ডিজিটেল ডেস্ক: দেশত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী (এছ আই আৰ) প্রক্রিয়াত কোনো ধৰণৰ প্ৰতিবন্ধকতা আহিবলৈ দিয়া নহ'ব। সকলো ৰাজ্যই এই কথা বুজি উঠা উচিত। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তৰ।
পশ্চিম বংগত এছ আই আৰ প্রক্রিয়াক প্রত্যাহ্বান জনাই ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীকে ধৰি কেইবাজনেও দাখিল কৰা আৱেদনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এইদৰে কয়। মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলিৰ বিচাৰপীঠে কয় যে দেশত এছ আই আৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে যি ধৰণৰ নিৰ্দেশনা দিব লাগে সেয়া দিব।
দেশৰ নির্বাচন আয়োগে ন্যায়ালয়ত দাখিল কৰা এখন শপত নামাত অভিযোগ কৰে যে আয়োগে পশ্চিম বংগত এছ আই আৰ সন্দৰ্ভত জাৰি কৰা সকলো জাননী দুষ্ট চক্ৰই ফালি পেলায়। এই সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষীক জনোৱাৰ পাছতো দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰো অভিযোগ কৰে আয়োগে।
ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ এই অভিযোগ সন্দর্ভত শীঘ্রেই শপতনামা দাখিলৰ বাবে পশ্চিম বংগ আৰক্ষীৰ সঞ্চালক প্রধানক নির্দেশ দিয়ে। দেশৰ ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে সকলোৱে জনা উচিত যে ভাৰতীয় সংবিধানখন দেশৰ সকলো ৰাজ্যতে সমানে প্রযোজ্য।