আজিৰ সম্পাদকীয়, বিজেপিৰ ছুনামি

dainik janambhumi May 05, 2026

ডিজিটেল ডেস্ক: 'এগজিট প'ল' সত্য প্রমাণিত হ'ল আৰু সামাজিক মাধ্যমে যি এটা ধাৰণা ভোটগ্রহণোত্তৰ সময়ছোৱাত দিবলৈ চেষ্টা কৰিছিল, সেয়া ভ্রান্ত প্রমাণিত হ'ল। অসমকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনক লৈ 'এগঞ্জিট প'ল'সমূহত যি পূর্বানুমান কৰা হৈছিল, তাৰ অধিকাংশতে অসমৰ ক্ষেত্ৰত কোৱা হৈছিল যে এইবাৰ ৰাজ্যখনৰ ৰাজনৈতিক ইতিহাসত সর্বকালৰ অভিলেখ গঢ়িব শাসকীয় মিত্রজোঁটে। 


'টুডে'জ চাণক্য'ৰ দৰে সমীক্ষাকাৰী সংস্থাই আনকি এইবাৰ বিজেপি মিত্রজোঁটে ১০২খন পর্যন্ত আসন লাভ কৰিব বুলিও পূর্বানুমান কৰিছিল। কার্যক্ষেত্রত সেইটোৱেই অৱশেষত হ'ল। ৰাজ্যৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো দল বা মর্চাই সর্ববৃহৎ আসন লাভৰ এক চমকপ্রদ অধ্যায় ৰচনা কৰি বিজেপি মিত্ৰজোঁটে বিজয় সাব্যস্ত কৰিলে ১০২টা সমষ্টিত। অত্যাধুনিক বিশ্বত ফে'চবুককে ধৰি সামাজিক মাধ্যমসমূহৰ প্ৰভাৱ অস্বীকাৰ কৰাৰ উপায় নাই। এই সামাজিক মাধ্যমে মানুহৰ জীৱন যাত্ৰাৰ ছবিখনেই সলনি কৰি পেলাইছে। গতিকে সামাজিক মাধ্যমৰ 'ট্রেন্ডিং'-অৰ প্ৰতি সাধাৰণ মানুহৰ আকৰ্ষণ থকাটো বা ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱাটো স্বাভাৱিক কথা। কিন্তু অসমৰ নিৰ্বাচনটোৰ ক্ষেত্রত বিশ্বাসযোগ্য ছবি এখন তুলি ধৰাত সামাজিক মাধ্যম ব্যর্থ হোৱা বুলিয়েই ক'ব লাগিব। সামাজিক মাধ্যমৰ চৰ্চাবোৰৰ আধাৰত বিৰোধী পক্ষই এইবাৰ শক্তিশালী প্রতিদ্বন্দ্বিতা আগবঢ়াব, বহু সমষ্টিত বিজেপি বিৰোধী শক্তিয়ে জয়লাভ কৰিব, 'তিনি গগৈ'ৰ নেতৃত্বত ৰাজ্যৰ ৰাজনীতিৰ ৰূপান্তৰ ঘটিব, বিজেপি মিত্রজোঁটে কথমপিহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব আদি ধৰণৰ যিবোৰ ধাৰণা ৰাজ্যত মুখ বাগৰি বিয়পি পৰিছিল, সেই সকলোবোৰকো ভুল প্রমাণিত কৰি বিজেপি মিত্ৰজোঁটে ছুনামিৰ সৃষ্টি কৰি বিজয়ৰ 'হেটট্রিক' কৰাৰ ফলত সামাজিক মাধ্যমৰ বিশ্বাসযোগ্যতা নোহোৱাৰ নিচিনাই হৈ পৰিল। বিৰোধী নেতাসকলে 'এজিট প'ল'ৰ পূর্বানুমান মিছা বুলি কৈছিল, এইবাৰৰ নিৰ্বাচনত বোৱা 'আণ্ডাৰ কাৰেণ্ট' এটি প'লে গম পোৱা নাছিল বুলি তেওঁলোকে দাবী কৰিছিল, কিন্তু সেইবোৰ ব্যাখ্যাক নস্যাৎ কৰি এজিট প'লে অসমৰ ক্ষেত্ৰত কৰা সমীক্ষাক শুদ্ধ প্রমাণিত কৰিব পৰাটো কম কথা নহয়। ইয়াৰ ফলত এটি প'লৰ বিশ্বাসযোগ্যতা বাঢ়ি গ'ল। 

এগজিট প'লে কেৱল অসমৰ ক্ষেত্রতে নহয়, পশ্চিম বংগ, তামিলনাডু, কেৰালা বা পুডুচেৰীৰ ক্ষেত্ৰতো যি পূর্বানুমান কৰিছিল, সেয়া আখৰে আখৰে মিলি যোৱাটোও গুৰুত্বপূৰ্ণ দিশ। এটা কথা উল্লেখ কৰিবই লাগিব যে যোৱা ৯ এপ্রিল তাৰিখে ভোটগ্রহণ সম্পূর্ণ হৈ যোৱাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কৈছিল যে বিজেপি মিত্রজোঁটে ৯০ খনৰো অধিক আসন লাভ কৰিব। আসনৰ সংখ্যা ১০০ৰ ওচৰ চাপিলেও আচৰিত হ'বলগীয়া নাই। ইয়াৰ পৰা এটা কথা প্রমাণ হ'ল যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সঠিক মূল্যায়ন কৰিব পাৰে। আগৰ নিৰ্বাচনবোৰত তেওঁ ব্যক্ত কৰা সম্ভাৱনা যেনেকৈ মিলি গৈছিল, এইবাৰো একেদৰেই হুবহু মিলি গ'ল। ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি, ৰাইজৰ দলৰ সভাপতি বা অসম জাতীয় পৰিষদৰ সভাপতিয়ে বিৰোধী ঐক্যই এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি কৰা দাবী অসাৰ প্ৰতিপন্ন হোৱাটোৱে ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ ওপৰত তেওঁলোকৰ মূল্যায়ন যে সঠিক নহয় সেয়া স্পষ্ট কৰি দিলে। 

টেলিভিছনৰ আলোচনা এটাত ৰাজ্যিক বিজেপিৰ নেতা এগৰাকীয়ে কোৱা কথা এটা এই ক্ষেত্রত প্রণিধানযোগ্য। তেওঁ কৈছিল- 'বিৰোধী নেতাসকলে বাস্তৱ অৱস্থাটো অনুধাৱন নকৰাকৈ কল্পনাৰ জগত এখনত বিচৰণ কৰি কথাবোৰ কৈ থাকে।' এনেয়ে কথাষাৰ শুনিবলৈ একপক্ষীয় যেন লাগিলেও, নিৰ্বাচনৰ ফলাফল প্রকাশ হোৱাৰ পাছত ক'ব পাৰি যে প্রকৃত সত্যটো সেইটোৱেই। বিজেপিৰ যেনেধৰণৰ আণুবীক্ষণিক সাংগঠনিক 'নেটৱৰ্ক' আছে, যেনে ধৰণৰ সমন্বয় আৰু গণসংযোগ আছে, তেনে সাংগঠনিক ব্যৱস্থা আন কোনো দলৰে নাই। তদুপৰি হিতাধিকাৰীমূলক আঁচনিবোৰেৰে উপকৃত কৰা তেওঁলোকৰ সমৰ্থকৰ পৰিমাণ ইমান বিশাল যে বিৰোধী দলসমূহে তাৰ কাষ চাপিব পৰা অৱস্থাতে নাই। তদুপৰি উন্নয়ন আৰু চৰকাৰ পৰিচালনাৰ দক্ষতায়ো বিজেপিক প্রতিপক্ষতকৈ বহুদূৰ আগবঢ়াই ৰাখিছে। বিজেপিয়ে জ্ঞাতসাৰেই হিন্দু-মুছলমানৰ মেৰকৰণৰ ৰাজনীতি কৰি তেওঁলোকৰ পাল্লাৰ ওজন গধুৰ কৰি ৰাখিছে। 

তদুপৰি শ্বহীদ ক্ষেত্ৰ নিৰ্মাণ, বটদ্ৰৱাৰ সাংস্কৃতিক প্রকল্প, হোলোঙাপাৰৰ বীৰ লাচিত ক্ষেত্ৰ আদি নিৰ্মাণৰ জৰিয়তে, ভূমিপট্টা দি, স্বচ্ছ নিযুক্তিৰ ব্যৱস্থা কৰি, বিহু বিনন্দীয়া, ঝুমইৰ বিনন্দিনীৰ দৰে চমকপ্রদ অনুষ্ঠান পাতি খিলঞ্জীয়া মানুহৰ আস্থাও অৰ্জন কৰিবলৈ সক্ষম হৈছে ব্যাপক হাৰত। বেছিভাগ মানুহৰ বিশ্বাস হৈছে যে বিজেপিক বাদ দি আনে চৰকাৰ চলাব নোৱাৰে। এই বাস্তৱ সত্যবোৰৰ ওপৰত ভিত্তি কৰি বিজেপিয়ে নির্বাচন খেলাৰ বিপৰীতে বিৰোধীৰ আধাৰ আছিল কল্পনা। জনসাধাৰণৰ মাজত প্রতিষ্ঠান বিৰোধী চেতনা বিৰাজ কৰা বুলি ধাৰণা কৰি তেওঁলোকে বিজয়ৰ কল্পনা কৰি আছিল। বিজেপি মিত্রজোঁটে অভিলেখ ৰচনা কৰি বিজয়ৰ হেট্রিক গঢ়িবলৈ সক্ষম হোৱাৰ কাৰণ এয়াই।

Share This