ডিজিটেল ডেস্ক : নগালেণ্ডত প্রবল বৰষুণৰ ফলত পুনৰ বৃদ্ধি পাইছে ভোগদৈ নদীৰ জলপৃষ্ঠ। যোৱা ১৯ জুলাইত ভোগদৈ নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত সেই নিশাই উত্তৰ-পশ্চিম যোৰহাটৰ পাঁচ ঠাইত মথাউৰি ছিগি অর্ধশতাধিক গাঁও জলমগ্ন হোৱাৰ পাছত পুনৰ নদীখনৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈছে।
কালি বিয়লি তিনি বজাত ভোগদৈৰ জলপৃষ্ঠ ৮৯.১৪ চেন্টিমিটাৰ হৈছে। নগৰৰ ভোগদৈ দলঙৰ সমীপত নদীখনৰ জলপৃষ্ঠ বিপদসীমাৰ ১৪ চেন্টিমিটাৰ ওপৰেৰে বৈছে বুলি জলসম্পদ বিভাগৰ সূত্র মতে জানিব পৰা গৈছে। সূত্ৰটোৰ মতে, জলপৃষ্ঠ নিশালৈ হ্রাস পাব। লক্ষণীয় যে ভোগদৈৰ মথাউৰি ছিগাৰ ফলত পহুমৰা গ্রেজিং, কলাইচুক, শ'লমৰা আদি পাঁচ ঠাইত ভোগদৈৰ বাঢ়নী পানী পূর্বতে সোমাইছিল যদিও বর্তমান পাঁচটা ছিগাৰে জিঅ'টিউব আৰু জিঅ'বেগ ব্যৱহাৰ কৰি পুনৰ নিৰ্মাণকার্য চলাই থকাৰ বাবে বাঢ়নী পানী সোমাব নোৱাৰা অৱস্থালৈ আহিছে। ইয়াৰ ফলত উত্তৰ-পশ্চিম যোৰহাটবাসীয়ে সম্ভাব্য বানৰ পৰা সকাহ পাব। জৰুৰীকালীনভাৱে মথাউৰি নিৰ্মাণ নকৰা হ'লে পুনৰ গাঁওসমূহ প্লাবিত হ'লহেঁতেন। উল্লেখযোগ্য যে বতৰ বিজ্ঞান বিভাগে যোৰহাটত প্রবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰি অৰেঞ্জ এলার্ট জাৰি কৰিছে ।