ডিজিটেল ডেস্ক : বৰ্তমান সময়খিনিক গ্ৰন্থৰ ঋতু বুলি ক'লেও ভুল কোৱা নহ'ব। ৰাজ্যৰ ভিন্ন প্রান্তত এই সময়খিনিত গ্রন্থমেলা চলি আছে, চলিব নাইবা অন্ত পৰিছে। অসম প্রকাশন পৰিষদ তথা সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সন্থাই যৌথভাবে আয়োজন কৰি অহা অসম গ্রন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। সেইমৰ্মে ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈকে বঙাইগাঁৱত অসম গ্ৰন্থমেলাৰ সামৰণি পৰিল। ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লখিমপুৰতো দহদিনীয়া কাৰ্যসূচীৰে অসম গ্ৰন্থমেলাৰ সামৰণি পৰে। ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ নলবাৰীত গ্ৰন্থমেলাৰ অন্ত পৰে, ১৪ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈকে যোৰহাটত অসম গ্রন্থমেলা চলি আছে। ২৮ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ তিনিচুকীয়া, ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ শিলচৰ আৰু ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ মঙলদৈত অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব। গুৱাহাটীত এইবাৰ হ'বলগীয়া অসম গ্রন্থমেলা পূৰ্বৰ বাৰ দিনৰ ঠাইত ১৪ দিনীয়াকৈ আয়োজন কৰা হ'ব। বিগত বছৰৰ দৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ২৪ ডিচেম্বৰ ২০২৫ৰ পৰা ৬ জানুৱাৰী ২০২৬লৈ অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব। আনহাতে অসমৰ ভিন্ন প্ৰান্তত ৰাইজৰ প্ৰচেষ্টাৰ লগতে ৰাস মহোৎসৱসমূহতো ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। ২০২৫ বর্ষটোক গ্রন্থ বর্ষ উদ্যাপনৰ অংশ হিচাপে অসম কেবিনেটে কেইবাটাও কার্যসূচীত অনুমোদন জনাইছিল। ইয়াৰে ভিতৰত ১,০০০ যুৱ লেখক-লেখিকাক ২৫,০০০ টকাকৈ আর্থিক অনুদান আগবঢ়োৱা, গ্রন্থমেলা আয়োজনৰ বাবে জিলা আৰু সমজিলাসমূহলৈ ক্রমে ৫ লাখ আৰু ২.৫ লাখ টকাৰ বিত্তীয় সাহায্য প্রদান, ৰাজ্যিক কৰ্মচাৰীক গ্রন্থ ক্ৰয়ৰ বাবে এককালীন ১,০০০ টকা অনুদান আগবঢ়োৱা, চৰকাৰী অনুষ্ঠানত গামোচাৰ সৈতে গ্রন্থ প্রদান কৰা আদি সিদ্ধান্ত আছিল। অসমৰ প্ৰায় চাৰি লাখ কৰ্মচাৰীক এহেজাৰ টকাকৈ প্ৰদান কৰাৰ এই সিদ্ধান্তই নিঃসন্দেহে গ্রন্থ বিক্রেতাক লাভান্বিত কৰাৰ লগতে লেখক-পাঠক সমাজো উপকৃত হ'ব।
গ্রন্থমেলাক কেন্দ্ৰ কৰি প্ৰতিবছৰেই নতুন নতুন গ্রন্থ প্রকাশ পায়। লেখক-প্রকাশকৰ বাবে এই সময়খিনি যেন আটাইতকৈ ব্যস্ততাপূর্ণ সময়। একেদৰে পাঠকসকলেও গ্রন্থমেলাৰ এই সময়খিনিলৈ অধীৰ আগ্রহেৰে বাট চাই থাকে। অনলাইনযোগে অৰ্ডাৰ কৰি ঘৰত বহিয়েই কিতাপ হাতত তুলি লোৱাৰ সুযোগ হ'লেও গ্রন্থমেলাত গৈ কিতাপ কিনাৰ যি এক সুকীয়া আমেজ সেয়া যে আন ক'তোৱেই পোৱা নায়ায়। গ্ৰন্থমেলাৰ দিনকেইটাত পাঠকৰ সঁহাৰি দেখিলে আমি অনুভৱ কৰিব নোৱাৰোঁ যে অসমত কাকত-আলোচনীসমূহৰ প্ৰচলন দ্রুতগতিত হ্রাস পাই আহিছে। সাহিত্য-আলোচনীৰ বিক্ৰী হ্রাস পাইছে। বছৰৰ এটা নির্দিষ্ট সময়তহে আমি কিতাপ ক্ৰয় কৰি নিজকে পঢ়ুৱৈ বুলি জাহিৰ কৰাৰ ফল নেকি এয়া? গ্রন্থমেলাত কিতাপ কিনি টেবুলত থৈ দিয়াৰ বাহিৰে এবাৰলৈও আমি সেইখন খুলি চোৱা নাই নেকি বাৰু? এয়াই চাগৈ হৈছে সাম্প্রতিক সময়ত। কিন্তু কিয় হৈছে এনে? আমি এবাৰলৈও ভাবিছোঁনে কথাবোৰ?
জাতি গঠনত গ্ৰন্থৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ কথা আমি কোনেও নুই কৰিব নোৱাৰোঁ। গ্রন্থ অধ্যয়নে কেৱল মানুহৰ মন-মগজুৱেই সুস্থ কৰি নাৰাখে, এটা জাতিক সু-সভ্য, পোহৰমুখী জাতি হিচাপে আগুৱাই যোৱাৰ বাবেও ই পথ দেখুৱায়। সেয়ে গ্ৰন্থৰ গুৰুত্বৰ কথা আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু সাম্প্রতিক সময়ত প্রযুক্তি বিদ্যাৰ অকল্পনীয় সাফল্যই আনি দিয়া পৰিৱৰ্তনে যুৱ প্ৰজন্মৰ একাংশক কিতাপৰ প্ৰতি কম, ম'বাইল ফ'নৰ প্ৰতি বেছি আগ্রহী কৰি তুলিছে। কিতাপৰ পৰিৱৰ্তে হাতত থকা এন্ড্রইড ম'বাইল ফ'নতেই আজিৰ যুৱক-যুৱতীয়ে ছাৰ্চ ইঞ্জিনৰ জৰিয়তে লাগতিয়াল তথ্য যিকোনো মুহূর্ততে বিচাৰি উলিয়াইছে। আজি প্রতিটো পৰিয়ালতে স্মার্ট ফ'নৰ ব্যৱহাৰ ভাবিব নোৱৰাকৈয়ে বৃদ্ধি পাইছে। স্মার্ট ফ'নৰ জৰিয়তে শিক্ষা গ্ৰহণৰ পৰা আদি কৰি প্ৰায় সকলোবোৰ কাম সম্পন্ন হোৱাৰ ফলত ই যেন এতিয়া এক এৰাব নোৱৰা অংগত পৰিণত হৈছে। স্কুল-কলেজ বন্ধ থকাৰ সময়ছোৱাত ঘৰৰ ভিতৰত আবদ্ধ থাকি ছ'চিয়েল নেটৱর্কিং ছাইট ফে'চবুক, হোৱাটছএপত নিজকে দিনটোৰ অধিকাংশ সময় ব্যস্ত ৰাখিছে। সেয়ে নিঃসন্দেহে আজিৰ একাংশ যুৱক-যুৱতীৰ মাজত কিতাপ পঢ়াৰ অভ্যাস হ্রাস পাইছে। অৱশ্যে এটা কথা প্রযুক্তিবিদ্যাৰ চৰম অগ্রগতিয়ে আনি দিয়া এনে পৰিৱৰ্তনে আমাক এখন অন্য পৃথিৱীলৈও লৈ গৈছে। ম'বাইল, ইণ্টাৰনেটৰ আসক্তিয়ে আমাক ক্রমশঃ এক যন্ত্ৰত পৰিণত কৰিছে। মানসিক অস্থিৰতাৰ চিকাৰ হৈছে মানব সমাজ। মানুহ নিঃসংগ হ'ব ধৰিছে। মানসিক চাপ আৰু হতাশাই জুৰুলা কৰিছে। এনে পৰিপ্ৰেক্ষিতত মানুহে লাহে লাহে অস্থিৰ মনক মানসিক খোৰাক যোগাবলৈ পুনৰ যেন এখন গ্রন্থ হাতত তুলি ল'ব লগা দিন আহি আমাৰ ওচৰ চাপিছে। পুনৰ যেন আমি ক'ম গ্ৰন্থৰ সমান ভাল বন্ধু আন কোনো হ'ব নোৱাৰে। অতি শেহতীয়াভাৱে ৰাজ্যখনত কেইবাখনো আলোচনীৰ বিক্ৰীৰ ঊর্ধ্বগামী গ্রাফডালে তাৰেই যেন সংকেত দিছে। এনে এক সময়ত মুখ্যমন্ত্ৰীৰ গ্ৰন্থ বর্ষ উদ্যাপনৰ সিদ্ধান্ত অৱশ্যেই প্রশংসনীয়। মুখ্যমন্ত্ৰীয়ে ৰাইজক বিবাহ, উৎসৱ, জন্মদিন আদিত কিতাপ উপহাৰ হিচাপে দিবলৈ আহ্বান জনাই গ্রন্থবর্ষ সফল কৰিবলৈও আহ্বান জনাইছে। ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে যদিহে অসমৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰী, প্ৰতিটো চৰকাৰী কাৰ্যালয়ক এখনকৈ বাতৰিকাকত ক্ৰয়ৰ আহ্বান জনায় তেন্তে সেয়া কেৱল অসমৰ ভাষা-সাহিত্যৰ উত্তৰণৰ বাবেই এক সঠিক কাম নহ'ব, ই অসমৰ ছপা মাধ্যমটোৰ ভৱিষ্যতো শক্তিশালী কৰিব।