ডিজিটেল ডেস্ক: দিছপুৰৰ বিধায়ক আৱাসত নৱনিৰ্বাচিত একাংশ বিধায়কে লগোৱা নিজৰ নামফলক আঁতৰাবলৈ অসম বিধানসভাৰ সচিবালয়ে কঠোৰ নিৰ্দেশ জাৰি কৰিছে।
বিধায়ক আৱাসত পূৰ্বৰে পৰা যিসকল বিধায়ক আছে, তেওঁলোক ইতিমধ্যে আছেই আৰু যিসকল নতুনকৈ নির্বাচিত হৈছে তেওঁলোকে নিজৰ পচন্দ অনুসৰি বিধায়ক আৱাস গৃহৰ সন্মুখত ফলক লগোৱা কাৰ্যই বিধানসভাৰ নিয়ম আৰু নীতিৰ উলংঘন কৰা বুলি উল্লেখ কৰি সচিবালয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে বিধানসভাৰ সচিবালয়ে বিধায়ক আৱাস গৃহৰ সন্মুখত নৱ-নির্বাচিত বিধায়কে লগোৱা নামফলক আঁতৰাবলৈ নিজাববীয়াকৈ ব্যৱস্থা গ্রহণ কৰিছে।
উল্লেখযোগ্য যে, ৰাজধানী দিছপুৰত বিধায়কসকলৰ বাবে উপযুক্ত আৱাসৰ অভাৱ ঘটিছে। দিছপুৰৰ বিধায়ক আৱাসত বিধায়ক অনুপাতে থাকিবলগীয়া আৱাস গৃহৰ অভাৱৰ বাবেই এনে পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে বিধানসভা সচিবালয়ো জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে।
১২৬ জনীয়া অসম বিধানসভাৰ সদস্যসকলৰ পৰা মন্ত্ৰীসকলক বাদ দি বিধায়কসকলৰ আৱাসৰ বাবে ১১২ টামান ফ্লেটৰ প্ৰয়োজন। কিন্তু বর্তমান থকা অট্টালিকাকেইটাত ৬৪টাহে ফ্লেট আছে। সেই অনুসৰি প্ৰতিগৰাকী বিধায়কক ফ্লেটত ৰাখিবৰ বাবে আৰু যথেষ্ট সংখ্যক ফ্লেটৰ প্ৰয়োজন। জটিলতা আঁতৰাবলৈ নতুনকৈ অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে যদিও সেয়া প্ৰাৰম্ভিক পৰ্যায়তে আছে। আনহাতে পুৰণি আৱাসসমূহ ভাঙি নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আৱাসৰ অভাৱত বহু বিধায়কে জৰাজীৰ্ণ আৱাসত থকাৰ পৰিস্থিতি উদ্ভৱ হোৱাত নতুন বিধায়কসকলে দিছপুৰৰ বিধায়ক আৱাস দখলৰ এক অঘোষিত প্রতিযোগিতাত নামিবলগীয়া হৈছে।
লক্ষণীয়ভাৱে বৰ্তমান সময়ত বিধায়ক অনুপাতে আৱাস গৃহ নথকাত বিধানসভাৰ সচিবালয়েও গ্রহণ কৰিছে ইয়াৰ বিকল্প সিদ্ধান্ত। এই সন্দৰ্ভত বিধানসভাৰ সচিবালয় কর্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি এই সমস্যাৰ সমাধান কৰিবলৈ তেওঁলোকে দুটা পর্যায়ত সিদ্ধান্ত গ্রহণ কৰিব।
প্রথম পর্যায়ত যিসকল বহু বছৰৰ পৰা বিধায়ক হৈ আছে, তেওঁলোকক জ্যেষ্ঠতাৰ ভিত্তিত আৱাসসমূহ প্ৰথমতে দিয়া হ'ব। দ্বিতীয়তে যিসকল নতুনকৈ আহিছে তেওঁলোকক পাৰ্যমানে বা পাছৰ পৰ্যায়ত আৱাস গৃহ দিয়াৰ বাবে চেষ্টা কৰিব। কিন্তু এনে অৱস্থাত দেখিবলৈ পোৱা গৈছে যে বর্তমান সময়ত বিধায়ক আৱাসত থকা ৬৪টা ফ্লেটৰ অধিকাংশই পূৰণ হৈ আছে। মাত্র কেইটামানহে বাকী আছে। সেইবাবে এইক্ষেত্ৰত গুৰুত্ব প্রদান কৰি আৱাস গৃহ নোপোৱা বিধায়কক ঘৰ ভাৰাৰ নামত ৬০ হাজাৰ টকাকৈ প্ৰদান কৰি তেওঁলোকক অন্য স্থানত থকাৰ সুবিধা কৰি দিয়া হ'ব।