অসমৰ থলুৱা ফল পনিয়লৰ বিশ্বমুখী যাত্ৰা! ছিংগাপুৰলৈ কৰা হ'ল ৰপ্তানি

Jyoti Borah August 27, 2023

ডিজিটেল ডেস্কঃক সুখবৰ। উত্তৰ-পূব ভাৰতৰ পৰা ৰপ্তানিৰ এক নতুন যুগ আৰম্ভ হৈছে। অসমৰ থলুৱা ফল পনিয়লক ৰপ্তানি কৰা হ’ল ছিংগাপুৰলৈ। KADlienৰ উদ্যোগত ডুবাইলৈ আনাৰস ৰপ্তানি হোৱাৰ পাছত এইবাৰ ছিংগাপুৰলৈ ৰপ্তানি হ’ল পনিয়ল। অসমৰ পনিঅ’ল (কফি প্লাম)ক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিবলৈ সাজু হৈছে KADline Innovation and Export Center নামৰ দূৰদৰ্শী সংস্থাটো। 

ছিংগাপুৰ মন্ত্ৰালয়, ভাৰতীয় মন্ত্ৰালয়, APEDA (Agricultural and Processed Food Products Export Development Authority) , FIEO (Federation of Indian Export Organisations), KADlien আৰু DrukAir Airlinesৰ সহযোগত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰথমবাৰৰ বাবে পোনপটীয়াকৈ সামগ্ৰী ৰপ্তানি কৰা হয়। 

প্ৰশাসনিক প্ৰত্যাহ্বান আৰু সময়ৰ অভাৱৰ সন্মুখীন হৈও KADlineৰ ৰপ্তানি দলটোৱে উত্তৰ-পূব ভাৰতৰ পৰা পনিয়লৰ লগতে আৰু অন্যান্য স্থানীয় ফল-মূল যেনে কৰ্দৈ, কঁঠাল, নেমুটেঙা, আনাৰসৰ পৰীক্ষামূলক চালান প্ৰস্তুত কৰি ডেলিভাৰী দিবলৈ সক্ষম হয়।

২৩ আগষ্ট বুধবাৰে নিশা প্ৰায় ১:৪৬ বজাত KADlineৰ প্ৰজেক্ট পনিয়ল ছিংগাপুৰৰ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে উত্তৰ-পূব ভাৰতৰ ৰপ্তানি খণ্ডৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হয়। এই প্ৰকল্পটো ভাৰতৰ বাবে আন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হল কিয়নো একেদিনাই চন্দ্ৰযান-৩য়ে সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছিল।

KADline আশাবাদী যে এই প্ৰকল্পই অধিক ৰপ্তানিৰ সুযোগৰ পথ প্ৰশস্ত কৰিব আৰু বিশ্বৰ নতুন ৰপ্তানি কেন্দ্ৰ হিচাপে উত্তৰ-পূব ভাৰতত এক সজীৱ ৰপ্তানি পৰিৱেশৰ সৃষ্টি কৰিব। KADlineয়ে বিশ্বাস কৰে অসমৰ থলুৱা সামগ্ৰীৰে এনেদৰে আন্তঃৰাষ্ট্ৰীয় বজাৰ সৃষ্টি কৰিলে অসমৰ কৃষক যথেষ্ট পৰিমাণে লাভান্বিত হৈ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰিব পাৰিব। KADlineয়ে আগন্তুক দিনত ছিংগাপুৰ আৰু এছিয়াৰ অন্যান্য দেশৰ সৈতে নিয়মীয়াকৈ ৰপ্তানি-আমদানিৰ ব্যৱসায় কৰাৰ আশা কৰিছে, যিটো নিয়মীয়া বজাৰ হিচাপে দুয়োপক্ষই উপকৃত হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই প্ৰচেষ্টাৰ শলাগ লৈছে।


ৰপ্তানিকাৰক হ'বলৈ আৰু এই ঐতিহাসিক আন্দোলনৰ অংশ হ'বলৈ KADline ত যোগদান কৰক। 
ফোন নম্বৰঃ 8753933408

Share This