এন টি এৰ ঘোষণা ২০ জুলাইৰ ঘোষণা ভিতৰত হ'ব 'নীট'ৰ ফল

dainik janambhumi July 03, 2026

ডিজিটেল ডেস্ক : পুনৰ অনুষ্ঠিত হোৱা নেশ্যনেল এলিজিবিলিটি কাম এন্ট্রে-টেষ্ট-আণ্ডাৰ গ্ৰেজুৱেট (নীট-ইউ জি)-ৰ ফলাফল ২০ জুলাইৰ ভিতৰত ঘোষণা। কৰা হ'ব। এই পৰীক্ষা পৰিচালনা কৰা নেশ্যনেল টেষ্টিং এজেন্সিৰ (এন টি এ) এজন জ্যেষ্ঠ বিষয়াই এই কথা জনায়। বিষয়াজনে নির্দিষ্ট তাৰিখ নজনোৱাকৈ কয় যে সোনকালেই ফলাফল ঘোষণা কৰিবলৈ এজেন্সিটোৱে যুদ্ধৰ গতিত কাম কৰি আছে। বিষয়াজনে নিশ্চয়তা দিয়ে যে এম বি বি এছৰ শিক্ষাৰ্থীৰ বাবে শিক্ষা বর্ষত পলম নহ'ব। 

উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এই বছৰৰ ৩ মে'ত নীট-ইউ জি অনুষ্ঠিত হৈছিল। ২০ লক্ষাধিক শিক্ষার্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ উঠাৰ বাবে ১২ মে'ত এন টি এ-এ উক্ত পৰীক্ষা বাতিল কৰিছিল। ২১ জুনত পুনৰ উক্ত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ১৫ মে'ত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল। টেলিফ'নেৰে লোৱা সাক্ষাৎকাৰত সংবাদ প্ৰতিষ্ঠান এ এন আইক বিষয়াজনে কয়, 'বর্তমান আমি কোনো নির্দিষ্ট তাৰিখ ঘোষণা নকৰোঁ, কিন্তু ফলাফল ২০ জুলাইৰ ভিতৰত ঘোষণা কৰা হ'ব। সাধাৰণতে ফলাফল পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৪৫ দিনৰ ভিতৰত ঘোষণা কৰা হয়, কিন্তু এইবাৰ, আমি যিদৰে ৩৭ দিনত পৰীক্ষা অনুষ্ঠিত কৰিলোঁ, তেনেদৰে ফলাফলো সোনকালেই দিম।' 

উল্লেখযোগ্য যে ২৫ জুনত এন টি এ-এ অস্থায়ী 'আনছাৰ কী' জাৰি কৰিছিল আৰু উক্ত 'আনছাৰ কী'ক প্রত্যাহ্বান জনাবলৈ পৰীক্ষাৰ্থীসকলক ২৮ জুনলৈ সময় দিয়া হৈছিল। বিষয়াজনৰ মতে পৰীক্ষাৰ্থীৰ মাজৰ পৰা প্ৰায় ১০,০০০ আপত্তি পোৱা হৈছিল।

Share This