৪ মাহ উকলি গ'ল, বানৰ প্ৰতিবেদন কেন্দ্রক নিদিলে ৰাজ্য চৰকাৰে

Dainik Janambhumi November 15, 2026

ডিজিটেল ডেস্ক : উজনি অসমত হোৱা প্ৰলয়ংকৰী বানৰ কাৰণ উদ্‌ঘাটনৰ বাবে অসম চৰকাৰে চি বি আইৰ তদন্ত ঘোষণা কৰিলেও বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰয়োজনীয় প্রতিবেদন (মেম'ৰেণ্ডাম) দাখিল কৰা নাই। জুন আৰু জুলাই মাহত হোৱা বিধ্বংসী বানৰ চাৰি মাহ উকলি যোৱাৰ পাছতো ৰাজ্য চৰকাৰে কিয় আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবীসম্বলিত প্রতিবেদন দাখিল কৰিবলৈ সক্ষম হোৱা নাই তাক লৈ এতিয়া প্রশ্নৰো উত্থাপন হৈছে। 

উল্লেখযোগ্য যে বানৰ ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ দুটাকৈ আন্তঃমন্ত্ৰ্যালয়ৰ কেন্দ্রীয় দলে অসম ভ্ৰমণ কৰাৰ লগতে দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়েও ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰিছিল। জুন মাহৰ শেষৰ ফালে ধেমাজি জিলাত অহা আকস্মিক বানৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আহি জিলাখন ভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লৈছিল। আনহাতে, জুলাই মাহত চৰাইদেউ আৰু শিৱসাগৰ জিলাত হোৱা ভয়ংকৰ বানৰ পাছত কেন্দ্ৰীয় মন্ত্রী জে পি নড্ডায়ো ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল। দুয়োগৰাকী কেন্দ্রীয় মন্ত্রীয়েই ক্ষতিগ্রস্ত ৰাইজক সকলো ধৰণেৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ উপৰি, বানৰ ক্ষয়-ক্ষতিৰ প্ৰকৃত ছবিখন নিৰূপণ কৰিবলৈ দুবাৰকৈ অসমলৈ আহিছিল কেন্দ্রীয় আন্তঃমন্ত্ৰ্যালয়ৰ বিশেষ প্রতিনিধি দল। 

ইফালে, পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সাময়িকভাৱে বানক্রান্ত লোকসকলক পোন্ধৰ হাজাৰ টকাকৈ প্ৰদান কৰিছিল। কিন্তু ইয়াৰ পাছত আজিলৈকে এটকাও প্রদান কৰা নাই চৰকাৰখনে। মন কৰিব লগীয়া কথা যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা অতিৰিক্ত আৰ্থিক সাহায্য বিচাৰিবলৈ হলে বানৰ ক্ষয়-ক্ষতিৰ বিতং প্রতিবেদন দাখিল কৰাটো অত্যন্ত জৰুৰী। এই প্রতিবেদনৰ উপৰি অসম ভ্রমণ কৰি যোৱা কেন্দ্ৰীয় প্রতিনিধি দলে ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰি দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰক আৰ্থিক সাহায্য প্রদান কৰে। কিন্তু বান হৈ যোৱা চাৰি মাহ হ'ল যদিও বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ কাম এতিয়াও ৰাজ্য চৰকাৰখনে সম্পূৰ্ণই কৰিব পৰা নাই, যাৰ বাবে আজিলৈকে দিছপুৰে কেন্দ্ৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব পৰা নাই বুলি জানিব পৰা গৈছে। ইফালে, বানত ক্ষতিগ্রস্ত পৰিয়ালসমূহে পৰ্যাপ্ত চৰকাৰী সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে শিৱসাগৰৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। সকলোতকৈ ডাঙৰ কথা যে এইবাৰৰ বানে বহুতো পৰিয়ালৰ ঘৰ-দুৱাৰ উটুৱাই নিছিল। বানৰ সময়ত ঘৰ-বাৰী এৰি আশ্রয় শিবিৰত থাকিবলৈ বাধ্য হোৱা এইসকল লোক এতিয়া এক কৰুণ পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হৈছে। এনে পৰিস্থিতিত বানত ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু আন্তঃগাঁথনিৰ মেৰামতিৰ বাবে কেন্দ্রীয় সাহায্য অতি প্রয়োজনীয় হৈ পৰিছে। কিন্তু ৰাজ্য চৰকাৰখনে আজিলৈকে কেন্দ্ৰৰ ওচৰত প্ৰতিবেদন দাখিল নকৰাত উক্ত ক্ষতিগ্রস্ত লোকসকলে কেতিয়াকৈ সাহায্য লাভ কৰিব সেয়া এতিয়া এটা ডাঙৰ প্রশ্ন হৈ পৰিছে।

Share This