ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ নিয়ন্ত্রক সংস্থা ফিফাই আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ'বলগীয়া বিশ্ব কাপৰ পুৰস্কাৰৰ ধনৰাশি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে ৪৮টা দলে অংশগ্রহণ কৰিব লগীয়া বিশ্ব কাপৰ বাবে ইতিমধ্যে ৭২.৭ কোটি ডলাৰৰ পুৰস্কাৰ ধনৰাশি ইতিমধ্যে ঘোষণা কৰা হৈছে। প্ৰাৰম্ভিক পৰিকল্পনা অনুসৰি প্ৰতিটো দলে ন্যূনতম ১.০৫ কোটি ডলাৰ লাভ কৰাটো নিশ্চিত। আনহাতে বিজয়ী দলটোৱে ৫ কোটি ডলাৰ লাভ কৰিব। কিন্তু বিভিন্ন দেশৰ ফুটবল ফেডাৰেশ্যনৰ প্রতিনিধিৰ সৈতে হোৱা বৈঠকত পুৰস্কাৰৰ ধন বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰা হয়। বিভিন্ন সদস্য ফেডাৰেশ্যনৰ বৃদ্ধি পোৱা ব্যয়, বিশেষকৈ ভ্রমণ আৰু সা-সামগ্ৰীত বৃদ্ধি পোৱা ব্যয় আৰু আমেৰিকাত কৰৰ সৈতে জড়িত বিষয়বোৰক লৈ বিশ্ব কাপত খেলিবলগীয়া দেশসমূহৰ ফেডাৰেশ্যনসমূহে চিন্তা প্রকাশ কৰিছে। এই সম্পর্কত চূড়ান্ত সিদ্ধান্ত কানাডাৰ ভেংকুভাৰত অনুষ্ঠিত হ'বলগীয়া ফেডাৰেশ্যনসমূহৰ প্ৰতিনিধি আৰু ফিফাৰ বিষয়ববীয়াৰ সৈতে হ'বলগীয়া আলোচনাত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব পাৰে। এই সিদ্ধান্তই প্রতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহৰ চিন্তা বহুখিনি দূৰ কৰিব।
উল্লেখযোগ্য যে কেইবাখনো দেশৰ ফুটবল ফেডাৰেশ্যনে এই বুলি আশংকা প্রকাশ কৰিছে যে যদি তেওঁলোকৰ দল প্রতিযোগিতাত অধিক আগবাঢ়িব নোৱাৰে তেতিয়া তেওঁলোক লোকচানৰ সন্মুখীন হ'ব। পুৰস্কাৰৰ ধনৰাশিৰ উপৰি ফিফাই ২১১খন সদস্য ফেডাৰেশ্যনৰ বাবে ফুটবলৰ বিকাশ পুঁজি বৃদ্ধি কৰাৰ কথাও বিবেচনা কৰি আছে। এই পুঁজিৰ উদ্দেশ্য হ'ল ফুটবলৰ প্রতিযোগিতামূলক বিকাশ সাধন কৰা।