ডিজিটেল ডেস্ক : দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে সোমবাৰে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত কেইবাখনো গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰিত হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মিয়ুঙব উপস্থিতিত এই চুক্তি স্বাক্ষবিত হয়। এই চুক্তিসমূহৰ ভিতৰত আছে দ্বিপাক্ষিক বাণিজ্যিক সহযোগিামূলক চুক্তি, কৃত্রিম বুদ্ধিমত্তা (এ আই), ছেমি কণ্ডাক্টৰ আৰু ক্ষুদ্র ব্যৱসায় কেন্দ্রিক সহযোগিতা চুক্তি, উদ্যোগ নগৰী গঠন বিষয়ক চুক্তি আদি।
ৰাষ্ট্রপতি মিয়ুঙক ভাৰতলৈ উষ্ম আদৰণি জনাই নতুন দিল্লীত অনুষ্ঠিত এখন যৌথ সংবাদমেলত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়ো দেশৰ মাজত অধিক উন্নত দ্বিপাক্ষিক কাঠামো গঢ় দিয়াৰ বাবে মিয়ুঙৰ ভাৰত ভ্রমণ এক গুৰুত্বপূর্ণ পদক্ষেপ। তেওঁ কয় যে ৰাষ্ট্ৰপতি লিৰ জীৱনটো সংগ্রাম, সেৱা আৰু দায়বদ্ধতাৰ এক অনুকৰণীয় উদাহৰণ। প্রতিটো প্রত্যাহ্বানেই তেওঁক জনতাৰ সেৱাৰ বাবে অধিক উদ্বুদ্ধ কৰে। প্রধানমন্ত্রী মোদীয়ে লগতে কয় যে গণতান্ত্রিক মূল্যবোধ, বজাৰ অৰ্থনীতি আৰু আইনৰ শাসনৰ প্রতি সম্মান দুয়োখন দেশৰ ডি এন এ। দুয়োখন দেশৰ বন্ধুত্বই এতিয়া অতি উন্নত পৰ্যায়লৈ আগবাঢ়িছে বুলি উল্লেখ কৰি মোদীয়ে কয় যে চিপৰ (ছেমি কণ্ডাক্টব) পৰা শিপলৈ' (জাহাজ), প্রতিভাৰ পৰা প্ৰযুক্তিলৈ, পৰিৱেশৰ পৰা শক্তি খণ্ডলৈ দুয়োখন দেশে সহযোগিতাৰে কাম কৰি যাব। ইফালে, সংবাদমেলত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লিয়ে কয় যে দেশ দুখনৰ মাজৰ বৰ্তমানৰ ২৫ বিলিয়ন মার্কিন ডলাৰৰ বাণিজ্যক ২০৩০ চনৰ ভিতৰত ৫০ বিলিয়নলৈ বৃদ্ধি কৰাৰ বাবে লক্ষ্য লোৱা হৈছে।
তেওঁ লগতে কয় যে জাহাজ নির্মাণ, এ আই, বিত্ত, প্রতিৰক্ষা আৰু সাংস্কৃতিক বিনিয়োগৰ ক্ষেত্রত দুয়োখন দেশে সহযোগিতা বৃদ্ধিৰে কাম কৰি যাব। তদুপৰি, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা বজাই ৰখাৰ বাবেই দুয়োখন দেশে কাম কৰিব বুলি লিয়ে প্রকাশ কৰে। উল্লেখযোগ্য যে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত ২০১০ চনত বিস্তৃত অর্থনৈতিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ ভিত্তিতে দেশ দুখনৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু অর্থনৈতিক সম্পর্ক বৃদ্ধি পাইছে।