ৰীমা দাসৰ নতুন ছবি 'নট এ হিৰ”ৰ ট্ৰেইলাৰ মুকলি

dainik janambhumi September 02, 2026

ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয়ভাৱে প্রশংসিত চলচ্চিত্র নির্মাতা ৰীমা দাসৰ নতুন ছবি 'নট এ হিৰ''ৰ এছিয়ান প্রিমিয়াৰ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত। ৬-৫ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া মহোৎসৱত ছবিখন এ উইনড' অন এছিয়ান চিনেমা শাখাৰ বাবে নিৰ্বাচিত হৈছে। 

ইতিমধ্যে মুকলি কৰা হৈছে ছবিখনৰ ট্রেইলাৰো। https.//youtu.be/F8NLccYy7wo এছিয়াৰ প্রতিষ্ঠিত চলচ্চিত্র নির্মাতাৰ লগতে নতুন আৰু উদীয়মান প্রতিভাৰ উল্লেখযোগ্য ছবিসমূহক লৈ গঠিত এই শাখাই এছিয়াৰ বিভিন্ন দেশ, সমাজ আৰু সংস্কৃতিৰ বৈচিত্র্যময় অভিজ্ঞতা আৰু দৃষ্টিভংগীক চলচ্চিত্ৰৰ জৰিয়তে তুলি ধৰে। বুছান চলচ্চিত্র মহোৎসৱৰ সৈতে ৰীমা দাসৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ ক্ষেত্ৰতো এই নির্বাচন এক উল্লেখযোগ্য সংযোজন। তেওঁৰ 'Bulbul Can Sing', 'Tora's Husband' আৰু 'Village Rockstars-2'- এই তিনিওখন ছবিয়েই পূর্বতে বুছানত প্রদর্শিত হৈছে। ২০২৪ চনৰ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত Village Rockstars-2ৱে বেষ্ট ফিল্মৰ বাবে সন্মানীয় কিম জিচেক এৱাৰ্ড লাভ কৰিছিল। 

'নট এ হিৰ''ৰ বিশ্ব প্রিমিয়াৰ হৈছিল ২০২৬ চনৰ ফেব্ৰুৱাৰীত বার্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত। ছবিখন জেনেৰেশ্যন কেপালছ কম্পিটিশ্যনৰ বাবে নির্বাচিত হৈছিল আৰু চিলড্রেন্‌ছ জুৰিৰ পৰা ক্রিষ্টেল বিয়েৰ স্পেচিয়েল মেনশ্যন লাভ কৰিছিল। শেহতীয়াকৈ ছবিখনে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব্ মেলব'র্ন-২০২৬ত অষ্ট্ৰেলিয়ান প্রিমিয়াৰৰ পাছত বেষ্ট ইণ্ডয়া ফিল্ম এৱাৰ্ড লাভ লাভ কৰে। ৰীমা দাসে কয়, 'বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ সৈতে মোৰ বহুদিনীয়া এক সম্পর্ক আছে। এছিয়ান চিনেমাৰ বাবে মহোৎসৱটোৱে সৃষ্টি কৰা পৰিসৰক মই সদায় বিশেষভাৱে মূল্য দি আহিছোঁ। বিভিন্ন সংস্কৃতি আৰু ভিন্ন বাস্তৱতাৰ পৰা অহা কাহিনীবোৰে য'ত এক বহল আলোচনাৰ মাজত নিজৰ ঠাই বিচাৰি ল'ব পাৰে, বুছান তেনে এক গুৰুত্বপূৰ্ণ স্থান। 'নট এ হিৰ'' সেই একে অনুভৱৰ পৰাই আহিছে। এইখন শৈশৱ, স্বাধীনতা আৰু এগৰাকী ১১ বছৰীয়া ল'ৰাৰ সীমাহীন কল্পনাক লৈ নির্মিত এক অতি স্থানীয় আৰু অন্তৰংগ কাহিনী। ল'ৰাজনৰ চকুৰে ছবিখনে শিশুৱে নিজৰ বাবে সৃষ্টি কৰি লোৱা সৰু সৰু পৃথিৱীবোৰক চাবলৈ চেষ্টা কৰিছে আৰু সেই কল্পনা আৰু স্বাধীনতাৰ পৃথিৱীখনৰ সৈতে প্রাপ্তবয়স্কসকলে তেওঁলোকৰ চাৰিওফালে সৃষ্টি কৰা বাস্তৱতাৰ মাজত থকা নীৰৱ সংঘাতকো অন্বেষণ কৰিছে। এই ছবিখনক বুছান চলচ্চিত্র মহোৎসৱলৈ আহিব পৰাটো মোৰ বাবে বিশেষভাৱে অর্থপূর্ণ। 'নট এ হিৰ'' দৰ্শকৰ সৈতে কথা-বতৰা কৰাৰ লগতে এছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নতুন ছবি আৰু চলচ্চিত্র নির্মাতাসকলৰ সৈতে সময় কটাবলৈও মই আগ্রহী। বুছান চলচ্চিত্র মহোৎসৱ ছবিখনৰ সকলো কলা-কুশলীক মই ধন্যবাদ জনাইছোঁ। 'নট এ হিৰ''ৰ কাহিনী এটা ১১ বছৰীয়া ল'ৰাক লৈ। চহৰৰ আৰামদায়ক জীৱনৰ পৰা আঁতৰাই তাক পঠিওৱা হয় তাৰ পূৰ্বপুৰুষৰ গাঁৱলৈ। তাত সি তাৰ পেহীয়েকক লগ পায়, এটা ঘোঁৰাৰ সৈতে বন্ধুত্ব গঢ়ি তোলে আৰু গাঁৱৰ মুক্তমনা, উৎপতীয়া স্বভাৱৰ শিশুৰ এটা দলৰ সৈতে নামি পৰে নানা অনিয়ন্ত্রিত দুঃসাহসিক অভিযানত। চহৰৰ ডিজিটেল জীৱনৰ পৰা আঁতৰত, এই যাত্ৰাত ল'ৰাজনে জীৱনৰ এক বেলেগ সৌন্দৰ্য আৱিষ্কাৰ কৰে আৰু নিজৰ মাজতে থকা এনে এক সাহস বিচাৰি পায়, যাৰ বিষয়ে সি নিজেও কেতিয়াও জনা নাছিল। Not a Hero Flying River Films-এ Akanga Film Asia আৰু Train Tripper Filmsৰ সহযোগত প্রযোজনা কৰিছে। ছবিখনৰ বিশ্বব্যাপী বিক্ৰীৰ দায়িত্বত আছে পেৰিছ'ৰ এম এম এম ছেচ্ছ। এ উইনড' অন এছিয়ান চিনেমা শাখাত 'নট এ হিৰ''ৰ সৈতে আন কেইবাখনো ভাৰতীয় আৰু ভাৰতৰ সহযোগিতাত নির্মিত ছবি নির্বাচিত হৈছে। ইয়াৰ ভিতৰত আছে সাহিল এইচ শ্বাহৰ বাৰ্ডছ অন আইচ, বিশ্বেন্দ্ৰ সিঙৰ Khoriya, লিঅ' থাডিয়াছৰ The Soul Whisperer, অনুপর্ণা ৰয়ৰ Lovers in the Blue Night আৰু সন্দীপ কুমাৰ পলৰ About an Intimate Matter। ৰীমা দাসৰ বিষয়ে ৰীমা দাস দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা এগৰাকী চলচ্চিত্র নির্মাতা। তেওঁৰ গভীৰভাৱে ব্যক্তিগত আৰু স্বকীয় কাহিনী কোৱাৰ ধৰণৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয়ভাৱে পৰিচিত। তেওঁৰ ছবিসমূহত প্ৰায়ে শৈশৱৰ পৰা ডাঙৰ হৈ অহাৰ সময়ছোৱা, পৰিচয়, শৈশৱ আৰু মানুহৰ সৈতে প্ৰকৃতিৰ সম্পৰ্কৰ দৰে বিষয় অন্বেষণ কৰা হয়। 

২০২৪ চনত ৰীমা দাস Academy of Mo-tion Picture Arts and Sciencesৰ সদস্য হয়। তেওঁ Toronto International Film Festivall Share Her Journey উদ্যোগৰ ব্ৰেণ্ড এম্বাছাদৰ হিচাপেও দায়িত্ব পালন কৰি আছে। এই উদ্যোগৰ জৰিয়তে চলচ্চিত্র জগতত লিংগ সমতাৰ পক্ষে তেওঁ কাম কৰি আহিছে। তেওঁৰ প্রশংসিত ছবি Village Rockstars (2017), Bulbul Can Sing (2018), Tora's Husband (2022) আৰু Village Rockstars 2 (2024), Toronto, Berlinale আৰু Busan-কে ধৰি ১৫০ৰো অধিক সন্মানীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে। ছবিকেইখনে সমগ্র বিশ্বজুৰি ৭৫টাতকৈও অধিক বঁটা লাভ কৰিছে।

Share This