ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইজৰাইলৰ সহযোগত ইৰানত আৰম্ভ কৰা সামৰিক অভিযানে এতিয়া বিশ্বত তৃতীয় বিশ্ব যুদ্ধৰ আশংকাই ছানি ধৰিছে। ইতিমধ্যে যুদ্ধখনে বিশ্ব পৰ্যায়ৰ যুদ্ধৰ ৰূপ লোৱা পৰিলক্ষিত হৈছেই। এই যুদ্ধ এতিয়া কেৱল ইৰান আৰু আমেৰিকা-ইজৰাইলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। সমগ্র মধ্যপ্রাচ্যক যুদ্ধৰ দাবানলে গ্রাস কৰা পৰিলক্ষিত হৈছে। এই যুদ্ধত কমেও ১৫খন দেশ জড়িত হৈ পৰিছে আৰু বর্তমান অৱস্থাত যুদ্ধ ৰোধ কৰাটো প্রায় অসম্ভৱ হৈ পৰিছে। যুদ্ধ চলি থকাৰ সময়তে ইউৰোপৰ তিনি বৃহৎ শক্তি ব্ৰিটেইন, ফ্রান্স আৰু জার্মানিয়েও এই যুদ্ধত অংশগ্রহণ কৰাৰ কথা ঘোষণা কৰিছে।
তিনিখন দেশে এটা বিবৃতিত কয় যে নিজন সহযোগী দেশৰ লগতে নিজা স্বার্থৰ সুৰক্ষাৰ বাবে তেওঁলোকেও প্রস্তুতি চলাইছে। ইতিহাসলৈ চালে এই কথা স্পষ্ট হৈ পৰে যে যেতিয়া ইউৰোপৰ এই তিনি শক্তি একগোট হয় তেতিয়াই বিশ্বৰ বাবে ডাঙৰ অশনি সংকেত কঢ়িয়াই আনে। ইফালে কালি যুদ্ধত উত্তৰ আটলাণ্টিক সন্ধি সংগঠনৰ (নাটো) প্রৱেশে যুদ্ধ অধিক ভয়াৱহ কনি তোলাৰ ইংগিত দিয়ে। নাটোৰ এয়াৰ ডিফেন্স প্রণালীয়ে তুৰস্কৰ দিশে আগবঢ়া ইৰানৰ এটা বেলেষ্টিক ক্ষেপণাস্ত্র ভূপাতিত কৰে। তুৰস্কাই এই কথা প্রকাশ কৰে। এই ঘটনাৰ পাছত নাটোৰ আন সহযোগী দেশৰো যুদ্ধত প্রৱেশ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ইৰানে ইতিমধ্যে অঞ্চলটোৰ প্রায়বোৰ দেশতে ক্ষেপণাস্ত্র আৰু ড্র'নেৰে আক্রমণ চলাই আছে। আনকি ইজৰাইল-আমেৰিকাৰ আক্রমণৰ সৈতে সম্পর্ক নথকা দেশেতো ইৰানে আক্রমণ কৰিছে। ইৰানৰ বেলেষ্টিক ক্ষেপণাস্ত্র আক ড্র'নে অঞ্চলটোৰ বিভিন্ন স্থানক লক্ষ্য কৰি লৈছে। দেশখনে কেৱল সামৰিক ঘাটিতেই নহয় অসামৰিক স্থান মধ্যপ্রাচ্যৰ বিভিন্ন দেশৰ খাৰুৱা তেল আৰু প্রাকৃতিক গেছ উৎপাদন কৰা কোম্পানীবোৰক লক্ষ্য কৰি কৰা আক্ৰমণৰ জৰিয়তে অঞ্চলটোৰ অর্থনীতিৰ মেৰুদণ্ড ভাঙি পেলোৱাৰ চেষ্টা কৰিছে। ইয়াৰ লগে লগে যুদ্ধই বহুপাক্ষিক ৰূপ লোৱাৰ দিশত আগবাঢ়িছে। ইয়াৰ মাজতে ৰাছিয়াই ইৰানক সমর্থন জনোৱাৰ কথা ঘোষণা কৰিছে। আনহাতে চীনেও ঘোষণা কৰিছে দেশখনে ইৰানৰ স্বার্থ সুৰক্ষিত কৰাৰ বাবে সম্পূর্ণৰূপে সাজু হৈ আছে।
আনহাতে ইউৰোপৰ তিনি প্রধান শক্তিয়ে যুদ্ধত সহযোগ কৰাৰ ইংগিত দিয়াৰ সময়তে স্পেইনকে ধৰি ইউৰোপৰ আন কেইবাখনো দেশে আমেৰিকা-ইজৰাইলৰ সামৰিক অভিযানৰ বিৰোধিতাও কৰিছে। ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ ভাবুকি দিয়ে। ইৰানত আমেৰিকা আৰু ইজৰাইলে কৰা আক্ৰমণত তীব্র ক্ষোভ প্রকাশ কৰি ৰাছিয়াৰ প্রাক্তন ৰাষ্ট্রপতি ডিমিত্রি মেদভেদেভে প্রত্যক্ষভাৱে দুয়োখন দেশক সকীয়াই দিয়ে। তেওঁ এই বুলি সতর্ক কৰি দিয়ে যে ইৰানত ক্ষমতাৰ পৰিবর্তনৰ বাবে চলোৱা এই যুদ্ধ তৃতীয় বিশ্ব যুদ্ধৰ কাৰণ হৈ পৰিব। তেওঁ এই বুলি দাবী কৰে যে ড'নাল্ড ট্রাম্প আৰু বেঞ্জামিন নেতান্যাহুৱে মানৱতাক বিনাশৰ দিশলৈ লৈ গৈছে।