বিশ্বমঞ্চত অসম

dainik janambhumi January 21, 2026

ডিজিটেল ডেস্ক : ছুইজাৰলেণ্ডৰ ডাভোছত সোমবাৰ (১৯ জানুৱাৰী)ৰ পৰা আৰম্ভ হোৱা ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ ৫৬সংখ্যক অধিৱেশন অসমৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বুলি চিহ্নিত হৈছে এইবাবেই যে ইতিহাসত প্ৰথমবাৰৰ বাবে এনে এখন বিশ্বমঞ্চত প্ৰৱেশ ঘটিছে অসমৰ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই অধিৱেশনত যোগদান কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ এখন বৈঠকত অংশগ্ৰহণ কৰি দিয়া ভাষণত অসমৰ ক্রমবর্ধমান অর্থনৈতিক অগ্রগতিৰ বিষয়ে অৱলোকন কৰাটো অসমবাসীৰ বাবে এক উৎসাহজনক খবৰ। প্ৰকাশিত বাতৰি মতে, মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্যৰ উদ্ধৃতি দি কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অৰ্থনীতিৰ দ্রুত বিকাশ সম্ভৱ হৈ উঠাৰ লগতে অসমেও অর্থনৈতিক দিশত অভূতপূর্ব অগ্রগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰীৰ 'এক্ট ইষ্ট' নীতিয়ে এই বিকাশত বিশেষভাৱে প্রভাৱ পেলাইছে আৰু অসম বর্তমান দেশৰ আটাইতকৈ দ্রুতগতিত আগবঢ়া ৰাজ্যত পৰিণত হৈছে। সম্প্রতি অসমত বিনিয়োগৰ এখন সুচল ক্ষেত্ৰ ৰচনা হৈছে বুলি অৱগত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিনিয়োগকাৰীসকলক অসমত বিনিয়োগৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। জনা মতে, মুখ্যমন্ত্রীয়ে ইতিমধ্যে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি, টাটা গ্রুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰ, বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগা আদিৰ সৈতে বাৰ্তালাপ কৰাৰ খবৰ আহিছে আৰু তেওঁ বিশেষভাৱে ছেমি কণ্ডাক্টৰ খণ্ডৰ মুৰব্বীসকলৰ সৈতে মিলিত হোৱাৰ কথা। উল্লেখযোগ্য যে 'ৱর্ল্ড ইকনমিক ফ'ৰাম' হৈছে বিশ্বৰ সর্বোচ্চ অর্থনৈতিক বিষয়ৰ মঞ্চ, য'ত বিশ্বৰ কেৱল ৰাজনৈতিকেই নহয়, অন্য ক্ষেত্রত নেতৃত্ব দিয়াসকলকো সমৱেত কৰা হয় আৰু ইয়াত বিশ্বত দেখা দিয়া প্রত্যাহ্বানসমূহৰ সন্মুখীন হোৱাৰ উপায় উদ্ভাৱন কৰি বিশ্বক সমন্বিতভাৱে আগবঢ়াই নিয়াৰ পথ ৰচনা কৰা হয়। 

ই কোনো চৰকাৰী মঞ্চ নহয়, কিন্তু ইয়াত হোৱা আলোচনাক বিশ্বৰ প্ৰায়বোৰ দেশে মান্যতা দিয়ে আৰু ইয়াত উদ্ভাৱন হোৱা পথেৰে দেশসমূহে উপকৃত হোৱাৰ চেষ্টা কৰে। ইয়াত যোগদান কৰিবলৈ ৰাজনৈতিক নেতাসকল আহে, বিখ্যাত বিনিয়োগকাৰী সংস্থাসমূহ আহে, আহে বিখ্যাত ব্যাৱসায়িক প্রতিষ্ঠানৰ মুৰব্বী, অর্থনীতিবিদ, জনপ্রিয় তাৰকা আৰু সাংবাদিক। ছুইছ ফেডাৰেল কাউঞ্চিলৰ নিৰীক্ষণত পৰিচালিত এই মঞ্চই ঘোষণা কৰি থৈছে যে এই মঞ্চখন নিৰপেক্ষ, কোনো ৰাজনৈতিক পক্ষৰ প্ৰতি তথা কোনো বিশেষ ৰাষ্ট্ৰৰ প্ৰতি ই দায়বদ্ধ নহয়। প্রতি বছৰে এই সময়তে ছুইজাৰলেণ্ডৰ ডাভোছত এই ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ যি অধিৱেশন হয় তাত বিশ্বৰ অর্থনীতিয়ে সন্মুখীন হোৱা বিষয়সমূহ, যেনে গ্ল'বেলাইজেশ্যন, মূলধনী বজাৰ, সম্পদ ব্যৱস্থাপনা, আন্তর্জাতিক সংঘাত, পৰিৱেশজনিত সমস্যাবিলাকৰ আলোচনা কৰি বিশ্বক আগবঢ়াই নিব পৰা পথৰ সন্ধান কৰে। এইবাৰৰ সন্মিলনত কৃত্রিম বুদ্ধিমত্তাৰ সার্বভৌমত্ব, বিশ্বত বাহকজনিত বিভিন্ন ৰোগে সৃষ্টি কৰা সংকটৰ পৰিপ্ৰেক্ষিতত ভেক্‌চিনৰ বিকাশ আৰু উৎপাদন, কর্মসংস্থাপন আৰু দক্ষতাৰ ৰূপান্তৰ, জলসংকট আদি বিষয়বোৰে গুৰুত্ব পোৱাৰ কথা। এই সন্মিলনত বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ তিনি সহস্রাধিক নেতাই অংশগ্রহণ কৰিব বুলি ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ সভাপতি তথা চি ই অ' বর্জ ব্রেণ্ডে ইতিপূর্বে প্রকাশ কৰিছিল, য'ত আছে ৬৭খন দেশৰ ৰাষ্ট্ৰপ্ৰধান অথবা চৰকাৰৰ মুৰব্বী। ১,৭০০গৰাকী ব্যৱসায় ক্ষেত্ৰৰ নেতা এই সন্মিলনলৈ আহিছে, যিসকলৰ অর্ধেকেই বিশ্বৰ প্ৰতিষ্ঠিত বাণিজ্যিক আৰু ঔদ্যোগিক খণ্ডৰ চি ই অ' অথবা অধ্যক্ষ। 

সন্মিলনলৈ লগতে আহিছে ৩০গৰাকী বৈদেশিক মন্ত্রী, ৬০-ৰো অধিক বিভিন্ন দেশৰ বিত্ত মন্ত্ৰী অথবা কেন্দ্ৰীয় বেংকৰ গৱৰ্নৰ আৰু ৩০ৰো অধিক বাণিজ্য মন্ত্রী। সন্মিলনত অংশগ্রহণ কৰিব লগা দেশৰ মুৰব্বী তথা নেতাসকলৰ মাজত মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প, ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কী, কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কার্নি, জার্মান চেঞ্চেলৰ ফ্ৰিখি মেৰ্জ, চীনৰ উপ-প্রধানমন্ত্রী হে লিফেং, পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফ, ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হার্জগ অন্যতম। এনে এখন বিশ্বমঞ্চত অসমে অংশগ্রহণ কৰিবলৈ পোৱাটো কম কথা নহয়। এনেকুৱা মঞ্চত মুখ্যমন্ত্রী ড° শর্মাই সঠিকভাৱে প্রতিনিধিত্ব কৰিবলৈ সক্ষম হ'লে অসমৰ বিকাশৰ নতুন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা বক্তব্যৰ পৰা ধাৰণা কৰিব পাৰি যে অসমৰ বিশেষকৈ ছেমি কণ্ডাক্টৰ, হাইড্ৰ'কার্বন খণ্ড আৰু পর্যটন খণ্ডত বিনিয়োগৰ বাবে বিশ্বৰ নেতাসকলক আকৰ্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চেষ্টা কৰিব। অসমক এনে এখন মঞ্চত প্ৰথমবাৰলৈ প্ৰতিনিধিত্বৰ সুযোগ উলিয়াই ল'ব পৰা দক্ষতাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাবই লাগিব।

Share This