ডিজিটেল ডেস্ক: আমেৰিকাৰ সেনাই ইৰানত কৰা শেহতীয়া আক্রমণ আৰু ইৰানী সেনাই সংযুক্ত আৰব আমিৰাটত কৰা আক্ৰমণৰ পাছত মধ্য প্রাচ্যত পুনৰ উত্তেজনাই বিৰাজ কৰে।
ইফালে, ইৰান আৰু আমেৰিকাৰ নৌ সেনাৰ মাজত বৃহস্পতিবাৰে নিশা হৰমুজ প্রণালীত হোৱা সংঘৰ্ষত গুজৰাটৰ এখন মালবাহী জাহাজ বুৰ যোৱাৰ লগতে এজন ভাৰতীয় নিহত হয়। ইৰানে কৰা অভিযোগ মতে, আমেৰিকাৰ সেনাই হৰমুজ প্রণালীত দুখন জাহাজ আৰু অসামৰিক নাগৰিকে বাস কৰা স্থানত আক্ৰমণ কৰে। ইয়াৰ উত্তৰ দি আমেৰিকাই কয় যে ইৰানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈকে বৃহস্পতিবাৰে নিশা আক্ৰমণ কৰা হয়।
আমেৰিকাৰ চেন্ট্রেল কমাণ্ডে কয় যে হৰমুজ প্রণালীৰে পাৰ হোৱা মার্কিন যুঁজাৰু জাহাজত আক্ৰমণ কৰা ইৰানৰ সামৰিক ঘাটিসমূহত বৃহস্পতিবাৰে নিশা আক্রমণ কৰা হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে মার্কিন সেনাই ইৰানৰ আক্ৰমণকাৰী ড্ৰ'ন আৰু ক্ষেপণাস্ত্র ধ্বংস কৰে। তেওঁ লগতে প্রকাশ কৰে যে ইৰানৰ আক্ৰমণ ব্যর্থ কৰি আমেৰিকাৰ তিনিখন যুঁজাৰু জাহাজ হৰমুজ প্রণালীৰ পৰা ওলাই যায়। তেওঁ লগতে ইৰানক এই বুলি সতর্ক কৰি দিয়ে যে দেশখনে অচিৰেই চুক্তিত উপনীত নহ'লে আৰু অধিক আক্ৰমণ কৰা হ'ব।
উল্লেখযোগ্য যে যুদ্ধ-বিৰতি চলি থকাৰ সময়তে আমেৰিকাই বৃহস্পতিবাৰে এই আক্রমণ কৰে। যুদ্ধ-বিৰতি অব্যাহত থকা বুলি উল্লেখ কৰি ট্ৰাম্পে কয়, 'ই এক'লভ টেপ'হে মাত্র। যুদ্ধ-বিৰতি অব্যাহত আছে।' মার্কিন সেনাই বৃহস্পতিবাৰে নিশা ইৰানৰ কেছম আৰু বন্দৰ আববাছত আক্রমণ কৰে। ইফালে, ইৰানে সংযুক্ত আৰব আমিৰাটত (ইউ এ ই) কেইবাটাও বেলিষ্টিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰ'নেৰে আক্ৰমণ কৰে। ইউ এ ইৰ ৰাষ্ট্ৰীয় জৰুৰী সংকট তথা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই জনসাধাৰণক সুৰক্ষিত স্থানত থকা আৰু কেৱল চৰকাৰী তথ্যতহে ভৰসা ৰখাৰ আহ্বান জনাইছে।
ইফালে, ইউ এ ই আৰু কুৱেইটে আমেৰিকাৰ সেনাই ব্যৱহাৰ কৰিব পৰাকৈ নিজ নিজ দেশৰ আকাশ আৰু সামৰিক ঘাটিসমূহ মুকলি কৰি দিয়ে। ইয়াৰ পাছত আমেৰিকাই এতিয়া হৰমুজ প্রণালী মুক্ত কৰাৰ বাবে অহা সপ্তাহৰ পৰা বৃহৎ হাৰত অভিযান চলোৱাৰ সম্ভাৱনা আছে। ফলত মধ্য প্রাচ্যত পুনৰ উত্তেজনা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।