তদন্ত আৰু উৎকণ্ঠা

dainik janambhumi October 03, 2025

ছিংগাপুৰত এটা সন্দেহজনক পৰিস্থিতিত সাগৰত সাঁতুৰি থকা অৱস্থাত শিল্পী জুবিন গাৰ্গৰ মৃত্যু আৰু তাৰ প্ৰতিক্রিয়াত অসমত সৃষ্টি হোৱা অভূতপূর্ব প্রতিক্রিয়াই যেন এক জাতীয় জাগৰণৰ ৰূপহে ল'লে। অতিকে প্রিয়জনৰ এনে অনাকাংক্ষিত মৃত্যুত মানুহ বিক্ষুব্ধ হয়। ক্ষোভৰ বিস্ফোৰণ হয়। সাধাৰণতে এনে ক্ষোভ চৰকাৰৰ বিৰুদ্ধেই উদ্গিৰণ হয়। কাৰণ ৰাজ্যখনৰ সকলো কাম-কাজ নিয়ন্ত্ৰণৰ দায়িত্ব চৰকাৰৰ হাততেই থাকে।

ছিংগাপুৰত হোৱা অনুষ্ঠান চৰকাৰৰ অজ্ঞাতে হ'ব নোৱাৰে। সেই অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত অংশ ল'বলৈ বহুতকে নিমন্ত্রণ কৰা হৈছিল। শিল্পী জুবিন গার্গো তাৰে ভিতৰত এজন। সেই ফালৰ পৰা নিমন্ত্ৰিত এজন অতি বিশিষ্ট শিল্পী এনে অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হ'লে নীতিগতভাবে উদ্যোক্তা তথা আয়োজকসকল দায়ী হয়। তেনে অনুষ্ঠানৰ অনুমোদন জনোৱা চৰকাৰেও নৈতিক দায়িত্বৰ পৰা ৰেহাই পাব নোৱাৰে। সেইবাবেই এনে অনাকাংক্ষিত ঘটনা বা দুৰ্ঘটনাৰ সকলো দিশ সম্পূর্ণকৈ, তন্ন তন্নকৈ পৰীক্ষা কৰি তাৰ আঁতি-গুৰি বিচাৰি উলিয়াই অভিযুক্তসকলক চিনাক্ত কৰা প্ৰয়োজন। এই মুহূৰ্তত অসমৰ ৰাইজে তাকেই বিচাৰিছে। ইতিমধ্যে ৰাইজৰ বিৰক্তিকৰ অপেক্ষাৰ অন্তত দুই প্রধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। এনে ক্ষেত্রত অভিযুক্তক গ্ৰেপ্তাৰ কৰা বিলম্ব হোৱা মানেই অভিযুক্তই সাক্ষ্য প্রমাণ নষ্ট কৰিবলৈ সময় পোৱা। এতিয়া তদন্ত প্রক্রিয়া আৰম্ভ হ'ব।

যিহেতু অভিযুক্ত প্ৰভাৱশালী আৰু চৰকাৰৰ নেতা-মন্ত্ৰীৰো ঘনিষ্ঠ, সেইবাবেই অসমৰ জুবিনবলিয়া বিক্ষুদ্ধ জনতাই তদন্তত সকলো ধৰণৰ স্বচ্ছতা বৰ্তাই ৰখাটো বিচাৰিছে, যাতে আইনৰ কোনো ধৰণৰ দুৰ্বলতাৰ সুযোগ লৈ দোষী পলাই সাৰিব নোৱাৰে। ইতিমধ্যে তদন্তৰ বাবে চৰকাৰে যিখন সমিতি গঠন কৰিছে, তাৰ সদস্যসকলৰ ওপৰত এটা ঐতিহাসিক দায়িত্বৰ বোজা পৰিছে। তদন্তত সন্দেহৰ অৱকাশ থাকিব নালাগিব, ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগিব। এয়া এটা ৰাজনৈতিক বিষয় নহয় ইছ্যু ডাইভার্ট হ'ব। এয়া এটা জাতীয় আৱেগৰ বিষয়, যিটো মানুহৰ স্মৃতিৰ পৰা সহজে মচ খাই নাযাব। কেৱল আদ্যশ্রাদ্ধ, প্রার্থনা সভা আদিতে এই ৰাইজৰ ক্ষোভ প্রশমিত নহয়।

মাত্র আঢ়ৈ কুৰি বা তাতকৈ সামান্য অধিক বছৰতে জুবিন গাৰ্গ হৈ পৰিল অসমৰ কিংবদন্তি পুৰুষ। সাধাৰণ মানুহৰ লগত তেওঁ আন্তৰিকতা-আত্মীয়তা গঢ়ি তুলিলে। বাটৰ কাষত ৰৈ থকা মানুহ এজন কিয় ইমান সময় ৰৈ থাকিব লগা হৈছে, তাৰো খবৰ লৈছে। বাটৰ কাষৰ সৰু চাহৰ দোকান দিয়া মানুহজন, ৰিক্সাচালক-অট 'চালকৰ লগতো প্রাণ খুলি কথা পাতিছে। তেওঁলোকৰ ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খবৰ লৈছে। তীব্ৰ ৰ'দত ঘৰ নিৰ্মাণৰ কামত ব্যস্ত থকা শ্রমিকজনৰ কষ্টৰ সমভাগী হৈছে। এনেদৰেই তেওঁ মানুহৰ হৃদয়লৈ সোমাই যোৱাৰ বাট বিচাৰি ল'লে। কেৱল সংগীতানুষ্ঠানৰ গীতেৰেই নহয়, তেওঁ সঁচা আন্তৰিকতাৰে কঠিন পৰিস্থিতিৰ সমস্যাজৰ্জৰ মানুহজনৰো মনৰ খবৰ ৰাখিলে। সকলোৱে সেইবাবেই এইজন শিল্পীক নিজৰ আত্মীয় বুলি ভাবিলে আৰু তেওঁৰ আকস্মিক মৃত্যুৰ খবৰত অস্থিৰ হৈ পৰিল। শোকাহত হৈ পৰিল। যদিহে এই দুৰ্ঘটনাৰ অন্তৰালত কিবা ষড়যন্ত্র আছিল তাক জানিবলৈ আৰু নেপথ্যত থকাসকলক শাস্তি দিয়াৰ দাবীত সৰৱ হৈ উঠিল। সেইবাবেই এই তদন্ত আন কোনো ধৰণৰ হত্যা বা সন্দেহজনক ঘটনাৰ তদন্ততকৈ বেলেগ হ'ব।

এই তদন্তৰ বিভিন্ন পর্যায় আৰু তাৰ সকলো দিশক লৈ ৰাইজৰ সতৰ্ক দৃষ্টি থাকিব। তদন্ত চি আই ডি, চি বি আই বা আন যি এজেঞ্চিৰে কৰা নহওক কিয়, তথ্য-প্রযুক্তি আৰু সামাজিক মাধ্যমৰ আজিৰ যুগত সহজেই অতি গোপনীয় কিছুমান দিশো মুকলি হৈ পৰাৰ সম্ভাৱনা থাকে। তেনে অনাহৃত পৰিস্থিতি সম্পর্কে তদন্তকাৰী সংস্থা সতর্ক থকা উঠিত।

আন এটা চিন্তনীয় আৰু অপ্রিয় সত্য হ'ল একাংশ নেতা-মন্ত্রী আৰু তেওঁলোকৰ নিকট আত্মীয়ৰ লগত নর্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাজনৰ থকা ঘনিষ্ঠ সম্পৰ্কৰ কথা। সেই কথাক লৈ নানা ধৰণৰ অভিযোগ-প্রতি অভিযোগ উঠিব। জুবিন গাৰ্গ আছিল অসমৰ জাতীয় সংহতিৰ প্রতীক। জাতি-ধর্ম-বর্ণ-সম্প্রদায় সকলোৰে ঊর্ধ্বত তেওঁৰ অৱস্থান। অন্যায়-অনিয়মৰ বিৰুদ্ধে নিজৰ স্থিতিৰ পৰাই প্রতিবাদ কৰি অহা লোক। তেওঁ কৈ গৈছে যে ৰাজনৈতিক অস্থিৰতাই শিল্প-সংস্কৃতি আৰু শিক্ষাৰ পৰিৱেশ বিনষ্ট কৰে। তেওঁ শান্তি আৰু ঐক্যৰ বাবে কাম কৰি গৈছে। সেয়েহে তেওঁৰ মৃত্যু কিম্বা হত্যা যিয়েই নহওক, তাৰ তদন্ত চলিব লাগিব সম্পূর্ণ শান্তিপূর্ণ পৰিস্থিতিত। ৰাইজৰ সকলো অংশকে চৰকাৰে বিশ্বাসত ল'ব লাগিব। দমনমূলক কার্যব্যৱস্থা এনে আৱেগৰ বাতাৱৰণত ফলপ্রসূ হ'ব নোৱাৰে। সেয়েহে তদন্ত এনেভাৱে আগবঢ়া উচিত, যাতে ৰাইজে বিচৰা প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰে। সকলো উৎকণ্ঠাৰ অন্ত পৰে আৰু সন্দেহৰো কোনো অৱকাশ নাথাকে।

Share This