ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব উদ্দেশ্যপ্রণোদিতভাৱে দেশৰ তৰুণসকলৰ প্রতি সেৱা আগবঢ়াবলৈ কৰা হৈছে। তেওঁ আৰু কয় যে কেইবা ডজনো ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা বিশ্বৰ নেতাসকলে ভাৰতৰ যুৱসকল আৰু দেশৰ প্ৰযুক্তিগত উন্নতিৰ কথা কয়।
ৰোজগাৰ মেলাত ৫১,০০০তকৈ অধিক তৰুণ-তৰুণীক কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তি-পত্র ভার্চুৱেলী বিতৰণ কৰি মোদীয়ে আৰু কয় যে আগন্তুক বছৰবোৰত 'বিকশিত ভাৰত' (উন্নত ভাৰত)-ৰ সপোন বাস্তৱায়িত কৰাত যুৱসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে কয়, 'সমগ্র দেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে আজি এক অতি উল্লেখযোগ্য দিন। আজি ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ নিযুক্তি-পত্ৰ লাভ কৰিছে। আজি আপোনালোক সকলোৱেই দেশৰ উন্নয়নৰ যাত্ৰাৰ মূল অংশগ্ৰহণকাৰী-দায়িত্বশীল অংশগ্রহণকাৰী হৈ পৰিছে। ৰে'লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য, শিক্ষা আৰু বহু খণ্ডকে ধৰি বিভিন্ন খণ্ডত আপোনালোকে নতুন দায়িত্ব গ্রহণ কৰিবলৈ ওলাইছে। আগন্তুক বছৰবোৰত আপোনালোকে 'উন্নত ভাৰত' গঢ়ি তোলাৰ সংকল্পক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'বলৈ সাজু হৈছে।'
সদ্যসমাপ্ত তেওঁৰ পাঁচ দেশ ভ্ৰমণৰ বিষয়ৰ অভিজ্ঞতাৰ কথা তৰুণ-তৰুণীসকলৰ আগত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ নেতাসকলে ভাৰতৰ যুৱসকলৰ আৰু দেশৰ প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত উৎসাহ প্রকাশ কৰে। তেওঁ কয়, 'বিশ্বই ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশ হ'বলৈ ইচ্ছা কৰে।' মোদীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব উদ্দেশ্যপ্রণোদিতভাৱে দেশৰ যুৱ সমাজৰ সেৱাৰ্থে কৰা হৈছে। তেওঁ কয়, 'ইয়াৰ উদ্দেশ্য হৈছে যাতে ভাৰতৰ তৰুণ-তরুণীয়ে নিযুক্তি লাভ কৰে আৰু বিশ্বজুৰি 'এক্সপ'জাৰ' (মেধা, কীর্তি প্রকাশ) লাভ কৰে। শেহতীয়া ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে' আৰু ইটালি ভ্রমণত কূটনৈতিক আৰু অৰ্থনৈতিক পৰিণামৰ কথা ব্যাখ্যা কৰি মোদীয়ে খণ্ড বা ছেক্টৰভিত্তিক চুক্তি আৰু আলোচনাৰ কথাও কয়। তেওঁ কয় যে ছুইডেনৰ সৈতে এ আই (কৃত্ৰিম বুদ্ধিমত্তা)ৰ অংশীদাৰিত্ব আৰু ইউ এ ইৰ সৈতে ছুপাৰ কম্পিউটিঙত সহযোগিতাই ভাৰতৰ প্ৰযুক্তিগত ক্ষমতা বৃদ্ধি কৰিব।
নেদাৰলেণ্ডৰ এ এছ এম এল কোম্পানীৰ সৈতে হোৱা চুক্তি সন্দর্ভত তেওঁকয়, 'এ এছ এম এল-টাটা ইলেক্ট্রনিক্ৰ চুক্তিয়ে ভাৰতত হাজাৰ হাজাৰ কৰ্মসংস্থানৰ সৃষ্টি কৰিব।' আনহাতে, ইউ এ ই আৰু নৰৱে'ৰ সৈতে বন্দৰ, জাহাজ পৰিবহণ আৰু সামুদ্রিক আন্তঃগাঁথনি চুক্তিৰ ক্ষেত্ৰত ত্বৰান্বিত কাম-কাজৰ সন্দৰ্ভত মোদীয়ে কয় যে সংযুক্ত আৰব আমীৰশ্বাহী (ইউ এ ই) আৰু নৰৱেৰ সৈতে অংশীদাৰিত্বই ভাৰতৰ জাহাজ নিৰ্মাণৰ ইক 'ছিষ্টেম শক্তিশালী কৰিব তথা দেশৰ অভিযন্তা, কাৰিকৰী লোক আৰু দক্ষ শ্রমিকৰ বাবে সুযোগৰ দিগন্তৰ প্ৰসাৰ ঘটাব। তেওঁ কয়, 'ভাৰতৰ অভিযন্তা, টেকনিচিয়ান আৰু দক্ষ শ্রমিকৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব।' তেওঁ আৰু কয় যে এই নতুন অংশীদাৰিত্বৰ প্ৰতিটোৱেই একে সময়তে ভাৰতৰ ষ্টার্টআপসমূহ, গৱেষক আৰু তৰুণ পেছাদাৰীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ প্ৰসাৰ ঘটালে।
প্রধানমন্ত্রী মোদীয়ে ভাষণৰ শেষত কয়, 'আজি ভাৰতৰ যুৱক-যুৱতীসকলে প্ৰতিটো বিশ্বজোৰা ক্ষেত্ৰত নিজৰ বাবে এক সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিছে। যিসকলে নিজৰ কামক ৰাষ্ট্ৰীয় সেৱা আৰু জনকল্যাণৰ মাধ্যম হিচাপে লয়, তেওঁলোকৰ প্ৰচেষ্টাত এখন 'উন্নত ভাৰত' (বিকশিত ভাৰত) গঢ় লৈ উঠিব। মোৰ সম্পূর্ণ বিশ্বাস যে আজি আমাৰ যুৱ সহকর্মীসকলে নিযুক্তি-পত্ৰ লাভ কৰাৰ পাছত ভাৰতৰ উন্নয়নমূলক যাত্ৰাত সতেজ গতিৰ সৃষ্টি হ'ব। আপোনালোকৰ কাম আৰু সিদ্ধান্তৰ জৰিয়তে উন্নত ভাৰত গঢ়াৰ সংকল্প বাস্তৱায়িত হ'ব। তদুপৰি আমাৰ পথ-প্রদর্শক মন্ত্র 'নাগৰিক দেৱো ভব, নাগৰিকেই ভগৱান' আপোনালোকে কেতিয়াও পাহৰিব নালাগে। নাগৰিকৰ কল্যাণ আমাৰ সৰ্বোচ্চ কর্তব্য।'
উল্লেখযোগ্য যে কালি দেশৰ ৪৭টা স্থানত ৰোজগাৰ মেলা অনুষ্ঠিত হয়। আগবেলা ১১ বজাত প্রধানমন্ত্রীয়ে ১৯ সংখ্যক ৰোজগাৰ মেলাত ভার্চুৱেলী নিয়োগ-পত্ৰ বিতৰণ কৰে। ইয়াৰ আগতে দেশত ১৮খন ৰোজগাৰ মেলা অনুষ্ঠিত হৈছিল। কালি অনুষ্ঠিত মেলাৰ সৈতে এই ৰোজগাৰ মেলাসমূহত প্রায় ১২.৫০ লাখ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰে ।