বি টি চিৰ নিৰ্বাচন

dainik janambhumi August 28, 2025

 

ডিজিটেল ডেস্কঃ বড়োলেণ্ড টেৰিটৰিয়েল এলেকাত অহা ২২ ছেপ্টেম্বৰত ৪০টা পৰিষদীয় সমষ্টিত ভোটদান কৰিবলৈ গৈ বড়ো জনসাধাৰণ যেনেকৈ এক অন্তর্দ্বন্দ্বৰ সন্মুখীন হ'ব লগা হ'ব তেনেকৈ বি টি চিৰ ক্ষমতা দখলৰ লক্ষ্যৰে যুঁজত নমা প্রধান ৰাজনৈতিক দলকেইটাৰ বাবে এই নির্বাচনটো হ'ব এক নতুন সম্পৰীক্ষা। 


১৯৯০-ৰ দশকৰ শেষৰ ফালে নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ নেতৃত্বত 'ডিভাইড আছাম ফিফটি ফিফটি' শ্ল'গানেৰে আৰম্ভ হোৱা বড়ো ৰাজ্যৰ দাবীৰ আন্দোলন আৰু তৎপৰৱৰ্তী সময়ত হোৱা বড়ো জনগোষ্ঠীৰ একাংশ যুৱক-যুৱতীৰ সশস্ত্র সংগ্রামে বড়ো জাতীয়তাবাদৰ যিটো ধাৰাৰ সূচনা কৰিলে তাৰ ভেটিতেই বড়ো ৰাজনীতিৰ বৰ্তমানৰ ধ্যান-ধাৰণা কেন্দ্রীভূত হৈ আছে। সেই ৰাজনীতিয়ে বড়ো শক্তিবিলাকৰ স্ব-শাসনৰ চেতনাত পৰিপুষ্টি যোগাই আহিছে।

যোৱা দুটা দশকত বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ নির্বাচনসমূহত সেয়েহে বড়ো বসতি প্রধান অঞ্চলবিলাকে বড়ো জাতীয়তাবাদক প্রতিনিধিত্ব কৰা দলৰ প্ৰাৰ্থীৰ বাদে আনক নির্বাচিত কৰা নাই। এই প্রতিনিধিসকল হয় বি পি এফৰ, নহয় ইউ পি পি এলৰ। বড়ো জনগোষ্ঠীয়ে নিৰ্ণয় কৰিব নোৱৰা পৰিষদীয় সমষ্টিকেইটামানতহে অবড়ো দলৰ প্রার্থী জয়ী হোৱা সম্ভৱ হৈছে। এনে এটা ধাৰাৰে যোৱা দুটা দশকৰ ৰাজনীতি পৰিচালিত হৈ অহাৰ পাছত এইবাৰ বি টি চিৰ নিৰ্বাচনত যি দৃশ্যপট দেখা পোৱা গৈছে সেয়া অভিনৱ বুলিয়েই ক'ব লাগিব। কাৰণ এইবাৰ তাত শক্তিশালী ৰূপত নির্বাচনী যুঁজত নামি পৰিছে দেশ তথা ৰাজ্যৰ শাসনৰ বাঘজৰী ধৰি থকা বিজেপি দলে। 

ইয়াৰ আগলৈকে পৰিষদীয় নির্বাচনত ইমান আগ্রাসী ৰূপত কোনো অবড়ো ৰাজনৈতিক দলে উত্থানৰ চেষ্টা কৰাৰ ইতিহাস নাই। বিজেপিয়ে নির্দিষ্ট লক্ষ্য আৰু পৰিকল্পনাৰেই যে বি টি চিৰ পৰিষদীয় নির্বাচনত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে সেই কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তথা দলটোৰ অন্য নেতাসকলৰ ভূমিকা আৰু কথা-বতৰাত পৰিস্ফুট হৈ উঠিছে। প্রথমতে শাসকীয় দলটোৱে মুঠ পৰিষদীয় সমষ্টিৰ ৪০টাৰ অৰ্ধেকতহে প্রতিদ্বন্দ্বিতাৰ ইচ্ছা ব্যক্ত কৰিছিল যদিও সময় আগবঢ়াৰ লগে লগে আৰু বি টি চি এলেকাত দলটোৰ নেতাসকলৰ সক্রিয়তা বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে ৩৮টামান সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব পাৰে বুলি বিভিন্ন সূত্রে প্রকাশ পাইছে। অৱশ্যে, প্ৰাৰ্থীৰ তালিকা প্রকাশ পালেহে ছবিখন পৰিষ্কাৰ হৈ উঠিব। কিন্তু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যি হাৰত এইকেইটা দিন বি টি চিত নির্বাচনী প্রচাৰ চলাইছে আৰু যেনেধৰণৰ আগ্রাসী ভাষণ দিছে তাৰ পৰা এইটো ধাৰণা কৰা কঠিন নহয় যে এইবাৰ বিজেপিয়ে বি টি চিৰ পানী ঘোলা কৰিহে এৰিব! 

এনে পৰিৱেশৰ পৰিপ্ৰেক্ষিতত কিছুদিন আগলৈকে বিজেপি এইবাৰ বি টি চিৰ কিংমেকাৰ হ'ব বুলি জল্পনা-কল্পনা চলিছিল যদিও এতিয়াৰ আৱহাৱা দেখি তেওঁলোকে 'কিং' হ'বলৈ আগবঢ়া যেনহে ধাৰণা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বি টি চিৰ দুটা মূল প্রতিদ্বন্দ্বী দল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ আৰু প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দুয়ো পক্ষৰে লগত নির্বাচনোত্তৰ মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিছে বিজেপিয়ে। 

অর্থাৎ বি পি এফ আৰু ইউ পি পি এল পৰস্পৰৰ দুৰ্ঘোৰ প্রতিদ্বন্দ্বী হ'লেও বিজেপি কিন্তু কাৰো শত্রু নহয়। বড়ো জাতীয়তাবাদক প্রতিনিধিত্ব কৰা হাগ্রামা মহিলাৰী আৰু প্রমোদ বড়োৰ নেতৃত্বাধীন দল দুটাৰ সমানে সমানে বিজেপিয়েও নিজৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ মৰো জীউ সো-আধিকৈ লগাৰ ফলত এতিয়া বি টি চিৰ যুঁজখন আচলতে কাৰ কাৰ মাজত হ'ব সেইটোক লৈ ক্ৰমান্বয়ে মানুহৰ কৌতূহল বাঢ়ি যাবলৈ ধৰিছে। বি টি চিবাসীৰ বাবে এইটো এটা অভিনৱ পৰিৱেশ। 

বি পি এফ আৰু ইউ পি পি এল দল দুটা আৰু ইয়াৰ নেতাসকলৰ বি টি চিবাসীৰ মাজত নিজস্ব প্রভাৱ আছে, এক ভাবমূর্তিও গঢ় লৈ উঠিছে। কিন্তু বিজেপিকো বি টি চিবাসীয়ে অস্বীকাৰ কৰিব নোৱাৰে এইবাবেই যে বড়োসকলৰ বৰ্তমানৰ যি ৰাজনৈতিক অধিকাৰ তাক প্ৰতিষ্ঠা কৰাৰ আঁৰত বিজেপি চৰকাৰৰ এক শক্তিশালী ভূমিকা আছে। গতিকে, নিৰ্বাচনৰ ভোট দিয়াৰ সময়ত এই সকলোবোৰ দিশ নিশ্চয় বি টি চিবাসীৰ মনলৈ আহিব। অস্বীকাৰ কৰিব নোৱাৰি যে আজি ইউ পি পি এল বি টি চিৰ ক্ষমতাত থাকিব বা ৰাজ্য চৰকাৰৰ ক্ষমতাৰ অংশীদাৰ হ'ব পাৰিছে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাৰ বাবে। 

সেই শক্তিশালী মিত্ৰ দলৰ হাত এইবাৰ বি টি চিৰ নিৰ্বাচনত তেওঁলোকৰ মূৰৰ ওপৰত নাই। গতিকে, এইবাৰ ইউ পি পি এলে নিজস্ব শক্তিৰে বি টি চিৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হ'ব নে নাই সেইটো এটা ডাঙৰ প্রশ্ন। ক্ষমতাৰ পৰা আঁতৰি থাকিলেও, বহু সতীর্থই লগ এৰিলেও হাগ্রামা মহিলাৰীৰ প্ৰাসংগিকতা বি টি চিত এতিয়াও নোহোৱা হৈ যোৱা নাই। কিন্তু বি টি চিত যদি যুঁজখন ত্রিকোণীয়া হয় তেন্তে হাগ্ৰামাই নিজা শক্তিৰে যিমান দূৰলৈকে বি পি এফক আবঢ়াই নিব পাৰিব, সেই প্রশ্নৰ উত্তৰ পাবলৈও কেৱল বি টি চিৰে নহয়, ৰাজ্যৰ জনতাও উদগ্রীৱ হৈ আছে। এনে পৰিস্থিতিত বি পি এফ আৰু ইউ পি পি এলক একত্ৰিত কৰিবলৈ এবছু আৰু একাংশ বিশিষ্ট লোকে আগ্রহ প্রকাশ কৰিছিল যদিও সেইটো বাস্তৱ নহ'ল। 

সেয়েহে, এইবাৰ বি টি চিত এটা অগতানুগতিক নির্বাচন দেখিব ৰাইজে। ফলাফল সময়ে ক'ব।

Share This