ডিজিটেল ডেস্ক : তিনিচুকীয়া-দুলীয়াজান পথৰ ছোট টিংৰাই চাহ বাগিচা এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু। গ্রীষ্ম কাল অহাৰ লগে লগে চাহ বাগিচাসমূহৰ চাহ গছৰ কুমলীয়া পাত অথবা সেউজীয়া পৰিৱেশে সকলোকে আকর্ষণ কৰে। এনে এক সেউজীয়া পৰিৱেশৰ মাজতে যদি এডৰা পূর্ণবয়স্ক হালধীয়া ফুল থাকে, তেন্তে পৰিৱেশে নিশ্চয়কৈ সোণত সুৱগা চৰায়। বিগত মার্চ মাহৰ শেষৰ ভাগৰ পৰা এতিয়ালৈকে সেই পৰিৱেশেই বিৰাজ কৰিছে তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিৰ সমীপৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ছাউনীৰ বিপৰীত দিশত থকা বাগিচাখনত। বাগিচাৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা প্রায় পাঁচশ মিটাৰ আগুৱাই গ'লেই দেখা যায় এই পৰিৱেশ। জানিব পৰা মতে, এই দৃষ্টিনন্দন পৰিৱেশ প্রথমে স্থানীয় একাংশ যুৱক-যুৱতীয়ে সামাজিক মাধ্যমত তুলি দিয়ে। লগে লগে সামাজিক মাধ্যমত অধিক সক্রিয় হৈ পৰা যুৱক-যুৱতীৰ ঠাইডোখৰলৈ আগমন ঘটাৰ লগতে এই দৃশ্য চুবুৰীয়া ৰাজ্য অৰুণাচল, নগালেণ্ড আদিতো ভাইৰেল হৈ পৰে। ফলত ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, যোৰহাট, ধেমাজি, শিৱসাগৰ আদি জিলাৰ লোকৰ উপৰি চুবুৰীয়া ৰাজ্য দুখনৰ যুৱক-যুৱতীৰ সোঁত বৈছে ঠাইডোখৰলৈ।
এই সন্দৰ্ভত বাগিচাখনৰ পৰিচালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এইবাৰ তেওঁলোকে পৰীক্ষামূলকভাৱে এই খেতি কৰিছে। যোৱা বছৰো এই খেতি কৰিছিল যদিও বিশেষ সফলতা নোপোৱাত এইবাৰ বেংগালুৰু বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰে। বৈজ্ঞানিক পদ্ধতিৰে সূর্যমুখী ফুলৰ খেতি কেনেদৰে কৰা হয় বা ইয়াৰ গুটি কেনেদৰে সংৰক্ষণ কৰিব পাৰি এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ বিশেষজ্ঞ আহি পৰামৰ্শ আগবঢ়ায়। পৰৱৰ্তী সময়ত বাগিচাৰ মাজভাগতে খালী হৈ থকা মাটিত খেতি কৰি সফল হ'বলৈ সক্ষম হৈছে। পৰ্যটকৰ আগমনত আনন্দ প্রকাশ কৰি পৰিচালকজনে কয়- ভাইৰেল হোৱাটো তেওঁলোকৰ মুঠেই লক্ষ্য নহয়। বিভিন্ন ঔষধ নিৰ্মাণত ব্যৱহাৰ হোৱা মাত্ৰ আশী দিনৰ ভিতৰতে ফল লাভ কৰা সূর্যমুখী ফুলৰ খেতি ব্যাৱসায়িক ভিত্তিত কৰাৰ এয়া এক পদক্ষেপহে। তেওঁলোক সফল হ'লে বৃহৎ বাগিচাসমূহৰ ব্যৱহাৰ নোহোৱাকৈ থকা ভূমিতো এই খেতি কৰিব পাৰিব বুলি আশা প্রকাশ কৰিছে।
উল্লেখযোগ্য যে সূর্যমুখী (Helianthus annuus) এক আকর্ষণীয় হালধীয়া ফুল আৰু ই কেৱল সূৰ্যৰ ফালে মুখ কৰি থাকে। ইয়াৰ গুটি উচ্চ পুষ্টিকৰ হিচাপে জনাজাত হোৱাৰ উপৰি মূলতঃ তেল উৎপাদনৰ বাবে কৰা হয়। বনস্পতি তেলৰ বিকল্প হিচাপেও ব্যৱহাৰ কৰিব পৰা এই ফুলৰ খেতি অতিশয় লাভজনক। জালান কোম্পানীৰ অন্তৰ্গত ছোট টিংৰাই চাহ বাগিচাৰ এই চিন্তা-চৰ্চাক এতিয়া শলাগ লৈছে সচেতন মহলে।