দেশৰ ৩৬টা আঞ্চলিক দলৰ মুঠ আয় ৫১% হ্রাস

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ ৩৬টা আঞ্চলিক দলৰ মুঠ আয় ২০২৪-২৫ চনত ৫১ শতাংশ হ্রাস পায়। অথচ তেওঁলোকৰ আয়তকৈ ব্যয় বৃদ্ধি পায়। তেওঁলোকৰ মুঠ ব্যয় মুঠ উপাৰ্জনতকৈ ২০ শতাংশ বৃদ্ধি পায়। এছ'চিয়েশ্যন ফৰ ডেমক্রেটিক ৰিফৰ্ছৰ (এ ডি আৰ) এক বিশ্লেষণত এই কথা প্রকাশ পাইছে। 

২০২৪-২৫ বৰ্ষত ভাৰতৰ ৩৬টা আঞ্চলিক দলৰ মুঠ আয় হৈছে ১,১৯৩ কোটি টকা। ইয়াৰ আগৰ বৰ্ষত মুঠ আয় আছিল ২,৪৬৩ কোটি টকা। অর্থাৎ ২০২৪-২৫ বর্ষত ১,২৭০ কোটি টকা বা ৫১.৬ শতাংশ হ্রাস পালে। কিন্তু উক্ত বৰ্ষৰ মুঠ আয় ১,১৯৩ কোটি টকাৰ বিপৰীতে দলবোৰৰ ব্যয় হৈছে ১,৪৩৩ কোটি টকা। অর্থাৎ আয়তকৈ ব্যয় বৃদ্ধি পালে ২৪০ কোটি টকা বা ২০ শতাংশ। 

এ ডি আৰে মুঠ ৬৭টা স্বীকৃত আঞ্চলিক দলৰ ভিতৰত নিৰ্বাচন আয়োগৰ ৱেবছাইটত ২০২৪-২৫ বৰ্ষৰ অডিট ৰিপ'ৰ্ট থকা ৩৬টা দলৰ অডিট বিশ্লেষণ কৰিছিল। আন ৩১টা দলে আনকি ২০২৫ চনৰ ৩১ অক্টোবৰৰ শেষ সময়সীমাৰ ২০৭ দিন পাছতো অডিট ৰিপ'ৰ্ট দাখিল কৰা নাই। এই তালিকাত ৫টা শীর্ষ দলৰ আয় হৈছে মুঠ আয়ৰ ৬৯ শতাংশ আৰু ব্যয় হৈছে মুঠ ব্যয়ৰ ৭৭ শতাংশ। 

আয়ৰ ক্ষেত্ৰত সর্বোচ্চ আয় হৈছে তেলুগু দেশম পাৰ্টিৰ (২২৮ কোটি টকা)। ইয়াৰ পাছতে আছে তৃণমূল কংগ্রেছ (২১৯ কোটি টকা) আৰু বাই এছ আৰ কংগ্ৰেছ (১৪০ কোটি টকা)। ব্যয়ৰ ক্ষেত্ৰত বাই এছ আৰ কংগ্ৰেছে ব্যয় কৰিলে ৩৪০ কোটি টকা। ইয়াৰ পাছতে আছে বিজু জনতা দল ২৮৮ কোটি টকা আৰু তৃণমূল কংগ্রেছ ২২৮ কোটি টকা। ৩৬টা দলৰ ভিতৰত ২১টা দলে তেওঁলোকে কৰা আয়তকৈ ব্যয় বেছি কৰিলে। 

আনহাতে ১৫ দলৰ আয়ৰ কিছু অংশ ৰৈ যোৱা বুলিও জনাইছে। সেইবোৰৰ ভিতৰত তেলুগু দেশমৰ পাৰ্টিৰ থাকি গ'ল ১৬৭ কোটি টকা আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা তথা এ আই এ ডি এম কেৰ ৩৬ কোটি টকাকৈ।

Share This