জে পি নড্ডাক পৰ্যবেক্ষকৰ দায়িত্ব, নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানলৈ আহিব প্রধানমন্ত্রী

dainik janambhumi May 06, 2026

ডিজিটেল ডেস্ক: বৃহৎ জয়ৰ পাছতে ৰাজ্যত চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে বিজেপি নেতৃত্বাধীন এন ডি এই। ইয়াৰ অংশ হিচাপে ইতিমধ্যে অংশীদাৰ দলৰ সৈতে আলোচনা কৰাৰ লগতে বিজেপিয়ে অসমত পর্যবেক্ষক নিযুক্তি দিছে। 

উল্লেখযোগ্য যে অপ্ৰতিৰোধ্য গতিৰে হেটত্রিক কৰি অসমত‌ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে। দলটোৰ প্রাক্তন ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক পর্যবেক্ষক হিচাপে নিযুক্তি প্রদান কৰিছে বিজেপিয়ে। আনহাতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ৱ সিং চৈনীক সহ-পর্যবেক্ষক হিচাপে নিযুক্তি প্রদান কৰা হৈছে। 

পর্যবেক্ষক নড্ডাই অসমৰ ৰাজনৈতিক পৰিস্থিতি পর্যবেক্ষণৰ লগতে চৰকাৰ গঠন প্ৰক্ৰিয়াৰ তদাৰক কৰিব। আনহাতে দলীয় বিধায়িনী দলৰ বৈঠক, নেতা নির্বাচন, শপতগ্রহণ অনুষ্ঠানৰ পূৰ্ব প্ৰস্তুতিৰ সকলো দিশ চোৱাচিতা কৰিব দুই পৰ্যবেক্ষক নড্ডা আৰু চৈনীয়ে। দুই-এদিনতে দুয়ো অসমলৈ আহিব বুলি প্রকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। 

ইফালে নতুন চৰকাৰ গঠন কৰাক লৈ কালি হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰৰ বাসভৱনত বিজেপি নেতৃবর্গই অগপ আৰু বি পি এফৰ নেতৃবৰ্গৰ সৈতে এক আলোচনাত মিলিত হয়। আগন্তুক‌ পাঁচটা বছৰৰ বাবে গঠন হ'বলগীয়া নতুন চৰকাৰখনত বিজেপিৰ দুই মিত্রদল অসম গণ পৰিষদ আৰু বি পি এফৰ প্ৰতিনিধিও অংশীদাৰ হ'ব। 

ইফালে এইবাৰ নতুন চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শপতগ্রহণ কৰিব। এতিয়াও শপতগ্ৰহণৰ দিন নির্ধাৰণ কৰা হোৱা নাই যদিও প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শপতগ্ৰহণৰ দিন নির্ধাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। শপতগ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু দলীয় নেতা উপস্থিত থকাৰ সম্ভাৱনা আছে। অৱশ্যে তাৰ পূৰ্বে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰি বিধায়িনী দলৰ নেতা নির্বাচিত কৰিব। তাৰ পাছতে এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰি দলনেতা বাছনি কৰা হ'ব। তাৰ পাছতে সেই নতুন নেতাই সাংবিধানিক বিধি অনুসৰি চৰকাৰ গঠনৰ বাবে ৰাজ্যপালৰ ওচৰত দাবী জনাব। লক্ষণীয় যে শীঘ্রে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজভৱনলৈ গৈ পদত্যাগ কৰিব। চলিত মাহতে ষষ্ঠদশ অসম বিধানসভা গঠন হোৱাৰ সম্ভাৱনা আছে। 

দিছপুৰৰ এক দলীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অহা ১৮ মে'ৰ পৰা নতুন বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই অধিৱেশন তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব। বিধানসভাৰ এই অধিৱেশনতে নতুন বিধায়ক-বিধায়িকাসকলে শপতগ্ৰহণ কৰিব। তাৰ পূৰ্বে অহা ৭ মে'ত ষষ্ঠদশ বিধানসভাৰ প্ৰ'টেম অধ্যক্ষ বাছনি কৰাৰ সম্ভাৱনা আছে। তেতিয়াই নতুন চৰকাৰৰ শপতগ্ৰহণৰ দিনো গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Share This