তজবজীয়া ৰাজনীতি

dainik janambhumi May 12, 2026

ডিজিটেল ডেস্ক : একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিবলৈ আগবঢ়া ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উত্তৰণৰ অনিৰুদ্ধ গতিৰ আঁৰৰ ৰহস্য কি বুলি যদি প্রশ্ন কৰা যায়, তেতিয়াহ'লে সকলোৰে উত্তৰ প্ৰায় একে হ'ব, সেয়া হ'ল তেওঁ এগৰাকী অতি 'স্মার্ট' অর্থাৎ তজবজীয়া ৰাজনীতিক। ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈকে এই চাৰে তিনিটা দশকত যিসকলে ড° হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি আছে বা যিসকলে তেওঁক নিচেই কাষত পাইছে সেই সকলোৱেই তেওঁৰ দিনে-নিশাই কাম কৰিব পৰা শক্তি, ক্ষিপ্রতা, স্মৃতিশক্তি আৰু কাৰ্যদক্ষতাক অনন্য আৰু বিস্ময়কৰ বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। কটন কলেজৰ শতিকাজোৰা ইতিহাসত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক বহুত হ'ল, কিন্তু এইসকলৰ মাজত ড° হিমন্ত বিশ্ব শর্মা যে অনন্য তাক লৈ কাৰো দ্বিমত নাই। তেওঁ এবাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত পৰাজিতও হৈছিল; কিন্তু তেওঁ যাৰ হাতত পৰাজিত হৈছিল সেইগৰাকীয়েও বোধহয় এতিয়া ড° শৰ্মাৰ অসাধাৰণ নেতৃত্বৰ শক্তিক মানি ল'ব। সংসদীয় ৰাজনীতিতো হিমন্ত বিশ্ব শৰ্মাৰ বাবে পথটো মসৃণ হৈ থকা নাছিল। যোৱা শতিকাৰ শেষৰটো দশকত ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটুকুৰা ঠাই উলিয়াই ল'বলৈ দিনে-নিশাই তেওঁ অশেষ কষ্ট কৰিবলগীয়া হৈছিল। পৰাজয়েৰে আৰম্ভ হৈছিল তেওঁৰ সংসদীয় ৰাজনীতিৰ ক্ষেত্ৰত যাত্রা। 

কিন্তু প্রথমবাৰ বিজয়ী হোৱাৰ পাছত তেওঁ উভতি চাবলগীয়া হোৱাতো নায়েই, বৰঞ্চ দুৰন্ত গতিত আগবাঢ়ি গৈ আছে তেওঁৰ ৰাজনীতিৰ অশ্বমেধৰ ঘোঁৰা একমাত্ৰ তেওঁৰ সদা সপ্রতিভ 'স্মার্ট' ৰাজনীতিৰ বাবে। এই তজবজীয়া ৰাজনীতিৰ বাবেই তেওঁ আজি দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ সক্ষমতা অর্জন কৰাই নহয়, নিজৰ বিচক্ষণ ৰাজনীতিক শক্তিৰ বলত আজি তেওঁ দেশৰো এগৰাকী আগশাৰীৰ ৰাজনীতিকৰ ৰূপত নিজক তুলি ধৰিব পাৰিছে। আজি এই কথাখিনি উত্থাপন কৰাৰ উদ্দেশ্য মুখ্যমন্ত্ৰীগৰাকীৰ প্রশস্তি গোৱা নহয়, ইয়াৰ জৰিয়তে এটা দিশলৈ আঙুলিয়াব খোজা হৈছে, সেয়া হৈছে 'বাবুগিৰি' ৰাজনীতিৰ দিন এতিয়া উকলিবলৈ লৈছে। আৰামী চকীত বহি ৰাজনীতিৰ চাল খেলি সংসদীয় ৰাজনীতিত টিকি থকাটো যে অসম্ভৱপ্ৰায় হৈ পৰিছে তাক একালৰ বহু প্রতাপী নেতাৰ এতিয়াৰ ৰাজনৈতিক অস্তিত্বহীন অৱস্থাটোৱেই প্রমাণ কৰে। লক্ষ্য কৰি থকাসকলে উদাহৰণ নিজেই বিচাৰি উলিয়াব পাৰিব। কংগ্ৰেছৰ অৱস্থা সংকুচিত হৈ অহাৰ কাৰণো এয়ে যে দুর্নিবাৰ গতিত বিচৰণ কৰি ফুৰা প্ৰতিপক্ষৰ ৰাজনীতিকৰ সন্মুখত তেওঁলোক এতিয়া নিষ্প্রভ। এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি তামিলনাডুত দ্রাবিড় কেন্দ্রিক কেইবাদশকজোৰা ৰাজনীতিক ওফৰাই টি ভি কেৰ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ মহানায়ক বিজয়ৰ প্ৰসংগ। এম জি ৰামচন্দ্ৰন, জে জয়াললিতাৰ এ আই এ ডি এম কে আৰু এম কৰুণানিধি, এম কে ষ্টালিনৰ ডি এম কেই ৰাজ্যখনত এনে এটা পৰিৱেশ ৰচনা কৰি পেলাইছিল যে এই দুটা শক্তিক বাদ দি তাত বিকল্প কিবা ৰাজনীতিৰ উত্থান ঘটিব পাৰে বুলি কোনেও কল্পনাই কৰা নাছিল। কিন্তু 'থালাপতি' বিজয়ে ২০২৪ চনত প্রতিষ্ঠা কৰা তামিলাগা ভেট্টি কাঝাগাম (টি ভি কে) সেই প্রতিচ্ছবি দুটা বছৰতে মচি পেলালে। বিজয়ৰ সম্পূৰ্ণ নামটো চন্দ্ৰশেখৰ যোচেফ বিজয় হ'লেও তামিলনাডুৰ জনসাধাৰণে তেওঁক জানে 'থালাপতি' বিজয়ৰূপে। 'থালাপতি'ৰ অৰ্থ হ'ল 'কমাণ্ডাৰ' বা সেনানায়ক। চিনেমাৰ 'কমাণ্ডাৰ' বিজয় যোৱা দুটা বছৰত জনসাধাৰণৰ মাজত ৰাজনীতিৰ 'কমাণ্ডাৰ' হৈ পৰিল। বগা ভেষ্টি (লুঙি), বগা চোলাৰ পৰম্পৰাগত ৰাজনীতিকৰ পোছাক পৰিধান নকৰি সাধাৰণ পেন্ট-চোলা পিন্ধি জনতাৰ মাজত সোমাই পৰি গোষ্ঠীবাদৰ বিপৰীতে সমাজত এখন সমাজ গঢ়াৰ আশা জাগ্রত কৰি, নতুন প্ৰজন্মৰ সমস্যাবিলাকক গুৰুত্ব দি পৰিৱৰ্তনৰ ৰাজনীতিৰ এজন মহানায়কৰ ৰূপত তেওঁ উজলি উঠিল। তামিলনাডুৰ সকলো স্তৰৰ জনতাই তেওঁৰ 'থালাপতি' ৰূপটোৰ ওপৰত বিশ্বাস স্থাপন কৰিব পৰাৰ এক পৰিৱেশ তেওঁ দুটা বছৰত গঢ়ি তুলিব পাৰিলে, যাৰ বাবে ডি এম কেৰ শক্তিশালী দুর্গ ভাঙি তেওঁৰ দল ৰাজ্যখনত ক্ষমতাধিষ্ঠিত হ'বলৈ সক্ষম হ'ল। ভৱিষ্যতৰ দিনবোৰত তেওঁ জনসাধাৰণৰ এই বিশ্বাস কেনেদৰে ৰক্ষা কৰিব পাৰে সেয়া লক্ষণীয় হ'ব। 

নেপালৰ নতুন প্রধানমন্ত্রী বালেন্দ্র শ্বাহেও তেনে এক ভাবমূর্তিৰে দেশখনত ৰূপান্তৰৰ ৰাজনীতিৰ এক অভাৱনীয় পৰিৱেশ ৰচনা কৰাটোও 'স্মার্ট' ৰাজনীতিৰ আন এক নিদর্শন। জেনেৰেশ্যন জি (Z)ৰ ৰক্তক্ষয়ী আন্দোলনৰ জৰিয়তে উত্থান ঘটা বিশ্বৰ বৰ্তমানৰ সৰ্বকনিষ্ঠ ৰাষ্ট্রনেতা বালেন্দ্র শ্বাহে জনতা আৰু নেতাৰ মাজৰ দেৱাল ভাঙি দি কেনেকৈ নেপালত এক ব্যতিক্রম শাসন ব্যৱস্থা আৰম্ভ কৰিছে তাৰ বিক্ষিপ্ত দৃশ্য ইতিমধ্যে বিভিন্ন মাধ্যমেৰে ভাইৰেল হৈ পৰিছে। বিজয় বা বালেন্দ্ৰ শ্বাহৰ সংসদীয় ক্ষেত্ৰত প্ৰকৃত সক্ষমতাৰ পৰীক্ষা হ'বলৈ অৱশ্যে এতিয়াও বাকী আছে, কিন্তু এওঁলোকৰ অধ্যায়বিলাকে ৰাজনৈতিক ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ ছবিখন তুলি ধৰিছে। আপাততঃ এইটোৱেই প্রমাণ হ'বলৈ ধৰিছে যে জনসাধাৰণৰ পৰা দূৰত থাকি কৰা ৰাজনীতিৰ দিন এতিয়া উকলিছে। ৰাজনীতিত টিকি থাকিবলৈ হ'লে দক্ষতা লাগিব, ক্ষিপ্রতা লাগিব, চতুৰালি লাগিব আৰু তাৰ সমান্তৰালকৈ জনতাৰ মাজৰ এজন বুলি নিজকে উদ্ভাসিত কৰি তুলিব পাৰিব লাগিব। প্রধানমন্ত্রী মোদীয়ে য'লৈকে যায় তাতে ৰ'ড শ্ব' কৰে, ৰাজহুৱা স্থানত জনতাক আঁঠু কাঢ়ি বা সাষ্টাংগে সেৱা কৰে সাধাৰণ মানুহৰ সৈতে তেওঁৰ অভিন্নতাক প্রকট কৰিবলৈকে। আমাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আচৰণ এইক্ষেত্ৰত অতুলনীয়। নেতাৰ সন্মুখৰ কল্পিত দেৱালখন পাৰ হৈ তেওঁ নিজকে তুলি ধৰিছে জনতাৰ ৰাজনীতিকৰ ৰূপত। শিশুৰ পৰা বৃদ্ধলৈকে সকলো স্তৰৰ মানুহে তেওঁক স্পৰ্শ কৰিব পাৰে, আলিংগন কৰিব পাৰে, স্নেহৰ চুমা যাচিব পাৰে। মানুহৰ মাজলৈ গৈ তেওঁ অতি নগণ্যজনৰ সৈতেও হাঁহি হাঁহি ছেল্ল্ফি উঠে। সেইসকলৰ মাজত তেওঁ নেতা নহয়, মুখ্যমন্ত্রী নহয়, সকলোৰে মৰমৰ মামা। প্রশাসক হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা, ক্ষিপ্রতা, কঠোৰতাৰ সমান্তৰালকৈ মানুহৰ সৈতে গঢ়ি তোলা সম্পৰ্কই তেওঁক এগৰাকী অতুলনীয় ৰাজনীতিকলৈ উত্তৰণ ঘটাইছে। তেওঁৰ এই সুনাম এতিয়া সমগ্র দেশতে চৰ্চিত। পৰম্পৰাগত সাধাৰণ ৰাজনীতিকে হিমন্ত বিশ্ব শর্মাক প্রত্যাহ্বান জনোৱাটো অসম্ভৱ। ড° শৰ্মাৰ নেতৃত্বত আজি ৰাজ্য চৰকাৰৰ এক নতুন যাত্ৰা আৰম্ভ হ'ব। তেওঁৰ অতুলনীয় নেতৃত্বৰ বাবেই অসমবাসীয়ে এক প্রত্যয়পূর্ণ বিকাশৰ যাত্ৰাত আগবঢ়াৰ সপোন দেখিছে।

Share This