ডিজিটেল ডেস্ক : ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ'বলৈ আৰম্ভ কৰিছে। কিন্তু চলিত বৰ্ষৰ প্ৰথমটো বানে ৰাজ্যৰ পথ যোগাযোগৰ সমান্তৰালভাৱে ৰে'ল যোগাযোগ ব্যৱস্থাতো বৃহৎ ক্ষতিসাধন কৰে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই কালি অসমত ৩০টা বিপজ্জনক অঞ্চল চিনাক্ত কৰিছে, য'ত যোগাযোগ যিকোনো সময়তে বিচ্ছিন্ন হৈ পৰাৰ আশংকা আছে।
উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ'বলৈ আৰম্ভ কৰিছে। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আনুষ্ঠানিকভাৱে মুঠ ৮ খন জিলাত এইপর্যন্ত বানে তাণ্ডৱ সৃষ্টি কৰা বুলি ৰাজহুৱা কৰিছে যদিও বুধবাৰে কেন্দ্ৰীয় চৰকাৰে অসম আৰু অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতি পর্যবেক্ষণ কৰিবলৈ প্ৰেৰণ কৰা মন্ত্ৰী শিৱৰাজ সিং চৌহানক অসম চৰকাৰে এইবাৰ ১২ খন জিলাত বানে তাণ্ডৱৰ সৃষ্টি কৰা বুলি তথ্য প্রদান কৰে।
অসমত এইবাৰৰ বানে মুঠ ২৮২ কোটি টকাৰ ক্ষয়-ক্ষতি কৰা বুলিও তথ্য প্রদান কৰে। লক্ষণীয় যে চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ৪ খন জিলা আজিও বানৰ কবলত আছে। আজি ধেমাজি, ডিব্ৰুগড়, বিশ্বনাথ আৰু নলবাৰী জিলা বানৰ কবলত আছে। এই জিলাকেইখনৰ ৭টা ৰাজহ চক্ৰৰ ২ শতাধিক গাঁও বানৰ কবলত আছে। আনহাতে এতিয়াও অর্ধলক্ষাধিক লোক বানত আক্রান্ত হৈ আছে। অৱশ্যে চলিত বানত এইপর্যন্ত কোনো লোক নিহত হোৱা নাই বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে। আনহাতে চলিত বানে ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাৰ সমান্তৰালভাৱে ৰে'ল যোগাযোগ ব্যৱস্থাতো বৃহৎ ক্ষতিসাধন কৰিছে। ৰাজ্যৰ ৩২২ টা পথৰ ১২১ কিঃমিঃ দৈর্ঘ্য অংশ ক্ষতিগ্রস্ত কৰাৰ লগতে ২ খন লোহাৰ দলং বানে উটুৱাই লৈ গৈছে। ভয়াৱহ বানত ধেমাজিৰ চিমেন চাপৰিত বহু বছৰ পুৰণি এখন ৰে'ল দলং খহি পৰিল।
বানে ৰে'ল যোগাযোগ ব্যৱস্থাৰ প্ৰতিও ভাবুকি অনাৰ কথা কালি প্ৰকাশ কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই। বান বিভীষিকা হ'ব পৰা অঞ্চলসমূহৰ ৰে'ল যোগাযোগ ব্যৱস্থাক লৈ অধিক উদ্বিগ্ন হৈ পৰা উত্তৰ-পূব সীমান্ত ৰে'লৱেই অত্যধিক বৰষুণ আৰু পানীৰ সোঁতে ৰে'লপথত প্ৰভাৱ পেলাব পৰা অসমৰ ৩০টা স্পৰ্শকাতৰ ৰে'ল যোগাযোগ অঞ্চল চিনাক্ত কৰিছে। লামডিং আৰু বদৰপুৰ সংযোগী পাহাৰীয়া ৰে'ল ট্ৰেকত চিনাক্ত কৰা হৈছে এই স্পৰ্শকাতৰ স্থানসমূহ। বাৰিষা এই স্থানসমূহত কোনো যাতে অঘটন নহয় তাৰ বাবে সতর্কতামূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। স্পৰ্শকাতৰ ট্ৰেকৰ স্থানসমূহত ইতিমধ্যে ষ্টেচনাৰী ৱাটচমেন নিয়োগ কৰাৰ লগতে প্রতি ৫০ কিল'মিটাৰ ব্যৱধানত ষ্ট'ৰেজ ইউনিট স্থাপন কৰিছে। সেই এলেকাত কোনো অঘটন হ'লেই এই ষ্ট'ৰেজ ইউনিটসমূহৰ পৰা ততাতৈয়াকৈ মোকাবিলাৰ ব্যৱস্থা গ্রহণ কৰা হ'ব। এই ষ্টৰেজ ইউনিটসমূহত ৰে'ল ট্রেক নিৰ্মাণৰ বাবে প্রয়োজনীয় সকলো সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেই প্রকাশ কৰিছে।
ইফালে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্রকাশ কৰে যে, বানে উটুৱাই লৈ যোৱা চিমেন চাপৰিৰ ৰে'ল দলংখন পুনৰ নিৰ্মাণ কৰাৰ বাবে আৰ ডি এছ অ' টীমে নক্সা প্ৰস্তুত কৰি আছে। নদীখনৰ গতি পথ সলনি হোৱাৰ বাবে এইবাৰ দলংখন কিছু দীঘলকৈ নির্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চিন্তা কৰা হৈছে বুলিও বিষয়াজনে অৱগত কৰিছে।