ডিজিটেল ডেস্ক : এসময়ত পুৱা হ'লেই যাৰ কা-কা শব্দত মানুহৰ টোপনি ভাঙিছিল, ঘৰৰ চোতালত বা বেলকনিত যি চৰাই অহৰহ খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছিল, সেই অতি চিনাকি ঢোঁৰা কাউৰী (Corvus splendens) আজি আমাৰ পৰিৱেশৰ পৰা লাহে লাহে নোহোৱা হৈ পৰিছে।
বিজ্ঞানসন্মতভাৱে ইয়াক 'হাউছ ক্র'' বা ঘৰচীয়া কাউৰী বুলি জনা যায়। শেহতীয়া কেইবছৰমানৰ পৰা অসমৰ গুৱাহাটীৰ দৰে মহানগৰীৰ লগতে গ্রামাঞ্চলসমূহতো কাউৰীৰ সংখ্যা দ্রুতগতিত হ্রাস পাইছে। প্রকৃতিবিদ আৰু সাধাৰণ ৰাইজৰ মাজত এতিয়া এটাই ডাঙৰ প্ৰশ্ন- ক'লৈ গ'ল আমাৰ চিৰপৰিচিত কাউৰীবোৰ? পক্ষী নিৰীক্ষক আৰু বিভিন্ন গৱেষণা প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত প্রকাশ পোৱা 'ষ্টেট অব্ ইণ্ডিয়াছ বাৰ্ডছ'ৰ তথ্য অনুসৰি, ভাৰতত ঢোঁৰা কাউৰীৰ সংখ্যা পূৰ্বতকৈ বহু হ্রাস পাইছে।
বর্তমান সময়ত ঢোঁৰা কাউৰীৰ সংখ্যা বছৰি প্ৰায় ২.১% হাৰত কমি আহিছে। যি সময়ত বিশ্বৰ কিছুমান দেশে এই চৰাইটোক অতিৰিক্ত সংখ্যা বৃদ্ধিৰ বাবে 'উপদ্ৰৱকাৰী' বুলি গণ্য কৰি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, তেনে সময়ত ভাৰতবৰ্ষৰ দৰে স্থানীয় বাসস্থানত ইয়াৰ সংখ্যা হ্রাস পোৱাটোৱে পৰিৱেশবিদসকলক চিন্তিত কৰি তুলিছে। পৰিৱেশবিদ আৰু বিজ্ঞানীসকলৰ মতে ঢোঁৰা কাউৰী হ্রাস পোৱাৰ আঁৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ আছে। কাউৰীয়ে সাধাৰণতে মানুহে পেলোৱা আৱৰ্জনা বা লেতেৰা বস্তু খাই চহৰ পৰিষ্কাৰ কৰি ৰাখে। আজিকালি আধুনিক পৌৰসভাৰ বন্ধ ডাম্পিং ব্যৱস্থা বা প্লাষ্টিকৰ বস্তাত জাবৰ পেলোৱাৰ বাবে সিহঁতৰ খাদ্যৰ সহজলভ্যতা ক্রমান্বয়ে কমি গৈছে। চহৰ আৰু গ্ৰাম্য অঞ্চলত থকা ওখ ওখ পুৰণি গছবোৰ, য'ত কাউৰীয়ে বাহ সাজিছিল, সেইবোৰ দ্রুতগতিত কাটি পেলোৱা হৈছে। উৰণীয়া সেতু নির্মাণ আৰু অট্টালিকা নিৰ্মাণৰ বাবে সিহঁতে বাসস্থান হেৰুৱাইছে। কৃষি পথাৰ বা আৱাসিক অঞ্চলত ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক আৰু ইয়াৰ ফলত বিষাক্ত হোৱা সৰু সৰু কীট-পতংগ খোৱাৰ ফলত কাউৰীৰ প্ৰজনন ক্ষমতা হ্রাস পাইছে বা সিহঁতৰ মৃত্যু ঘটিছে। বিজ্ঞানীসকলৰ মতে, ম'বাইল টাৱাৰৰ উচ্চ তৰংগৰ বিকিৰণে চৰাইৰ কণী নষ্ট কৰাত প্ৰভাৱ পেলায়। ইয়াৰ উপৰি বিভিন্ন ভাইৰাছজনিত ৰোগ (যেনে- নিউকেচেল ডিজিজ বা ৱেষ্ট নীল ভাইৰাছ)ৰ সংক্ৰমণৰ বাবেও কাউৰীৰ আকস্মিক মৃত্যু ঘটে। ঢোঁৰা কাউৰীক পৰিৱেশৰ অন্যতম শ্রেষ্ঠ 'ঝাড়ুদাৰ' বা ছেনিটেৰী কৰ্মী বুলি কোৱা হয়। মৃত জীৱ-জন্তুৰ অৱশিষ্ট, গেলা-পচা জাবৰ-জোঁথৰ খাই ইহঁতে সমাজক বীজাণুমুক্ত আৰু দুৰ্গন্ধমুক্ত কৰি ৰাখে।
কাউৰী নোহোৱা হ'লে চহৰ তথা গাঁৱত পেলনীয়া খাদ্য পচি মাখি, এন্দুৰ আৰু অন্যান্য ক্ষতিকাৰক কীট-পতংগৰ বংশ বৃদ্ধি হ'ব, যাৰ ফলত মানুহৰ মাজত বিভিন্ন মহামাৰী বিয়পি পৰাৰ সম্ভাৱনা বৃদ্ধি পাব। যদিও ঢোঁৰা কাউৰী এতিয়াই সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই, তথাপি যি হাৰত ইহঁতৰ সংখ্যা কমিছে, সি এক ডাঙৰ সতর্কবাণী। লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু'ৰ পৰা আৰম্ভ কৰি আমাৰ সমাজ-সংস্কৃতিৰ সৈতে ওতপ্রোতভাৱে জড়িত এই চৰাইটোক বচাবলৈ হ'লে আমি নগৰীকৰণৰ সমান্তৰালভাৱে গছ-গছনি সংৰক্ষণ কৰিব লাগিব। যদি সময় থাকোঁতেই আমি সচেতন নহওঁ, তেন্তে ঢোঁৰা কাউৰী কেৱল পাঠ্যপুথিৰ সাধু কথাতহে আবদ্ধ হৈ ৰ'ব।