আজি ক'লা ৩০ অক্টোবৰ। দেৱালীৰ আতচবাজী বুলি ভ্রমিত ৰাজ্যবাসীক বাকৰুদ্ধ কৰি এনে এটা দিনতেই ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল অসম। ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীসহ কেইবাখনো জিলাত প্রায় একে সময়তে ১৮টা বোমাৰ বিস্ফোৰণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। জুই আৰু ক'লা ধোঁৱাই নিমিষতে শিশুৰ পৰা বৃদ্ধলৈ কাঢ়ি লৈছিল ৮১টাকৈ প্রাণ। প্রায় পাঁচ শতাধিক লোক আহত হৈছিল, য'ত বহুজনে চিৰকাললৈ পংগুত্বক আঁকোৱালি লৈছিল।
এই ঘটনাই আজি ১৭ বছৰ অতিক্ৰম কৰিলে। পোনপ্রথমে এই কূটাঘাত ইছলামিক সন্ত্রাসবাদী গোটৰদ্বাৰা সংঘটিত বুলি খোদ আৰক্ষীয়ে দাবী কৰাৰ পাছত এই ঘটনা বড়ো বিদ্রোহী সংগঠন এন ডি এফ বি (আৰ) ৰদ্বাৰাহে সংঘটিত বুলি উন্মোচিত তথ্যই খিলঞ্জীয়া জনতাক হাড়লৈকে কঁপাই তুলিছিল। ১৯৯৩ চনৰ মুম্বাইৰ বিস্ফোৰণৰ পাছত ৩০ অক্টোবৰৰ এই বিস্ফোৰণ তৃতীয়টো বৃহৎ বোমা বিস্ফোৰণৰ ঘটনা বুলি বিবেচিত হৈছিল। স্বাভাৱিকতেই বিস্ফোৰণৰ দিনটোৰ পৰাই ঠেলাত ৰাজনৈতিক নেতাৰদ্বাৰা অৰ্ধভস্ম মৃতদেহ লৈ সমদল কৰাৰ ভয়াৱহ ৰাজনীতি, উচটনিৰে ব্যাপক ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল। জনতাৰ ক্ষোভ আৰু ন্যায়ৰ দাবীত সেও মানি চি বি আয়ে তদন্ত কৰা এই ঘটনাৰ গোচৰৰ বিচাৰৰ বাবে ফাষ্টট্রেক আদালত গঠন কৰা হৈছিল আৰু ফাষ্টট্রেক আদালতত ২০১৯ চনত এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীসহ ১১জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।
এঘাৰ বছৰৰ মূৰত দ্রুত আদালতে ৰায় দিয়া এই গোচৰত ২০২২ চনত উচ্চ ন্যায়ালয়ে চাৰিজনক দোষমুক্ত ঘোষণাৰে ৰঞ্জন দৈমাৰীসহ আনকেইজনক দোষী সাব্যস্ত কৰি চূড়ান্ত ৰায় প্ৰদান কৰে। ব্যাপক প্রতিক্ৰিয়াৰ পাছতো ১৪ বছৰৰ মূৰতহে ন্যায় প্রক্রিয়া সম্পূৰ্ণ হোৱা এই গোচৰৰ মূল অভিযুক্তই এতিয়া পেৰলত মুক্তি লৈ মাজে মাজে চৰকাৰৰ সৈতে শান্তি আলোচনা প্রক্রিয়াত বহি আহিছে। বিপৰীতে জনতায়ো প্রায় পাহৰি পেলোৱা ৩০ অক্টোবৰৰ দিনটোত প্রশাসনে চৰকাৰীভাৱে শ্ৰদ্ধাঞ্জলি-অনুষ্ঠান একোটা নিয়মমাফিক পাতি আহিছিল যদিও বিগত দুটা বছৰত সেয়াও হোৱা নাই। ২০০৪ চনৰ ১৫ আগষ্টৰ সেই ক'লা দিনৰ ইতিহাস ইয়াতকৈয়ো মর্মান্তিক। ২০০৪ চনত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত আলফাই সংঘটিত কৰা বোমা বিস্ফোৰণত দহটি শিশুসহ তেৰজন নিৰীহ লোকে প্রাণ হেৰুৱাইছিল। শিশু হত্যাকাৰীৰ চেকাৰে ইতিহাসত কলংকিত হৈ পৰাৰ পাছতো অভিযুক্তই শাস্তি নাপালে। ১৫ আগষ্টৰ বিস্ফোৰণৰ ভুক্তভোগীৰ পৰিয়ালে আজিয়ো নাপালে উচিত ন্যায়। ঘটনাৰ প্রায় দুই দশকৰ পাছত, অৰ্থাৎ ২০২৩ চনৰ ২৪ আগষ্টত কেৱল তদন্তকাৰী সংস্থাৰ উপযুক্ত অনুসন্ধানৰ অভাৱ আৰু অতি দুর্বল অভিযোগনামাৰ বাবেই উচ্চন্যায়ালয়ে গোচৰৰ চাৰি অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।
সম্প্রতি উচ্চ ন্যায়ালয়ৰ এই ৰায়ক উচ্চতম ন্যায়ালয়ত প্রত্যাহ্বান জনাই আবেদন দাখিল কৰা হৈছে যদিও দুই দশক বাট চোৱা ভুক্তভোগীৰ পৰিয়ালৰ বাবে ন্যায়ৰ আশা এতিয়াও সুদূৰপৰাহত। ইয়াৰ বিপৰীতে শিশু হত্যাকাৰীৰ কলংক লাগিলেও সংশ্লিষ্ট সংগঠনৰ বহু নেতা-পালিনেতা এতিয়া শান্তি আলোচনাৰ স্বাৰ্থতেই হওক বা অন্য অচিলাৰেই হওক মুক্ত আকাশৰ তলত। আনকি ইয়াৰে বহুজন এতিয়া ৰাজনৈতিক কুচকাৱাজেৰে সক্রিয়। ২০১২ চনত নির্ভয়া হত্যাৰ গোচৰৰ ক্ষেত্রতো দোষী স্পষ্ট হৈ থকাৰ পাছতো তথা ফাষ্টট্রেক আদালতৰ বিচাৰৰ পাছতো আইনী জটিলতাৰ বাবে চূড়ান্ত ৰায়লৈ ৭ বছৰ অপেক্ষা কৰিব লগা হৈছিল।
শেহতীয়াকৈ অসম প্রাণ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰক লৈয়ো এতিয়া জনতাৰ মনত ব্যাপক সন্দেহ আৰম্ভ হৈছে। ভাৰতীয় ন্যায় ব্যৱস্থা জটিল আৰু কঠোৰ যদিয়ো ইয়াৰ সুৰুঙাও অনেক। তেনে প্রেক্ষাপটত অনুসন্ধানকাৰী সংস্থাৰ দায়িত্ব অতি বেছি। সাধাৰণতে অনুসন্ধানকাৰী সংস্থাৰ অৱহেলা আৰু তদন্তৰ আৰম্ভণিতে সাক্ষ্য-প্রমাণৰ ক্ষেত্ৰত আৰক্ষীয়ে কৰা গাফিলতিৰ বাবেই দোষী আইনী সুৰুঙাৰে বাচি যায়। জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে এনে নহয়, তাৰ বাবে ইতিমধ্যে জনতাই ন্যায় বিচাৰি কৰা আন্দোলন তীব্ৰতৰ কৰি তুলিছে। ন্যায় ব্যৱস্থাৰ শামুকীয়া গতিত একপ্ৰকাৰ বীতশ্রদ্ধ ক্ষুব্ধ জনতাই এতিয়া 'Instant justice' বিচাৰিবলৈ আৰম্ভ কৰিছে। আনকি এই ঘটনাত ভিন্ন প্ৰকাৰেৰে ৰাজনীতি কৰিব খোজা কিছুমান চক্ৰয়ো জনতাৰ ক্ষোভৰ জুইত ঘিউ ঢালিছে। সঠিক তদন্তৰ ক্ষেত্ৰত ৰাজনৈতিক তথা সামাজিক অস্থিৰতায়ো বাধা আনিব পাৰে।
তেনে প্রেক্ষাপটত তদন্ত প্ৰক্ৰিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি অনুসন্ধানকাৰী সংস্থাই যাতে ৰাজনৈতিক হেঁচাৰ পৰা মুক্ত হৈ এখন সঁচা অৰ্থত কঠোৰ অভিযোগনামা দাখিল কৰিব পাৰে, তাৰ বাবে জনতা সচেষ্ট হ'ব লাগে। কিয়নো এই গোচৰতো আইনী সুৰুঙা থকাৰ সন্দেহ ঘনীভূত হৈছে। 'Justice delayed is justice denied' বুলি কথা এষাৰ আছে। জুবিন গাৰ্গৰ ক্ষেত্ৰত এনে হোৱাটো অসমবাসীয়ে কেতিয়াও নিবিচাৰে।