এই চাৰিটা উচ্চাকাংক্ষাই এজন লোকক ধ্বংসমুখী কৰিব পাৰে...জানো আহক

Jyoti Borah October 31, 2023

ডিজিটেল ডেস্ক : মানুহৰ ইচ্ছা কেতিয়াও শেষ নহয়। সেয়েহে জীৱনত থকা এনে অধিক ইচ্ছাই এজন লোকক ধ্বংসমুখীও কৰিব পাৰে। দৰাচলতে শ্ৰীমদ্ভ ভাগৱত গীতাক হিন্দুধৰ্মৰ অন্যতম পবিত্ৰ গ্ৰন্থ বুলি গণ্য কৰা হয়। এই গ্ৰন্থখনৰ মতে গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যদি কোনো ব্যক্তিয়ে এই চাৰিটা ইচ্ছা কামনা কৰে তেন্তে ইয়াৰ ফলত তেওঁৰ জীৱনত বহুতো সমস্যা সৃষ্টি হ’ব পাৰে।
১. আনৰ পৰা কেতিয়াও খাদ্য কাঢ়ি খাব নালাগেঃ-নিজৰ উপাৰ্জনৰ সামৰ্থৰে জীৱন নিৰ্বাহৰ আকাংক্ষা থকা উচিত। নিজৰ উপাৰ্জনত অধিক আশা কৰাৰ ফলত জীৱনলৈ সমস্যা অহাটো নিশ্চিত।
২. আনৰ সম্পত্তিলৈ লোভ নকৰিব:-যদি কোনো ব্যক্তিয়ে প্ৰৱঞ্চনাৰে অন্য লোকৰ ধন-সম্পত্তি আত্মসাৎ কৰে, তেন্তে বিনিময়ত তেওঁ পোৱাতকৈও অধিক লোকচান ভৰিবলগীয়া হ’ব পাৰে।
৩. অন্য লোকৰ দানক নিজৰ বুলি নাভাবিব:-আন কাৰোবাৰ উপাৰ্জনক কেতিয়াও নিজৰ নামত দান নকৰিব। ইয়াৰ বাবে ব্যক্তিজনে কেতিয়াও দান-বৰঙণিৰ সঠিক গুণ নাপাব পাৰে। কাৰণ সেয়া অন্য লোকৰহে উপাৰ্জন আছিল।
৪. পৰস্ত্ৰী কথা নাভাবিব:-কেতিয়াও অন্য নাৰীৰ প্ৰতি আৰ্কষিত নহ’ব। মন আৰু আৱেগক সদায় নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব, নহ’লে ভৱিষ্যতে যিকোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

Share This