ওপজা দিনৰ উপহাৰ

dainik janambhumi November 18, 2025

ডিজিটেল ডেস্ক : সংগীতৰ ক্ষেত্ৰখনৰ উজ্জ্বল নক্ষত্ৰ এটা অসমৰ আকাশৰ পৰা খহি পৰাৰ দুমাহ হ'বলৈ মাজত মাত্র কেইঘণ্টামানহে বাকী। কিন্তু আজিও কোনো এগৰাকী অসমীয়াই এই কথা মানি ল'বলৈ খোজা নাই। যিগৰাকী শিল্পীয়ে জাতিটোক বিশ্ববাসীৰ সন্মুখত এক সুকীয়া পৰিচয় দি থৈ গ'ল, যিগৰাকী শিল্পীৰ মৃত্যুৰ দুমাহেও বিশ্বৰ ভিন্ন প্রান্তত কান্দোনৰ ৰোল মাৰ যোৱা নাই, সেইগৰাকী শিল্পীৰ মৃত্যুৰ বেদনা জাতিটোৱে সহে কেনেকৈ? সেয়ে এনে এগৰাকী প্ৰাণৰ শিল্পীক হেৰুৱাই আজি দিকভ্রান্ত হৈ পৰিছে অসমীয়া জাতি। বিশ্বতে এনে ঘটনা বিৰল। এগৰাকী শিল্পীৰ মৃত্যুত এখন ৰাজ্য স্তব্ধপ্রায় হৈ যোৱাটোৱে শিল্পীগৰাকীৰ প্ৰতি সাধাৰণ জনতাৰ অকুণ্ঠ ভালপোৱাকে প্রতিফলিত কৰে। 'নাইটিংগেল অব ইণ্ডিয়া', 'ভইচ অব্ দ্য মিলেনিয়াম' অভিহিত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ মৃত্যুৰ সময়তো সংগীতপ্রেমী ইমান শোকবিহ্বল হোৱা নাছিল, যিমান জুবিন গাৰ্গৰ মৃত্যুৰ পাছত হৈছে। সমকালীন জনপ্রিয় শিল্পী কে কেৰ মৃত্যুও আছিল অতি বেদনাদায়ক। কলকাতাৰ এখন সংগীতানুষ্ঠানত গীত পৰিৱেশনৰ পাছতেই হঠাৎ অসুস্থ হৈ শিল্পীগৰাকীৰ আকস্মিক মৃত্যু ঘটিছিল। কিন্তু কে কেৰ মৃত্যুৰ পাছতো এইধৰণৰ পৰিৱেশ হোৱা নাছিল। এগৰাকী শিল্পীৰ নিজৰ জাতি-মাটিৰ প্ৰতি থকা অপৰিসীম ভালপোৱা, দায়িত্ববোধৰ এনে নজিৰ হয়তো বিশ্বতে বিৰল। কিন্তু অতি দুখৰ বিষয় এয়াই যে মৃত্যুৰ পাছতহে যেন শিল্পীগৰাকীৰ কামক লৈ, তেওঁৰ প্ৰতিভাৰ বিষয়ে সৰ্বত্ৰ অধিক চর্চা হ'ল। বিস্ময়কৰ প্ৰতিভাৰ গৰাকী জুবিনক লৈ আজি অসমবাসীয়ে দেখুওৱা শ্রদ্ধা, মৰম-ভালপোৱাক লৈ বিশ্বজুৰি চৰ্চা হৈছে। অসমীয়াৰ শিল্পীপ্রেমক নতশিৰে প্রণাম যাচিছে বলিউড-টলিউড নাইবা বিশ্বৰ শিল্পীয়ে। কেইবাগৰাকীও পৰিচালকে খেদ প্রকাশ কৰিছে এইগৰাকী কিংবদন্তি শিল্পীক লৈ কাম কৰিব নোৱৰাৰ বাবে। কিন্তু এইসকল শিল্পী, পৰিচালকে জুবিন গাৰ্গৰ প্রতিভাক জীৱিত কালত যথাযোগ্য সন্মান দিব নোৱাৰিলে। মায়ানগৰীত যি সময়ত জুবিন গার্গে দপদপাই থাকিব লাগিছিল, যি সময়ত তেওঁৰ ৰাজত্ব চলিব লাগিছিল সেই সময়তে তেওঁ কিন্তু নিজৰ আপোন মাতৃভূমিলৈ ঘূৰি আহিছিল। হয়তো ইয়াৰ কাৰণ মুম্বাইৰ সংগীতৰ জগতখনত চলা কর্ম-কাণ্ড তেওঁ ভাল পোৱা নাছিল। সেয়ে নিজৰ ঠাইত ৰজাৰ দৰে থাকিব বিচাৰিছিল তেওঁ। আৰু সেয়াই হৈছিল। বস্তুবাদী পৃথিৱীখনে আমুৱাইছিল শিল্পীগৰাকীক। নহ'লে ইমান এগৰাকী প্রতিভাধৰ শিল্পীয়ে বলিউডত খোপনি পুতি থাকিব পাৰিলেহেঁতেন। 

ধন-সম্পত্তি, নাম-যশৰ বাবে আজিৰ বহু তথাকথিত শিল্পীয়ে কৰাৰ লেখীয়াকৈ কৰিব বিচৰা হ'লে তেওঁ বহু কৰিব পাৰিলেহেঁতেন। কিন্তু জুবিন ব্যতিক্রম আছিল। টকা-পইচাৰ হিচাপতকৈ ৰাইজৰ মৰমক অধিক গুৰুত্ব দিয়াৰ বাবে কেতিয়াবা নিজৰ গাড়ীচালকৰ ওচৰতো পইচা বিচাৰি হাত পাতিবলগীয়া হৈছিল। আজিৰ সময়তো এনে এগৰাকী শিল্পী আছিল, সঁচাকৈয়ে এক অবিশ্বাস্য কথা। সেয়ে হয়তো সমাধিস্থলীত আজিও প্ৰাণৰ শিল্পীক বিচাৰি হাবাথুৰি খাইছে জনতা। বিয়াৰ পুৱাই ন বিবাহিত দম্পতী উপস্থিত হৈছেহি সমাধিস্থলীত। কম কথানে। সমাধিস্থলী নহয় যেন তীর্থস্থান। কি শিশু, কি বৃদ্ধ, সকলোৰে লানি নিছিগা ভিৰ। ৰাজ্যৰ বাহিৰৰ পৰাও মানুহৰ ভিৰ কৰিছে জুবিন ক্ষেত্ৰলৈ। মুঠতে সর্বত্র এক জুবিনময় পৰিৱেশ। সি লাগিলে চিৰবৈৰী দেশ পাকিস্তানেই হওক। ইয়াৰ মাজতে অৱশ্যে কিছু দুর্ভাগ্যজনক ঘটনাও সংঘটিত হৈছে। ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ সপোনৰ চিনেমা 'ৰৈ ৰৈ বিনালে' এটা দুষ্ট চক্রই ইউটিউবত আপলোড কৰি নিকৃষ্ট কৰ্ম কৰিছে। জুবিনৰ জীৱিত কালত তেওঁক লৈ এচামে ব্যৱসায় চলাই গ'ল আৰু এতিয়া মৃত্যুৰ পাছতো তেওঁক লৈ ব্যৱসায় কৰিব এৰা নাই। জুবিনক লৈ থকা আৱেগৰ সুযোগ বুজিয়েই দেশ-বিদেশৰ বহু কন্টেন্ট ক্রিয়েটৰে এতিয়া কেৱল জুবিন গাৰ্গক বিষয়বস্তু হিচাপে লৈ ভিডিঅ' প্ৰস্তুত কৰা লাগি গৈছে। অসমতো এতিয়া জুবিন গাৰ্গক লৈ এচামে ব্যৱসায় আৰম্ভ কৰিছে। গ্রন্থ প্ৰকাশ কৰাৰ ধুম উঠিছে। সকলোৰে উদ্দেশ্য এটাই গ্রন্থ মেলাৰ সময়ত এই গ্রন্থ উলিয়াই দি 'হট কেক'ৰ দৰে বিক্ৰী কৰা। যিগৰাকী শিল্পীক লৈ জীৱিত কালত মাত্র এখন কি দুখনহে কিতাপ প্রকাশ হৈছিল, সেইগৰাকী শিল্পীৰ মৃত্যুৰ পাছত কেৱল ব্যৱসায়ৰ বাবে এনেধৰণৰ কর্ম কৰাটো নিশ্চয়কৈ অশোভনীয় কথা। এফালে ৰাজনীতিৰ ক্ষেত্রখনতো জুবিন গাৰ্গ যেন এতিয়া এটা ফুটবল। যিয়ে যেনি পাৰে মাৰিব। 

কিন্তু অতি দুর্ভাগ্যৰ কথা এয়ে যে এইগৰাকী ক্ষণজন্মা শিল্পীক জীৱিত কালত পদ্ম সন্মানেৰে আমি বিভূষিত কৰিব নোৱাৰিলোঁ। আজি এইগৰাকী প্ৰাণৰ শিল্পীৰ ওপজা দিন। মৃত্যুৰ পাছৰ প্ৰথমটো জন্মদিন। এই ওপজা দিনটোতেই আমি প্রত্যেকেই তেওঁক কি উপহাৰ দিম। কি আছে দিবলৈ আমাৰ। শিল্পীগৰাকীৰ দৰে আমি জাতিটোৰ হকে নিঃস্বার্থভাৱে কাম কৰিবলৈ চেষ্টা কৰোঁ আহক। জাতি প্রথম-এই কথা সাৰোগত কৰি
আমি প্রত্যেকেই যদিহে কাম কৰি যোৱাৰ পণ লওঁ সেয়াই হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ বাবে শ্রেষ্ঠ উপহাৰ।

Share This