নেশ্যনেল জুডিচিয়েৰী ডাটাগ্ৰিডৰ তথ্যত উদ্বেগজনক ছবি, ৰাজ্যৰ আদালতে আদালতে ৫,৮১,৫২৬টা নিষ্পত্তিবিহীন গোচৰ

dainik janambhumi April 22, 2026

ডিজিটেল ডেস্ক: নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যাই ৰাজ্যৰ ন্যায় ব্যৱস্থাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে। দিনৌ গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি ৰাজ্যৰ বিভিন্ন আদালতত ৰুজু হোৱা গোচৰৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে দৈনিক নিষ্পত্তি হোৱা গোচৰৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পাৰি। 

কালি প্ৰকাশিত নেশ্যনেল জুডিচিয়েৰী ডাটা গ্রীডৰ তথ্য মতে অসমৰ বিভিন্ন জিলাত কালিৰ দিনটোলৈকে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হৈছে ৫,৮১,৫২৬টা। ইয়াৰ ভিতৰত ১,১৩,৬৫৬টা গোচৰ হৈছে ছিভিল অর্থাৎ দেৱানী গোচৰ আৰু ৪,৬৭,৮৭০টা গোচৰ হৈছে ক্রিমিনেল অর্থাৎ ফৌজদাৰী গোচৰ। আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হৈছে ৬৪,৪৮৯টা। ইয়াৰ ভিতৰত ৪৭,৪৪২টা গোচৰ হৈছে চিভিল (দেৱানী গোচৰ) গোচৰ আৰু ১৭০৪৭টা গোচৰ হৈছে ক্রিমিনেল গোচৰ (ফৌজদাৰী)। সকলোতকৈ ডাঙৰ কথা যে উচ্চ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ থকা এই গোচৰসমূহৰ ভিতৰত ৪৭,২৭৬টা গোচৰেই হৈছে এটা বছৰৰ পুৰণি গোচৰ। আনকি উচ্চ ন্যায়ালয়ত আজিও ন্যায়ৰ অপেক্ষাত আছে দহ বছৰৰ অধিক পুৰণি ৩৯৫৪টা, পাঁচ বছৰৰ পৰা দহ বছৰৰ ভিতৰ পুৰণি ১৯,২৭৯টা, তিনি বছৰৰ পৰা পাঁচ বছৰ পুৰণি ৯৩৯০টা গোচৰ। একেদৰে ৰাজ্যৰ বিভিন্ন আদালতত ৰুজু হৈ থকা গোচৰবোৰৰ ভিতৰত এবছৰ সম্পূৰ্ণ নোহোৱা গোচৰৰ সংখ্যা ২,১৯,৩০৯টা হোৱাৰ বিপৰীতে এবছৰৰ পৰা তিনি বছৰ পুৰণি ২,০৩,১৯৯টা, তিনি বছৰৰ পৰা পাঁচ বছৰ পুৰণি ৯৬,৯২৯টা গোচৰ, পাঁচ বছৰৰ পৰা দহ বছৰ পুৰণি ৫২,৮৩৫টা আৰু দহ বছৰৰ অধিক পুৰণি ৯২৬৭টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। নিষ্পত্তি নোহোৱা এই বৃহৎসংখ্যক গোচৰৰ ভিতৰত ৫৩,০২০টা গোচৰ মহিলা আৰু ২৭,৫৭৫টা গোচৰ জ্যেষ্ঠ নাগৰিকে ৰুজু কৰিছিল। 

মন কৰিব লগীয়া কথা যে ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত জিলাৰ লগতে গুৱাহাটী মহানগৰ জিলাৰ আদালতত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা অধিক। তথ্য মতে, ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কামৰূপ (মহানগৰ) জিলাৰ আদালতত ২,৩৩,৪৪৫টা গোচৰ নিষ্পত্তি নোহোৱাকৈ থকাৰ বিপৰীতে সর্বনিম্ন গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে মাজুলী জিলাত। মাজুলীত নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ সংখ্যা হৈছে মাত্র ৪৯৫টা। ইয়াৰ বিপৰীতে তিনচুকীয়া জিলাত ১১,৭,৪৮টা, শিৱসাগৰ জিলাত ৩০৭৪টা, মৰিগাঁও জিলাত ১১,৩৮৩টা, লখিমপুৰ জিলাত ৬৮৮০টা, শোণিতপুৰ জিলাত ১৩,৪৪৬টা, ডিব্রুগড় জিলাত ১১,৭৩৪টা, দৰং জিলাত ১৮,৮১৯টা, বঙাইগাঁও জিলাত ১২,৭৪২টা, নগাঁও জিলাত ২৫,০৬২টা, যোৰহাট জিলাত ১৫,৬৪৪টা, শ্রীভূমি জিলাত ২৪,৪৬৯টা, কাছাৰ জিলাত ২৯,৯২৬টা, নলবাৰী জিলাত ৯৩৪৫টা, ধুবুৰী জিলাত ২৬,৯৫৯টা, ধেমাজি জিলাত ২২৩৯টা, গোৱালপাৰা জিলাত ১৩,৩৯০টা, গোলাঘাট জিলাত ৫৮৬৯টা, বৰপেটা জিলাত ২৩,৫৬৬টা, হাইলাকান্দি জিলাত ১৩,৯৪০টা, কোকাৰাঝাৰ জিলাত ৫০২৬টা, কামৰূপ জিলাত ২০,১৮৮টা, বাক্সা জিলাত ৩৫৪০টা, ডিমা হাছাও জিলাত ৬৫৪টা, চৰাইদেউ জিলাত ১৯৫২টা, হোজাই জিলাত ১৫,৯৮৮টা, দক্ষিণ শালমৰা জিলাত ৫৩২১টা, বজালী জিলাত ২৬৮৬টা, বিশ্বনাথ জিলাত ৪৫১২টা আৰু কাৰ্বি আংলং জিলাত ৮২৮টা গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। 

ইয়াৰ পৰাই বুজা যায় যে ৰাজ্যত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা পাহাৰ-সদৃশ হৈ পৰিছে। কিন্তু ইমান বৃহৎ সংখ্যক গোচৰ ৰুজু হৈ থকাৰ পাছতো গোচৰসমূহ মীমাংসা কৰাৰ বাবে অধিক ন্যায়াধীশ নিযুক্তি দিয়াৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্রহণ কৰা নাই। যাৰ ফলত এতিয়া গোচৰ ৰুজু হোৱাৰ পাছত নিষ্পত্তিলৈ ৰাইজে বছৰৰ পাছত বছৰ অপেক্ষা কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

Share This