ হ’ল আহ্নিক গতি৷ আহ্নিক গতিয়ে পৃথিৱীত দিন আৰু ৰাতিৰ সময় নিৰ্ধাৰণ কৰে৷ এটা সময়ত পৃথিৱীৰ এটা দিন আজিৰ দৰে ইমান দীঘলীয়া নাছিল৷ আজিৰ পৰা ১৪০ কোটি বছৰৰ আগতে পৃথিৱীৰ এটা দিন আছিল ১৮ ঘণ্টীয়া৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, লাহে লাহে দিন অধিক দীঘলীয়া হৈ গৈ আছে৷ ইয়াৰ প্ৰধান কাৰণ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব বৃদ্ধি পাই গৈ থকাটো৷ 

  উল্লেখযোগ্য যে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব দিনক দিনে বৃদ্ধি পাই গৈ আছে৷ বিজ্ঞানীসকলৰ মতে চন্দ্ৰ পৃথিৱীৰ পৰা প্ৰতিবছৰে ৩.৮২ চেণ্টিমিটাৰকৈ আঁতৰি গৈ আছে৷ ইউনিভাৰ্ছিটি অব্‌ উইনকনছিন-মেডিছনৰ জিঅ’ছায়েন্সৰ অধ্যাপক তথা এই অধ্যয়নটোৰ প্ৰতিবেদনৰ সহযোগী লেখক ষ্টিফেন মেয়াৰ্ছে কয় যে পৃথিৱীৰ পৰা চন্দ্ৰ যিমানেই আঁতৰি গৈ আছে, সিমানেই দিন দীঘলীয়া হৈ গৈ আছে৷ তেওঁ কয় যে চন্দ্ৰ আঁতৰি গৈ থকাৰ ফলত পৃথিৱীয়ে স্কেটাৰে বাহু মেলি ঘূৰাৰ দৰে ঘূৰিবলৈ লয়৷ গৱেষকসকলে এই বিষয়টো বুজি পোৱাৰ কাৰণে এষ্ট্ৰ’ক্ৰন’লজি নামৰ এক সাংখ্যিকীয় কৌশলৰ বিকাশ কৰিছে৷ বিজ্ঞানীসকলে পৃথিৱীৰ প্ৰাচীন ভূগৰ্ভৰ তথ্য, সৌৰজগতৰ বিকাশ আৰু জলবায়ুত সৃষ্টি হোৱা অস্বাভাৱিক পৰিৱৰ্তন, যিবিলাক শিলৰ সৃষ্টি হোৱাৰ সময়ত দেখা পোৱা গৈছিল সেই বিষয়ে এই প্ৰণালীটোৰ সহায়ত জানিব পাৰে৷ তেওঁ প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল এষ্ট্ৰক্ৰন’লজি ব্যৱহাৰ কৰি প্ৰাচীন কালৰ ভূগৰ্ভৰ তথ্য লাভ কৰা আৰু কোটি কোটি বছৰ পুৰণি শিলৰ বৰ্তমানৰ ভূগৰ্ভীয় প্ৰক্ৰিয়াৰ তুলনা কৰি অধ্যয়ন কৰা৷ উল্লেখযোগ্য যে মহাকাশীয় পিণ্ডৰ মাধ্যাকৰ্ষণে  পৃথিৱীৰ ঘূৰ্ণন, উজ্জ্বলতা, সৌৰ কক্ষপথৰ লগতে জলবায়ুত হোৱা পৰিৱৰ্তন কোটি কোটি বছৰপুৰণি তথ্য শিলত নিহিত হৈ থাকে৷ কিন্তু সেইবিলাক উদ্ধাৰ কৰাটো সহজ নাছিল৷ মেয়াৰ্ছ আৰু তেওঁৰ সহযোগীসকলে ২০২২ চনত সৌৰজগতত হোৱা পৰিৱৰ্তনৰ তথ্য উদ্ধাৰ কৰিছিল ২.৪৫ কোটি বছৰ পুৰণি শিলত জমা হোৱা তৰপৰ পৰা৷ এই প্ৰণালীটো উদ্ভাৱন কৰে কলম্বিয়া বিশ্ববিদ্যালয়ৰ লেমণ্ট ডহাৰ্টি আৰ্থ অবজাৰভেটৰীয়ে৷ মেয়াৰ্ছ আৰু তেওঁৰ সহযোগীসকলে টাইমঅপ্ট এম চি এচি নামৰ প্ৰণালী ব্যৱহাৰ কৰি উত্তৰ চীনত পোৱা ১৪০ কোটি বছৰ পুৰণি শিল আৰু দক্ষিণ আটলাণ্টিকৰ ৱালভিছ ৰিজত প্ত.প্ত কোটি পুৰণি শিল অধ্যয়ন কৰি ভালেমান তথ্য লাভ কৰিছে৷ তেওঁলোকে ইয়াৰ জৰিয়তে প্ৰাচীন কালত ঘূৰ্ণনৰ দিশ আৰু কক্ষপথৰ আকাৰ সম্পৰ্কে তথ্য লাভ কৰিছিল৷ ইয়াৰ জৰিয়তে তেওঁলোকে দিন দৈৰ্ঘ্য আৰু পৃথিৱী-চন্দ্ৰৰ দূৰত্বৰ বিষয়ে জানিবলৈ বিচাৰিছিল৷

 মেয়ছে আন কেইজনমান সহযোগীৰ সৈতে মহাসাগৰত জীৱৰ বিকাশ তথা বিলুপ্তিৰ চক্ৰৰ ৪৫ কোটি বছৰ পুৰণি তথ্য লাভ কৰিছে৷ তেওঁৰ মতে ভূগৰ্ভৰ তথ্য প্ৰাৰম্ভিক সৌৰজগতৰ গৱেষণাগাৰৰ দৰে৷ ইয়াৰ জৰিয়তে তেওঁলোকে পৃথিৱীত দিনৰ দৈৰ্ঘ্যৰ তথ্য লাভ কৰি আছে৷
 

Share This