ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুবে সমগ্ৰ ৰাজ্যবাসীক অভূতপূর্ব 'গণহতাশা'ৰ গ্ৰাসত পেলাই ৰখাৰ লগতে শিল্পীগৰাকীক ন্যায় প্ৰদানৰ দাবীত ৰাজপথৰ আন্দোলন আৰু ডিজিটেল আন্দোলন সমান্তৰালকৈ চলি থকা অৱস্থাতে আজি ৰাজ্যৰ জনসাধাৰণে চতুর্দশ মৃত্যু দিৱসত স্মৰণ কৰিব আন এগৰাকী প্ৰাণৰ শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক। 'মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান'- এই ধ্যান- ধাৰণাৰে আজন্ম গান-সংগীতৰ সাধনাত ব্ৰতী হৈ গানৰ জগতখনত অঘোষিত সম্রাটৰ দৰেই বিচৰণ কৰি থকা সেইগৰাকী 'সুধাকণ্ঠ' শিল্পীৰ প্ৰায় প্ৰতিটো গানেই শ্রোতাৰ হৃদয়ত অনন্য স্পন্দন তুলিবলৈ সক্ষম হৈছিল।
সেই শিল্পীৰ কণ্ঠস্বৰত থকা দৰদে শ্ৰোতাৰ হিয়া শাঁত পেলাই দিছিল; তেওঁৰ একোটা নিটোল কবিতাৰ দৰে গানবোৰৰ প্ৰতিটো শব্দৰ আঁৰত শ্রোতাই বিচাৰি পাইছিল একোখন ছবি, সেই গীতৰ প্রতিটো শব্দৰ উচ্চাৰণত থকা মাধুৰ্যই গানবোৰক দিছিল অনন্য মর্যাদা। সেয়েহে আজিৰ পঞ্চাশোর্ধ্বৰ প্রজন্মটোরে ড° ভূপেন হাজৰিকাৰ সেই গানবোৰক বাদ দি গানৰ আলোচনা কৰিব নোৱাৰে। বহু গান শুনিলেও ভূপেন হাজৰিকাৰ গানতে পোৱা পৰম তৃপ্তিৰ কথা অস্বীকাৰ কৰিব নোৱাৰে। সেই গানবোৰত এনে যাদু আছিল যে কিছুমান বিশেষ বিশেষ পৰিস্থিতিত সেই গানবোৰেই মানুহক উদ্বেলিত কৰিছিল আৰু সময়ত সেই গানবোৰেই সংঘাতলিপ্ত মানুহক ওচৰ চপায়ো আনিছিল।
১৯৬০ চনৰ ৰাজ্য ভাষাকেন্দ্রিক সংঘাতৰ সময়ত হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাই গোৱা ৰংমন-হাৰাধনৰ গীতে কেনেকৈ সংঘাতলিপ্ত অসমীয়া-বাঙালীক একতাৰ দোলেৰে বান্ধ খুৱাইছিল, সেই বিষয়ে এই স্তম্ভতে পূর্বে উল্লেখ কৰা হৈছিল। একেদৰে অসম আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলক উদ্বেলিত কৰিছিল শিল্পীৰ সেই উদাত্ত কণ্ঠৰ গীতবোৰেই। গণনাট্য সংঘৰ সাংস্কৃতিক সংগ্রামেও প্রাণ পাই উঠিছিল ভূপেন হাজৰিকা, খগেন মহন্ত, দিলীপ শর্মা-সুদক্ষিণা শৰ্মাৰ দৰে শিল্পীসকলৰ গানৰ বাবেই। সকলোৰে ঊর্ধ্বত ড° ভূপেন হাজৰিকা আছিল অসমীয়া জাতিৰ পৰিচয়।
উত্তৰ-পূবৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰেই প্ৰাণৰ আপোন আছিল সেই সুধাকণ্ঠ শিল্পী। সেই শিল্পীক জাতিয়ে হেৰুওৱাৰ ১৩ বছৰ পাৰ হ'ল আৰু আজি চতুর্দশ মৃত্যু বার্ষিকীত শিল্পীগৰাকীক সোঁৱৰণ কৰিব জাতিয়ে। অসম চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী উদ্যাপনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। ইতিমধ্যে যোৱা ৮ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ হোৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰি কিছুমান বিশেষ পদক্ষেপৰ লগতে স্মাৰক এশটকীয়া মুদ্রাও উন্মোচন কৰি থৈ গ'ল। কিন্তু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাটোৱে ৰাজ্যৰ পৰিৱেশ সলনি কৰি পেলোৱাত ড° ভূপেন হাজৰিকাৰ স্মাৰক অনুষ্ঠানবোৰো নিষ্প্রভ হৈ পৰা দেখা গৈছে। আজিৰ চতুৰ্দশ মৃত্যু দিৱসতো তাৰ প্ৰভাৱ পৰাটো অৱধাৰিত।
কিন্তু আজিও জুবিন গাৰ্গৰ শোকত ম্রিয়মাণ হৈ থকা অৱস্থাৰ পৰা উদ্ধাৰ হ'ব নোৱৰা আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ- এই দুয়োটা শিল্পীসত্তাই ভগবানে অসমীয়া জাতিক দিয়া উপহাৰ, যেনেকৈ এই জাতিয়ে পাইছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্রসাদ আগৰৱালা, বিযুপ্ৰসাদ ৰাভাক। আজি জুবিন গাৰ্গৰ মৃত্যুকেন্দ্রিক অস্বাভাৱিক অৱস্থাই সাংস্কৃতিক পৰিৱেশত পেলোৱা প্ৰভাৱৰ বাবে কিছু ব্যতিক্রম ঘটিব পাৰে, কিন্তু আমি মনত ৰাখিব লাগিব যে ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ দুয়োকে অনন্তকাললৈ জীয়াই ৰখাৰ পণ জাতিয়ে ল'ব লাগিব। দুয়োগৰাকীয়েই তুলনাবিহীন শিল্পী। প্ৰাণৰ শিল্পী জুবিনৰ 'মায়াবিনী' আজি প্রার্থনালৈ ৰূপান্তৰ হৈছে। তেনেদৰে সুধাকণ্ঠৰ 'মানুহে মানুহৰ বাবে' গাই মানুহে হৃদয়ত সাহস পাইছিল, পাই থাকিব অনন্তকাললৈ।
সুৰৰ সৰস্বতী লতা মংগেশকাৰে ড° ভূপেন হাজৰিকাক শ্রদ্ধা কৰিছিল, আজি জুবিনৰ মৃত্যুৰ পাছত দেশৰ সংগীত জগতে উপলব্ধি কৰিছে সেই মহাতাৰকাৰ অসীম মহত্ত্বক। লগে লগে অসমীয়া জাতিও আজি বিশ্বত চর্চিত হৈছে সংগীতৰ দুয়োগৰাকী মহাতাৰকাক জনস্রোতেৰে যচা শেষ শ্রদ্ধাৰ বাবে। বিশ্বই আজি ক'বলৈ বাধ্য হৈছে শিল্পীক যচা এনে শ্রদ্ধা বিশ্বত বিৰল। আমি আমাৰ সেই চেতনা (স্পিৰিট) অক্ষুণ্ণ ৰাখিব লাগিব। অসমৰ জাতীয় জীৱনক প্ৰাণৱন্ত কৰি ৰখাৰ স্বার্থতে দুয়োগৰাকী শিল্পীক জীয়াই ৰখাৰ আন্তৰিক প্রচেষ্টা সকলোৱে গ্ৰহণ কৰিব লাগিব। চতুর্দশ মৃত্যু বার্ষিকীত ড° ভূপেন হাজৰিকালৈ যাচিছোঁ গভীৰ শ্ৰদ্ধা।