ৰাজ্য চৰকাৰৰ 'মিছন বসুন্ধৰা' অভিযানত স্থবিৰতা, উজনিত হাহাকাৰ, ১০ দিনে বিকল 'ধৰিত্ৰী'  ৱেবছাইট

dainik janambhumi April 28, 2026

ডিজিটেল ডেস্ক: ৰাজ্য চৰকাৰৰ অধীনত চলি থকা 'মিছন বসুন্ধৰা' অভিযানৰ 'ধৰিত্ৰী' ৱেবছাইটৰ কাৰিকৰী বিজুতিৰ ফলত বিগত ১০ দিনৰো অধিক কাল উজনি অসমৰ কেইবাখনো জিলাৰ জনসাধাৰণে অভাৱনীয় সমস্যাৰ সন্মুখীন হ'ব লগীয়া হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। 

বিশেষকৈ 'ধৰিত্ৰী' ৱেবছাইটে সঠিকভাৱে কাম নকৰাৰ ফলত মাটি-বাৰীৰ ক্রয়-বিক্রয়, নামজাৰি, ভাগ-বাটোৱাৰা, দানসূত্ৰে আগবঢ়োৱা মাটি-বাৰীৰ নামজাৰি, জমাবন্দীৰ উন্নীতকৰণ আদি অত্যন্ত লাগতিয়াল তথা জৰুৰী কাম-কাজৰ বেলিকা উজনি অসমৰ কেইবাখনো জিলাৰ সকলো শ্ৰেণীৰ লোকেই অভাৱনীয় সমস্যাৰ সন্মুখীন হৈছে। 

উল্লেখযোগ্য যে যোৱা ৯ এপ্রিলত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ পূৰ্বৰে পৰা জিলা প্ৰশাসনৰ অধীনৰ বিভিন্ন বিভাগৰ লগতে ৰাজহ বিভাগৰ গৰিষ্ঠ সংখ্যক কৰ্মচাৰীয়েই নিৰ্বাচনৰ কামত বিশেষভাৱে ব্যস্ত থাকিব লগীয়া হৈছিল। ইফালে ৯ এপ্ৰিলৰ নিৰ্বাচনী প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতেই বহাগ বিহুৰ বন্ধ খোলাৰ লগে লগে চৰকাৰী কার্যালয়ত নিয়মীয়া কাম-কাজ পুনৰ সুচল হ'ল যদিও তেনে সময়তে প্রায় ১০ দিনৰ পূৰ্বে মিছন বসুন্ধৰাৰ অভিযানৰ 'ধৰিত্ৰী' ৱেবছাইট বিকল হৈ থকাত উজনিৰ কেইবাখনো জিলাৰ জনসাধাৰণ গভীৰ সংকটৰ সন্মুখীন হৈছে। বিশেষকৈ জিলা প্ৰশাসনৰ অধীনৰ বিভিন্ন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিগত জানুৱাৰী-ফেব্ৰুৱাৰী-মাৰ্চ মাহতেই মাটি-বাৰীৰ বিভিন্ন কাম-কাজৰ বাবে যাৱতীয় মাচুল জমা দি আৱেদন কৰাসকলে নিৰ্বাচনৰ অন্তত আৰু বিহুৰ বন্ধ খোলাৰ পাছত নিজ কাম সম্পন্ন হোৱাৰ আশাৰে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ তাঁত-বাটি কৰিব লগীয়া হোৱাত অভাৱনীয় সমস্যাৰ সন্মুখীন হৈছে। কিয়নো জিলা এখনৰ সদৰত অৱস্থিত ৰাজহ বিভাগৰ কাৰ্যালয়লৈ দূৰ-দূৰণিৰ গাঁও অঞ্চলৰ পৰা বাটকুৰি বাই নিজৰ মাটি-বাৰীৰ কামত খবৰ ল'বলৈ এবাৰ আহ-যাহ কৰাৰ নামতেই এজন ব্যক্তিৰ বিপৰীতে কমেও পাঁচশ-ছশ টকা ব্যয় হয়। 

এনে অৱস্থাত একেটা কামৰ বাবে যদিহে তিনি-চাৰিবাৰ আহ-যাহ কৰিব লগীয়া হয়, তেন্তে যান-বাহনৰ খৰচ কিমান ব্যয়বহুল হ'ব পাৰে সেয়া আর্থিক অনাটনত জৰ্জৰিত একোজনৰ বাবে অতিশয় যন্ত্রণাদায়ক হৈ পৰে। এনে পৰিস্থিতিৰ মাজতে বাটকুৰি বাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বহু আশাৰে উপস্থিত হোৱা সংশ্লিষ্ট লোকজনে যেতিয়া বিগত প্রায় ১০ দিনে 'ধৰিত্ৰী' ৱেবছাইট বিকল হৈ আছে বুলি গম পায়, সেই সময়ত সেই লোকজনে কাক ক'ব তেওঁৰ দুৰ্ভোগৰ কথা, কোনে শুনিব দুখীয়া-নিছলা গাঁওবাসীৰ মৰ্মবেদনা।

Share This