ডিজিটেল ডেস্ক: তিনিচুকীয়া জিলাৰ জাগুনৰ ১০ মাইলস্থিত অসম, আৰক্ষীৰ কামাণ্ডো শিবিৰত কৰা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। আলফা স্বাধীনে আজি এটা বিবৃতিযোগে আক্রমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি এই আক্রমণ 'অপাৰেশ্যন বুজনি'ৰ অধীনত হোৱা বুলি প্রকাশ কৰিছে।
সংগঠনটোৱে বিবৃতিটোত বিগত ২০২১ চনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত চৰকাৰখনক পুতলা চৰকাৰ আখ্যা দি উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীয়ে পাতনি মেলা তথাকথিত আলোচনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ বিৰুদ্ধে 'সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)' সংগঠনে কোনোধৰণৰ সামৰিক কাৰ্যকলাপ ৰূপায়ণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সংগঠনৰ সেই সৌহার্দ্যমূলক সিদ্ধান্তৰ সুযোগ লৈ চৰকাৰখনৰ গৃহ বিভাগৰ অধীনস্থ অসম আৰক্ষীয়ে ২০২১ চনত 'সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)' সংগঠনৰ ৱেষ্টার্ন কামাণ্ডৰ পৰিচালক লেঃ কর্নেল জিষ্ণু অসমক হত্যা কৰে।
২০২২ চনত ২য় লেফটেনেন্ট জ্ঞান অসম আৰু ২০২৩ চনত ২য় লেফটেনেন্ট উদয় অসমক গ্ৰেপ্তাৰ কৰি শীতল মস্তিষ্কৰে শূন্য দূৰত্বৰ পৰা অসম আৰক্ষীয়ে যিদৰে হত্যা কৰিলে, সেয়া সংগঠনৰ বাবে অসহনীয় আৰু ক্ষমাৰ অযোগ্য। সংগঠনৰ সদস্যসকলৰ উপৰি ২০২২ চনত শিৱসাগৰৰ বেতবাৰীৰ সুৰুজ গগৈক সংগঠনৰ সহযোগকাৰী সজাই ভুৱা সংঘৰ্ষ ৰূপ দি বৰ্বৰভাৱে হত্যা কৰে। তদুপৰি অসমৰ হৃত স্বাধীনতা পুনৰুদ্ধাৰৰ সংগ্ৰামখনৰ শুভাকাংক্ষীসকলক গ্ৰেপ্তাৰ কৰি পাছত ভৰিত গুলীয়াই চিৰদিনৰ বাবে পংগুত্বৰ জীৱন উপহাৰ দিয়া সকলো অসম আৰক্ষীয়েই। তেনে পংগুত্ব জীৱন আঁকোৱালি লোৱা কিছু জ্বলন্ত উদাহৰণ- শদিয়াৰ দ্বীপজ্যোতি নেওগ, বিশ্বনাথ বৰগোহাঁই আৰু মনোজ বুঢ়াগোহাঁই, শিৱসাগৰৰ কোঁৱৰপুৰৰ পল্লৱ গগৈ, ৰঙিয়াৰ প্ৰাঞ্জল দাস, মৰাণৰ ৰাহুল হাজৰিকা, ডিমৌৰ ৰাজু আহমেদ, মাজুলীৰ টুটু বৰা, চৰাইদেউৰ দেৱজিৎ ভূঞা, মিঠু বৰুৱা, নাওবৈচাৰ সঞ্জীৱ বৰুৱা আদি বহুজন।
ইফালে, সংগঠনৰ বহু সদস্য আৰু শুভাকাংক্ষীক ঔপনিৱেশিক ক'লা আইনৰ জামিনবিহীন ধাৰা জাপি দি আজিও কাৰাৰুদ্ধ কৰি ৰাখিছে। আনহাতে, সংগঠনৰ শিবিৰলৈ অসম আৰক্ষীয়েই চোৰাংচোৱা প্ৰেৰণ কৰি তেওঁলোকৰদ্বাৰাই তেওঁলোকৰেই নেতা-সদস্যক মৃত্যুদণ্ডৰে দণ্ডিত কৰোৱাই সংগঠনৰ বিৰুদ্ধে কুটিল অভিসন্ধিসমূহত লিপ্ত হৈছিল। প্রেছ বিবৃতিটোত লগতে উল্লেখ কৰিছে যে ইমানৰ পাছতো এক বৃহৎ জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সংগঠনে অসম আৰক্ষীক ভাতৃত্বসুলভ দৃষ্টিৰেই ক্ষমাদান কৰি আহিছিল। কিন্তু যোৱা জুলাই মাহত অসমৰ আৰক্ষীৰ সহযোগিতাত সন্মিলিত সশস্ত্র বাহিনীয়ে যোৰহাটৰ ২১ নং পেৰা কামাণ্ডো শিবিৰত কৰা সশস্ত্ৰ পৰিকল্পনাই সকলো সীমা অতিক্রম কৰি যোৱা বৰ্ষৰ ১৩ জুলাহত বৰ্বৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত হৈ ম্যানমাৰস্থিত শিবিৰসমূহত ড্র'ন আৰু মিছাইল আক্রমণেৰে সংগঠনৰ শীর্ষ নেতৃত্ব আৰু বিষয়া, সদস্যৰ জীৱন কাঢ়ি লৈ গ'ল।
প্রণিধানযোগ্য যে সন্মিলিত সশস্ত্র বাহিনী, অসমৰ গৃহ বিভাগৰ অধীনস্থ আৰু ইয়াৰ মুৰব্বী অসমৰ মুখ্যমন্ত্রী। গতিকে সেই জঘন্য আক্ৰমণৰ বাবে সমানেই দায়ী মুখ্যমন্ত্ৰীগৰাকীও। সেই বৰ্বৰ আক্ৰমণৰ পাছতেই অসম আৰক্ষীয়ে বিভিন্ন বিষয় সমাহাৰেৰে সংগঠনৰ আন আন দুর্বলচিতীয়া নেতা-সদস্যক ভীতিগ্রস্ত কৰি আত্মসমর্পণৰ দৰে নিৰ্লজ্জ পথৰ পথিক হ'বলৈ বাধ্য কৰোৱাই সংগঠনক দুৰ্বল কৰাৰ বৃথা প্রচেষ্টা চলালে। বিবৃতিটোত লগতে স্বীকাৰোক্তি দি উল্লেখ কৰিছে যে অসম আৰক্ষীৰ সৈতে সংগঠনৰ কোনো শত্রুতা আৰু তেওঁলোকৰ কেঁচা তেজেৰে আবিৰ সনাৰ মানসিকতা নাই।
অসমৰ হেৰুওৱা স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰ সশস্ত্র বিপ্লৱ আৰু স্বাধীনতা সেনানীসকলৰ সমান্তৰালকৈ সংগঠনৰ শুভাকাংক্ষীসকলৰ বিৰুদ্ধে চিৰবৈৰীৰ দৰে কঠোৰতা প্ৰদৰ্শন আৰু হত্যা-নিৰ্যাতনৰ পৰা বিৰত থাকিবলৈ বাৰে বাৰে সতর্ক বার্তা প্ৰেৰণ কৰি অহাৰ পাছতো অসম আৰক্ষীয়ে সংগঠনৰ বাৰ্তাক আওকাণ কৰি নিজৰ বীৰত্ব জাহিৰ কৰিবলৈ বিচৰা মানসিকতা যে নিজৰ বিপদৰ কাৰক হ'ব পাৰে, তাৰেই বুজনি হিচাপে এই সামৰিক কাৰ্যকলাপ ৰূপায়ণ কৰা হ'ল, যাতে অনাগত দিনত অসম আৰক্ষীত কৰ্মৰত বিষয়া-সদস্যই তেনে বৰ্বৰ কাণ্ডৰ পৰা বিৰত থাকে আৰু সংগঠনকো তেওঁলোকৰ বিৰুদ্ধে সশস্ত্র কার্যকলাপ ৰূপায়ণ কৰাৰ পৰা বিৰত থাকিবলৈ সুযোগ দিয়ে। অন্যথা অনাগত সময়ৰ পৰিৱেশ-পৰিস্থিতি আৰু অধিক জটিল আৰু ভয়াৱহ হৈ পৰিব বুলি সকীয়াই দিছে।