ডিজিটেল ডেস্ক : এতিয়া বিহুৰ বতৰ। যোৱা বহু বছৰ ধৰি অসমত অঘোষিতভাৱেই বিহুৰ বতৰ মানে জুবিন গাৰ্গৰ বতৰ হৈ পৰিছে। আকাশে-বতাহে ধ্বনিত হয় জুবিনৰ কণ্ঠ-জুবিনৰ গীত। আহে অসমৰ বাপতিসাহোন জাতীয় উৎসৱ ৰঙালী বিহু। জাতীয় উৎসৱ আৰু জাতীয় শিল্পীৰ গীত-মাত একেটি সুৰতে বান্ধ খাই পৰে। এইবাৰ বিহু আহিছে বিষাদৰ কাৰণ হৈ। এইবাৰৰ বিহু জুবিন বিহীন বিহু। যোৱা ১৯ ছেপ্টেম্বৰত চৰকাৰী উদ্যোগত ছিংগাপুৰত আয়োজিত এটা অনুষ্ঠানত ভাগ ল'বলৈ গৈ ৰহস্যজনক পৰিস্থিতিত জুবিনৰ মৃত্যু হয়। তাৰ পাছৰখিনি ইতিহাস। নতুন প্ৰজন্মৰ হার্টথ্রব বুলি আখ্যা দিয়া জুবিনৰ আকস্মিক আৰু অনাকাংক্ষিত মৃত্যুত শিশুৰ পৰা বৃদ্ধ-বৃদ্ধালৈকে সকলোৱে কান্দোনৰ যেনে ৰোল তুলিলে, তাৰ পৰা প্ৰমাণ হৈ গ'ল যে তেওঁ কোনোবা এটা প্ৰজন্মৰ নহয়, বৰঞ্চ সকলো প্ৰজন্মৰ সকলো-সময়ৰ শিল্পী। তেওঁক সমাধিস্থ কৰা স্থানক ৰাইজে 'জুবিন ক্ষেত্র' আখ্যা দি তেতিয়াৰ পৰা এতিয়ালৈ সেই ক্ষেত্রলৈ যেন তীর্থযাত্ৰাহে কৰি আছে। ব্যক্তিগতভাৱে জুবিন গাৰ্গ নিৰীশ্বৰবাদী আৰু আনুষ্ঠানিক ধৰ্মৰ পৰা দূৰত্ব ৰাখি চলা ব্যক্তি। কিন্তু ৰাইজে তেওঁক ঐশ্বৰিক পুৰুষৰ পৰ্যায়লৈ তুলিছে। সোণাপুৰৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ জুবিন ক্ষেত্র এতিয়াও আনুষ্ঠানিক ৰূপত গঢ় লৈ উঠা নাই। অস্থায়ী চালি তথা ৰভাঘৰতে আছে। বাৰিষা অহাৰ লগে লগে বৰষুণ বাঢ়িছে। সমাধি ক্ষেত্র জলমগ্ন হৈছে। সেয়েহে ৰাইজে সমাধি ক্ষেত্রত অস্থায়ীভাবে হ'লেও আৱৰণ তথা সুৰক্ষা ব্যৱস্থা কৰিছে। তাকে কৰিবলৈ আগবাঢ়ি আহিছে জুবিনৰ সহযোগী শিল্পী, শুভাকাংক্ষী ব্যক্তি-সংগঠন, অনুৰাগী আদি। চৰকাৰে ৰাইজৰ ইচ্ছাৰ প্ৰতি সঁহাৰি দি সকলোৰে সহযোগত জুবিন ক্ষেত্র স্থায়ীভাবে নিৰ্মাণৰ ব্যৱস্থা কৰা উচিত।
ছিংগাপুৰত অনুষ্ঠিত 'নর্থ ইষ্ট ফেষ্টিভেল'ত 'ব্লেণ্ড এম্বেছেডৰ' ৰূপে আমন্ত্রিত জুবিন গাৰ্গৰ মৃত্যু হৈছিল পাব লগা স্বাস্থ্য তদাৰক আৰু ব্যক্তিগতভাৱে চোৱাচিতা কৰাত ৰৈ যোৱা গাফিলতিৰ বাবে। শাৰীৰিক অসুস্থ অৱস্থাত থকা এজন শিল্পীয়ে যথা সময়ত প্রয়োজনীয় পথ্য আৰু জিৰণি নাপালে অসুস্থতা বৃদ্ধি পোৱাটো স্বাভাৱিক কথা। তেনে অৱস্থাত সাগৰত সাঁতুৰিবলৈ যোৱাৰ দৰে হঠকাৰী কাৰ্যসূচী বা আঁচনি লোৱাটোৱেই এটা অপৰাধ। অথচ তেনে একাংশই আয়োজন কৰা তেনে হঠকাৰী কার্যসূচী তথা অনুষ্ঠানেই জুবিনৰ মৃত্যুৰ কাৰণ হৈ উঠিল। যিসকলৰ লগত তেওঁ অন্তিম সমুদ্র যাত্রাত চামিল হৈছিল, সেইসকলৰ মাজত তেওঁৰ ব্যক্তিগত সচিব, পৰিচালক তথা সহযোগীও আছিল। জুবিনৰ মৃত্যুৰ পাছত সেইসকলে প্রায়ে কিছুদিন পলাই ফুৰি পাছত আত্মসমর্পণ কৰিছিল। এই ৰহস্যজনক মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ সন্দেহজনক উৎসৰ ধন, ব্যাবসায়িক কেন্দ্ৰ আদি চৰকাৰে জব্দ কৰিছিল। সদ্যহতে আদালতৰ কোনো ধৰণৰ নিৰ্দেশ মর্মে ব্যৱসায় আৰু বন্ধ হৈ থকা বেংক একাউন্ট খোলাৰ ব্যৱস্থা হৈছে। এই কথাই জুবিন হত্যাৰ ন্যায়ৰ দাবী কৰি থকা ৰাইজৰ মনত সন্দেহৰ উদ্ৰেক নকৰাকৈ নাই। এজন যশস্বী শিল্পীৰ মৃত্যুৰ ৰহস্য উদঘাটন আৰু যদিহে সেয়া হত্যাকাণ্ড তেন্তে অভিযুক্তসকলৰ বিচাৰ আৰু শাস্তি এটা ৰাজহুৱা বিষয়হে। জুবিন গাৰ্গ ৰাজনীতিৰ ঊর্ধ্বত আছিল। ৰাজনৈতিক ভণ্ডামি তেওঁ সহ্য নকৰিছিল বাবেই মুকলিকৈ গাইছিল- 'পলিটিক্স নকৰিবা বন্ধু...।' অকপট মানুহক তেওঁ ভাল পাইছিল। সেই কাৰণেই সাফল্যৰ-জনপ্ৰিয়তাৰ চুব নোৱৰা উচ্চতালৈ গৈও তেওঁ সাধাৰণ মানুহক আপোন গণ্য কৰিছিল। অতি নিঃস্বজনক সহায় কৰিবলৈ উন্মুখ হৈ আছিল। সেয়েহে তেওঁৰ মৃত্যু ঘটনাটো আৰু ইয়াৰ বিচাৰ প্ৰক্ৰিয়া ৰাজনৈতিক চিন্তাৰ ঊর্ধ্বত থকাটো সকলোৱে কামনা কৰে। অৱশেষত সকলোৱে বিচৰা ধৰণেৰেই শিল্পীগৰাকীৰ মৃত্যু ঘটনাৰ বিচাৰৰ বাবে ফাষ্টট্রেক আদালত গঠন হৈছে। উক্ত আদালতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা ৰাখি বিচাৰ প্ৰক্ৰিয়াটো নিখুঁতভাবে সম্পন্ন কৰি দোষীসকলক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি দিব বুলি শিল্পীগৰাকীক হৃদয়ত স্থাপন কৰা অনুৰাগী জনতাই আশা কৰে।
চৰকাৰ আৰু চৰকাৰী নেতাৰ উত্থান-পতন সমসাময়িক ইতিহাসৰ কথা আৰু ই ক্ষণস্থায়ী। ক্ষমতা-ধন প্রতিষ্ঠা হ'ল ৰাজনীতিত বৰ্তি থকাৰ প্ৰধান আলম। জুবিন গাৰ্গৰ দৰে শিল্পী হ'ল যুগপুৰুষ। তেওঁৰ যি অভূতপূর্ব জনপ্রিয়তা, সেয়া ধন-ক্ষমতাৰ বলেৰে আহৰণ কৰা নহয়। ৰাইজে তেওঁক অন্তৰেৰে গ্ৰহণ কৰিছে। এই জনপ্রিয়তা চৰকাৰী নেতা-মন্ত্ৰীৰ জনপ্ৰিয়তাৰ দৰে কোনো চৰ্তৰ অধীন নহয়। চিৰকালৰ বাবেই জুবিন নিজৰ প্ৰতিভা-মহিমাৰে উজলি থাকিব। অনুৰাগীৰ অন্তৰে অন্তৰে আছে জুবিনৰ প্রতিমূর্তি। জুবিনক লৈ অনুৰাগীয়ে যদি কিবা কৰিছে বা কৰিব খুজিছে- যি কাৰ্যই কোনো ৰাজহুৱা স্বাৰ্থৰ ক্ষতি কৰা নাই, তেনে কার্যত বাধা আৰোপ কৰা বা কঠোৰ শব্দ প্ৰয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে। মনত ৰাখিব লাগে ইতিমধ্যে সমাধিস্থ হোৱা জুবিনতকৈ জনতাৰ অন্তৰত বাচি থকা জুবিন অধিক বলবন্ত-দুর্জেয়।