ডিজিটেল ডেস্ক: নিবনুৱা সমস্যা সমাধানৰ আঁচনিৰে তৰুণ গগৈৰ প্ৰথমটো কাৰ্যকালত তিতাবৰত স্থাপন কৰা বাণিজ্য কেন্দ্ৰৰ ২২ বছৰৰ পাছতো আৰম্ভ নোহোৱাত নিবনুৱা সমস্যা সমাধানত চৰকাৰৰ দায়বদ্ধতা স্পষ্ট কৰিছে।
মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টি তিতাবৰৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ৰাজ্য চৰকাৰৰ তদানীন্তন উদ্যোগ আৰু বাণিজ্য মন্ত্রী ভুৱনেশ্বৰ কলিতাৰ বিশেষ উদ্যোগত নিৰ্মাণ কৰা দুমহলীয়া অভিলাষী প্ৰকল্প ২০০৪ চনতে সম্পূৰ্ণ হৈ উঠিল যদিও আজিও ইয়াৰ সেৱা নিবনুৱা যুৱকসকলে লাভ কৰিবলৈ সক্ষম নহল ।
উল্লেখযোগ্য ৪৪ খন দোকান গৃহ থকা দুমহলীয়া প্রকল্পটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ তত্ত্বাৱধানলৈ হস্তান্তৰ কৰা হয়। ৪৪গৰাকী নিবনুৱা যুৱক-যুৱতীয়ে গৃহসমূহৰ আবণ্টন বিভাগীয়ভাৱে লাভ কৰি নিজা ব্যৱসায় আৰম্ভ কৰিবলৈ সাজু হৈ উঠিছিল যদিও সংশ্লিষ্ট বিভাগে আজি পর্যন্ত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰি নিদিলে। ইতিমধ্যে গৃহসমূহৰ আবণ্টন লাভ কৰা বহু কেইগৰাকীয়ে দোকান গৃহসমূহৰ আবণ্টন চুক্তি বিভাগীয়ভাৱে বাতিল কৰি বাণিজ্যিক প্রকল্পত ব্যৱসায় চলোৱা সপোন সামৰিলে।
লক্ষণীয় যে তিতাবৰৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ সপোন দেখুওৱা এই অভিলাষী প্রকল্পটোৰ সন্দৰ্ভত ২০০৪ৰ পৰা ২০১৬ চন পর্যন্ত তিতাবৰ সমষ্টিক প্রতিনিধিত্ব কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত থকা তৰুণ গগৈক বাৰম্বাৰ অৱগত কৰা হৈছিল যদিও বাস্তৱত একো ফল নধৰিল। পোনপ্ৰথমে তিতাবৰৰ সাপ্তাহিক বজাৰৰ ভিতৰত এই প্রকল্পটো আৰম্ভ কৰিব বিচৰা হৈছিল যদিও একাংশৰ বিৰোধিতাৰ বাবে পৰৱৰ্তী সময়ত ইয়াক তিতাবৰ ৰাজহ চক্র বিষয়া কাৰ্যালয়ৰ সন্মুখলৈ স্থানান্তৰ কৰিব লগা হোৱাটোৱে আজিৰ অৱস্থাৰ বাবে প্রধানতঃ জগৰীয়া বুলি সচেতন মহলে দাবী কৰে।
বিদ্যুৎ সংযোগৰ বাবে জিলা উদ্যোগ আৰু বাণিজ্য বিভাগে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ নকৰাৰ বাবেই অত্যাধুনিক উদ্যোগ পামখন মুকলি নোহোৱাকৈ বিধ্বস্ত হৈ পৰিছে। সম্প্রতি সাপ-নেউলৰ বাসস্থান হৈ উঠা প্রকল্পটো মূল অংশৰ চাদত এজোপা বৃহৎ বৰগছ গজি সম্পূর্ণভাৱে চাদ খন ছানি ধৰাই নহয়, বিধ্বস্ত কৰি তুলিছে। গৰু, ছাগলীৰ উন্মুক্ত বিচৰণৰ ফলত অতি অস্বাস্থ্যকৰ পৰিৱেশত সময়ৰ মৃত্যুৰ ক্ষণ গণি থকা তিতাবৰবাসীৰ সপোনৰ প্ৰকল্পটো আজিৰ অৱস্থাৰ বাবে তদানীন্তন কংগ্ৰেছ চৰকাৰক তিতাবৰৰ নেতাসকলেই জগৰীয়া। খোদ মুখ্যমন্ত্ৰী গৰাকী যিটো সমষ্টিৰ বিধায়ক, সেই সমষ্টিত ৰাজ্য চৰকাৰে এখন উদ্যোগপাম অনুষ্ঠানিকভাৱে মুকলি কৰিব নোৱাৰাটোৱে স্থানীয় কংগ্ৰেছী নেতাসকলৰ তিতাবৰৰ প্ৰতি দায়বদ্ধতা কি, সেয়া স্পষ্ট কৰিছে।
১৫ বছৰ ধৰি তিতাবৰক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহক কৰা প্ৰয়াত তৰুণ গগৈৰ সন্দৰ্ভতো এই সন্দর্ভত প্রশ্ন উঠিছে। নিজে সমষ্টিৰ কাম তদাৰক নকৰি দুখন উপ-সমিতিক তিতাবৰৰ দায়িত্ব অর্পণ কৰি সমষ্টিলৈ পিঠি দিয়া তৰুণ গগৈৰ দুৰ্বল ভূমিকাৰ বাবেই তিতাবৰবাসীয়ে আজিও মুখ্যমন্ত্ৰীৰ সমষ্টি বুলি দাবী কৰিব পৰাকৈ বাস্তৱ উন্নয়নৰ মুখ দেখিবলৈ সক্ষম নহ'ল।
অন্যহাতে, বিগত১০ টা বছৰ ৰাজ্যত শাসনভাৰ চলোৱা বিজেপি দলেও কংগ্ৰেছৰ পথকে অনুসৰণ কৰি উদ্যোগ পামখনৰ সন্দৰ্ভত নীৰৱতা প্ৰকাশ কৰি অহাটো সমষ্টিবাসীৰ বাবে অন্য এক দুর্ভাগ্যজনক কথা। উন্নয়ন আৰু বিকাশৰ শ্ল'গান দিয়া বিজেপি চৰকাৰে কংগ্ৰেছৰ দিনত তিতাবৰত আৰম্ভ কৰা অথবা সম্পূৰ্ণ হোৱা বহুকেইটা প্রকল্পলৈ পিঠি দিয়াটোত সচেতন মহলে ক্ষোভ প্রকাশ কৰি উন্নয়নৰ বাবে ৰাজনীতি নকৰিবলৈ দলটোক আহ্বান জনাইছে।